1 John 5:16 in Assamese 16 কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে তেনেহলে তেওঁ প্ৰার্থনা কৰক আৰু ইয়াৰ যোগেদি তেওঁ মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই; তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ।
Other Translations King James Version (KJV) If any man see his brother sin a sin which is not unto death, he shall ask, and he shall give him life for them that sin not unto death. There is a sin unto death: I do not say that he shall pray for it.
American Standard Version (ASV) If any man see his brother sinning a sin not unto death, he shall ask, and `God' will give him life for them that sin not unto death. There is a sin unto death: not concerning this do I say that he should make request.
Bible in Basic English (BBE) If a man sees his brother doing a sin which is not bad enough for death, let him make a prayer to God, and God will give life to him whose sin was not bad enough for death. There is a sin whose punishment is death: I do not say that he may make such a request then.
Darby English Bible (DBY) If any one see his brother sinning a sin not unto death, he shall ask, and he shall give him life, for those that do not sin unto death. There is a sin to death: I do not say of that that he should make a request.
World English Bible (WEB) If anyone sees his brother sinning a sin not leading to death, he shall ask, and God will give him life for those who sin not leading to death. There is a sin leading to death. I don't say that he should make a request concerning this.
Young's Literal Translation (YLT) If any one may see his brother sinning a sin not unto death, he shall ask, and He shall give to him life to those sinning not unto death; there is sin to death, not concerning it do I speak that he may beseech;
Cross Reference Genesis 20:7 in Assamese 7 গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া উভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।
Genesis 20:17 in Assamese 17 তাৰ পাছত অব্ৰাহামে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে। তেতিয়া অবীমেলক, তেওঁৰ ভাৰ্যা, আৰু তেওঁৰ আন আন দাসীসকলে যাতে সন্তান লাভ কৰিবলৈ সক্ষম হ’ব পাৰে, ঈশ্বৰে তেওঁলোকক সুস্থ কৰিলে।
Exodus 32:10 in Assamese 10 সেয়ে এতিয়া মোক বাধা দিবলৈ চেষ্টা নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে, সেয়ে মই তেওঁলোকক সংহাৰ কৰিম। তাৰ পাছতহে মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম।”
Exodus 32:31 in Assamese 31 মোচিয়ে যিহোৱাৰ ওচৰলৈ উভটি গৈ ক’লে, “হায় হায়, এই লোকসকলে মহা পাপ কৰিলে; আৰু নিজৰ বাবে এটা সোণৰ দেৱতা নিৰ্মাণ কৰিলে।
Exodus 34:9 in Assamese 9 তাৰ পাছত মোচিয়ে কলে, “হে প্ৰভু, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেনেহ’লে বিনয় কৰিছোঁ আমাৰ লগত যাওঁক। কিয়নো এইলোক ঠৰডিঙীয়া লোক; আৰু আমাৰ অপৰাধ আৰু পাপ ক্ষমা কৰি, আমাক নিজৰ অধিকাৰৰ অৰ্থে গ্ৰহণ কৰক।”
Numbers 12:13 in Assamese 13 তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “হে ঈশ্বৰ, বিনয় কৰিছোঁ, এওঁক সুস্থ কৰক।”
Numbers 14:11 in Assamese 11 পাছত যিহোৱাই মোচিক ক’লে, “এই লোকসকলে কিমান দিন মোক হেয়জ্ঞান কৰিব? আৰু তেওঁলোকৰ মাজত মই দেখুউৱা আটাইবোৰ চিন দেখিওঁ, তেওঁলোকে কিমান কাল মোত অবিশ্বাস কৰি থাকিব?
