Psalm 63 in Assamese

1 হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ঞাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।

2 এই দৰে, মই তোমাৰ আশ্রয়স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰস্থানত তোমাক চাইছিলো।

3 কিয়নো তোমাৰ অঙ্গীকাৰ আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।

4 এইদৰে, মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম।

5 লোকসকলে, যেতিয়া মগজু আৰু তেলীয়া মাংসত সন্তোষ্ট হয়, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।

6 যেতিয়া মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো; নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।

7 কিয়নো তুমি মোৰ সহায়কর্তা; তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম।

8 মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।

9 যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে, তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব।

10 তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হব; আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হব।

11 কিন্তু ৰজা জনে ঈশ্বৰত আনন্দ কৰিব; তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব, কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হব।