1 John 5 in Assamese

1 যীচু যে সেই অভিষিক্ত(খ্ৰীষ্ট) জন হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা; আৰু যি জনে জন্ম দিওঁতাক প্ৰেম কৰে, তেওঁ তেওঁৰ পৰা জন্ম পোৱা জনকো প্ৰেম কৰে।

2 আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ, তেতিয়া ঈশ্বৰৰ সন্তান সকলকো যে প্ৰেম কৰোঁ, ইয়াকে জানো।

3 কিয়নো আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ব’বলৈ গধুৰ নহয়৷

4 যি সকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে। আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস।

5 যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোঁতা কোন?

6 জল আৰু তেজেদি অহা জন তেৱেঁই; তেওঁ হ’ল যীচু খ্ৰীষ্ট; তেওঁ কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ, এই উভয়েৰে আহিল; ই সত্য।

7 কিয়নো সাক্ষ্য দিওঁতা তিনিটা;

8 আত্মা, জল, আৰু তেজ, এই তিনিওৰো সাক্ষ্য এক।

9 আমি যদি মানুহবোৰৰ সাক্ষ্য গ্ৰহন কৰোঁ, তেনেহলে ঈশ্বৰৰ সাক্ষ্য তাতকৈয়ো শ্ৰেষ্ঠ; কিয়নো এয়ে ঈশ্বৰৰ সাক্ষ্য যে, তেওঁ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে।

10 যি জনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত থাকে; যি জনে ঈশ্বৰত বিশ্বাস নকৰে, ঈশ্ৱৰে তেওঁক মিছলীয়া পাতিলে; কিয়নো নিজৰ পুত্ৰৰ বিষয়ে ঈশ্ৱৰে যি সাক্ষ্য দিলে, তেওঁ সেই কথাত বিশ্বাস কৰা নাই।

11 সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে।

12 যি জনে পুত্ৰক পালে, তেওঁৰ জীৱন আছে; যি জনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই, তেওঁৰ জীৱন নাই।

13 ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ যে অনন্ত জীৱন আছে, সেই বিষয়ে আপোনালোকে জানিবৰ বাবে এইবোৰ কথা মই আপোনালোকলৈ লিখিলোঁ।

14 এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে;

15 আৰু আমি যদি সঁচাকৈ জানো যে, আমাৰ যাচনাৰ বিষয় তেওঁ শুনে; তেনেহলে আমি জানিব লাগে যে, আমি তেওঁৰ ওচৰত যি যি বিচাৰিছোঁ, সেই সকলো পালোঁ৷

16 কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে তেনেহলে তেওঁ প্ৰার্থনা কৰক আৰু ইয়াৰ যোগেদি তেওঁ মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই; তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ।

17 সকলো অধৰ্মই পাপ; কিন্তু মৃত্যুজনক নোহোৱা পাপো আছে।

18 আমি জানো যে, ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে; কিন্তু যি জনে ঈশ্ৱৰৰ পৰা জন্ম পালে, ঈশ্ৱৰে তেওঁক পাপ আত্মাৰ পৰা ধৰি ৰাখে; আৰু পাপ-আত্মাই তেওঁক স্পৰ্শ কৰিব নোৱাৰে।

19 আমি জানো যে, আমি ঈশ্বৰৰ হওঁ আৰু গোটেই জগত মিছাকৈয়ে পাপ আত্মাৰ অধীনত আছে৷

20 আমি ইয়াকো জানো যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানো কোন সত্য আৰু এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।

21 তেৱেঁই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। হে প্ৰিয় সন্তান সকল, মূৰ্তিবোৰৰ পৰা নিজক দূৰৈত ৰাখক৷