Psalm 97 in Assamese

1 যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক; দ্বীপসমূহেও আনন্দ কৰক।

2 তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্ম্মিকতা আৰু ন্যায়বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল।

3 অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে; চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।

4 তেওঁৰ বিজুলীৰ চমকে জগতখন আলোময় হ’ল; তাকে দেখি পৃথিৱী কম্পমান হ’ল।

5 পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত, সমুদায় পৃথিৱীৰ সন্মুখত।

6 আকাশমণ্ডলে তেওঁৰ ধাৰ্ম্মিকতা প্রচাৰ কৰিছে, সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে।

7 লজ্জিত হওঁক সেইসকল, যিসকলে মূর্তি পূজা কৰে; যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।

8 হে যিহোৱা, তোমাৰ ন্যায়বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে, যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে।

9 হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰিজনা; সকলো দেৱতাৰ পৰা অতি ওপৰত তোমাৰ স্থান।

10 যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে; তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।

11 ধাৰ্ম্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়; সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়।

12 হে ধাৰ্ম্মিক লোকসকল, যিহোৱাত আনন্দ কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।