Numbers 15:30 in Assamese 30 কিন্তু স্বদেশীয় কি বিদেশীয় যি লোকে কৰোঁ বুলি পাপ কৰিব, তেওঁ যিহোৱাক অপমান কৰা হ’ব; সেই লোকক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
Numbers 16:26 in Assamese 26 তেওঁ সমাজক ক’লে, “বিনয় কৰোঁ, তোমালোকে এই দুষ্ট লোকসকলৰ তম্বুৰ ওচৰৰ পৰা আঁতৰি যোৱা, আৰু এওঁলোকৰ একো বস্তু নুচুবা; নহ’লে এওঁলোকৰ পাপ সমূহত বিনষ্ট হ’বা।”
Deuteronomy 9:18 in Assamese 18 যিহোৱাৰ দৃষ্টিত যি বেয়া, এনে সকলো পাপ কৰি আপোনালোকে তেওঁৰ ক্রোধ জগাই তুলিছিল বাবে মই পুনৰ যিহোৱাৰ সন্মুখত পূর্বৰদৰে চল্লিশ দিন চল্লিশ ৰাতি উবুৰি হৈ পৰিছিলো; আহাৰ-পানী একো নোখোৱাকৈ আছিলো।
1 Samuel 2:25 in Assamese 25 কোনো এজন মানুহে যদি মানুহৰ অহিতে দোষ কৰে, তেন্তে ঈশ্বৰে তাৰ বিচাৰ কৰিব; কিন্তু কোনোৱে যদি যিহোৱাৰ বিৰুদ্ধে পাপ কৰে, তেন্তে তেওঁৰ পক্ষে কোনে অনুৰোধ কৰিব?” তথাপি তেওঁলোকে নিজ পিতৃৰ কথালৈ মন নিদিলে; কিয়নো যিহোৱাই সিহঁতক মৃত্যুদণ্ড দিবলৈ ইচ্ছা কৰিলে।
2 Chronicles 30:18 in Assamese 18 কিয়নো ইফ্ৰয়িম, মনচি, ইচাখৰ আৰু জবুলূনৰ পৰা অহা এই বৃহৎ সমাৱেশৰ মাজত অনেক লোকে নিজকে শুচি নকৰাকৈয়ে, লিখিত নিৰ্দেশৰ বিপৰীতে নিস্তাৰ-পৰ্ব্বৰ ভোজ খাইছিল। কাৰণ হিষ্কিয়াই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি কৈছিল, “মঙ্গলময় যিহোৱাই সকলোকে ক্ষমা কৰক
Job 42:7 in Assamese 7 যিহোৱাই ইয়োবক কথা কোৱাৰ পাছত, তেওঁ তৈমনীয়া ইলীফজক ক’লে, “তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ মোৰ দাস ইয়োবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।
Psalm 106:23 in Assamese 23 সেয়েহে তেওঁ ক’লে, তেওঁলোকক ধ্বংস কৰিব লাগিব। কিন্তু তেওঁৰ মনোনীত ব্যক্তি মোচি ভাঙোনৰ মধ্যস্থ হ‘ল, আৰু তেওঁলোকক ধ্বংস কৰা ক্রোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰবাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ’ল।
Jeremiah 7:16 in Assamese 16 এই হেতুকে, তুমি এই জাতিৰ কাৰণে প্ৰাৰ্থনা নকৰিবা, বা তেওঁলোকৰ কাৰণে নিবেদন কি, প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা, বা অনুৰোধ নকৰিবা; কিয়নো মই তোমাৰ কথা নুশুনিম।
Jeremiah 11:14 in Assamese 14 এই হেতুকে যিৰিমিয়া, তুমি নিজে এই জাতিৰ বাবে প্ৰাৰ্থনা নকৰিবা। তেওঁলোকৰ বাবে নিবেদন কি প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা। কিয়নো তেওঁলোকে নিজৰ আপদৰ কাৰণে মোৰ আগত কাতৰোক্তি কৰা সময়তো মই নুশুনিম।
Jeremiah 14:11 in Assamese 11 যিহোৱাই মোক আৰু ক’লে, তুমি এই জাতিৰ মঙ্গলৰ অৰ্থে প্ৰাৰ্থনা নকৰিবা।
