Psalm 62 in Assamese

1 মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে; তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়।

2 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।

3 এজন মানুহক, তোমালোকে কিমান দিনলৈকে আক্ৰমণ কৰি থাকিবা? হলি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনাকৈ; তোমালোক সকলোৱে উলোটাই তাকেই নষ্ট কৰিবা নে?

4 তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে; তেওঁলোকে মিছা কথাত সন্তোষ পায়; মুখেৰে আশীৰ্বাদ কৰে, কিন্তু অন্তৰৰে তেওঁলোকে শাও দিয়ে।চেলা

5 হে মোৰ অন্তৰ নিৰন্তৰে, কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা; কিয়নো তেওঁৱেই মোৰ আশা ৰোপণ কৰে।

6 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম।

7 ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ; মোৰ শক্তি মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।

8 হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা; তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা; তোমালোকৰ মনৰসকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা; কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয়স্থল। চেলা

9 অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা; তেওঁলোক তৰ্জুত দাং খাব; ভাপতকৈয়ো তেওঁলোক একেবাৰে পাতল।

10 তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনাকৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হবলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।

11 ঈশ্বৰে এবাৰ কলে; মই ইয়াক দুবাৰ শুনিলোঁ, যে পৰাক্ৰম ঈশ্বৰৰহে।

12 হে প্ৰভু, অঙ্গীকাৰ আৰু বিশ্বস্ততা তোমাৰ অধিন; কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্ম্মৰ দৰে প্ৰতিফল দিছা।