Psalm 98 in Assamese

1 তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে।

2 যিহোৱাই তেওঁৰ পৰিত্রাণৰ কথা জনালে; তেওঁ জাতিসমূহৰ দৃষ্টিগোচৰত নিজৰ ধাৰ্ম্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে।

3 ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোৱঁৰণ কৰিলে; পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।

4 হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা; উচ্চধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা।

5 বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা, বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা।

6 তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দধ্বনি কৰা।

7 সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক; জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক।

8 নদীবোৰে হাত-তালি দিয়ক; পর্বতবোৰে একেলগে আনন্দ গান কৰক,

9 যিহোৱাৰ সন্মুখতে তেনে কৰক; কিয়নো তেওঁ আহি আছে; পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। তেওঁ ধাৰ্ম্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ ন্যায়েৰে জাতিসমূহৰ বিচাৰ কৰিব।