Jeremiah 15:1 in Assamese 1 তেতিয়া যিহোৱাই মোক ক’লে, “যদিও মোচি আৰু চমূৱেল মোৰ আগত থিয় হয়, তথাপি মোৰ মন এই জাতিলৈ সদয় নহ’ব; তুমি মোৰ আগৰ পৰা তেওঁলোকক বিদায় কৰা, তেওঁলোক ওলাই গুচি যাওঁক।
Jeremiah 18:18 in Assamese 18 তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
Ezekiel 22:30 in Assamese 30 আৰু মই দেশ নষ্ট নকৰিবৰ কাৰণে, চাৰিওফালে গড় নিৰ্ম্মান কৰিব পৰা আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ’ব পৰা এনে এজন মানুহ তেওঁলোকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ।
Amos 7:1 in Assamese 1 প্ৰভু যিহোৱাই মোক এই দর্শন দেখুৱালে: “চোৱা, যেতিয়া দ্বিতীয়বাৰ শস্য বাঢ়িবলৈ আৰম্ভ কৰিলে, সেই সময়ত তেওঁ কাকতি ফৰিংবোৰ সৃষ্টি কৰিছিল। ৰজাই প্রথম শস্য দোৱাৰ পাছত এইটো আছিল দ্বিতীয় শস্যৰ খেতি।
Matthew 12:31 in Assamese 31 এই হেতুকে মই আপোনালোকক কওঁ, মানুহৰ সকলো পাপ আৰু ঈশ্বৰক কৰা নিন্দা ক্ষমা হ’ব, কিন্তু পবিত্ৰ আত্মাৰ বিৰুদ্ধে কোৱা কোনো নিন্দাজনক কথা ক্ষমা কৰা নহ’ব।
Mark 3:28 in Assamese 28 মই আপোনালোকক স্বৰূপকৈ কওঁ, মনুষ্য-সন্তান সকলৰ সকলো বিধৰ পাপ, আৰু ঈশ্বৰক নিন্দা কৰা যি নিন্দা, এইবোৰ সকলোৰে ক্ষমা হয়;
Luke 12:10 in Assamese 10 যি কোনোৱে মানুহৰ পুত্ৰৰ অহিতে কথা কয়, তেওঁক ক্ষমা কৰা হ’ব। কিন্তু পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰা জনক ক্ষমা কৰা নহব।
John 17:9 in Assamese 9 মই তেওঁলোকৰ কাৰণে প্ৰার্থনা কৰিছোঁ। মই গোটেই জগতৰ কাৰণে প্ৰার্থনা কৰা নাই, কিন্তু যি সকলক মোক দিলা, তেওঁলোকৰ কাৰণেহে কৰিছোঁ; কিয়নো তেওঁলোক তোমাৰ৷
2 Timothy 4:14 in Assamese 14 আলেকজেন্দাৰ কঁহাৰে মোৰ অপকাৰ কৰিলে; তেওঁৰ কর্ম অনুসাৰে প্ৰভুৱে তেওঁক প্ৰতিফল দিব।
Hebrews 6:4 in Assamese 4 কিয়নো যি সকলে এবাৰ পোহৰ প্রাপ্ত হৈছে, তেওঁলোকেই স্বৰ্গীয় দানৰ আস্বাদ পালে আৰু পবিত্ৰ আত্মাৰ সহভাগী হ’ল৷
Hebrews 10:26 in Assamese 26 যদি সত্যৰ তত্ত্ব-জ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ-আচৰণ কৰোঁ, তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে;
James 5:14 in Assamese 14 কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক;
2 Peter 2:20 in Assamese 20 কিয়নো প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টক গভীৰভাৱে জনাৰ ফলত জগতৰ অশুচিতাৰ পৰা হাত সাৰি অহাৰ পাছতো যদি, সেই একেই পাপৰ জীৱনলৈ পুনৰাই ঘূৰি যায়, তেনেহলে তেওঁলোকৰ প্রথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হ’ব।