Zephaniah 3:17 in Assamese 17 তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে; সেই পৰাক্রমীজনে তোমাক ৰক্ষা কৰিব; তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব; তেওঁ তেওঁৰ গভীৰ প্রেমেৰে সৈতে তোমাৰ বিষয়ে নীৰব হ’ব। তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব।
Other Translations King James Version (KJV) The LORD thy God in the midst of thee is mighty; he will save, he will rejoice over thee with joy; he will rest in his love, he will joy over thee with singing.
American Standard Version (ASV) Jehovah thy God is in the midst of thee, a mighty one who will save; he will rejoice over thee with joy; he will rest in his love; he will joy over thee with singing.
Bible in Basic English (BBE) The Lord your God is among you, as a strong saviour: he will be glad over you with joy, he will make his love new again, he will make a song of joy over you as in the time of a holy feast.
Darby English Bible (DBY) Jehovah thy God is in thy midst, a mighty one that will save: he will rejoice over thee with joy; he will rest in his love; he will exult over thee with singing.
World English Bible (WEB) Yahweh, your God, is in the midst of you, a mighty one who will save. He will rejoice over you with joy. He will rest in his love. He will rejoice over you with singing.
Young's Literal Translation (YLT) Jehovah thy God `is' in thy midst, A mighty one doth save, He rejoiceth over thee with joy, He doth work in His love, He joyeth over thee with singing.'
Cross Reference Genesis 1:31 in Assamese 31 পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধুলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল।
Genesis 2:2 in Assamese 2 ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনত সোমল আৰু সেইদিনা সকলো কাৰ্য্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে।
Genesis 17:1 in Assamese 1 অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
Genesis 18:14 in Assamese 14 যিহোৱাৰ ওচৰত দুঃসাধ্য বুলি জানো কিবা আছে? বসন্তকালত, মই নিৰূপণ কৰা সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম। অহা বছৰ প্রায় এই সময়তে চাৰাৰ এটি পুত্ৰ হ’ব।”
Numbers 14:8 in Assamese 8 যিহোৱাই যদি আমাত সন্তোষ পায়, তেন্তে তেওঁ আমাক সেই দেশলৈ নিব, গাখীৰ আৰু মৌজোল বোৱা সেই দেশ আমাক দিব।
Deuteronomy 30:9 in Assamese 9 আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতে কৰা সকলো কার্যতে প্রচুৰ আশীর্বাদ কৰিব। আপোনালোকৰ গর্ভফল, পশুধনৰ গর্ভফল আৰু ভূমিৰ শস্য বৃদ্ধি কৰি আপোনালোকক ঐশ্বর্যশালী কৰিব। কিয়নো আপোনালোকৰ পূর্বপুৰুষসকলক লৈ যিহোৱাই যি আনন্দ কৰিছিল, আপোনালোকৰ ঐশ্বর্যৰ বাবে তেওঁ পুনৰ আপোনালোকক লৈ আনন্দ কৰিব।
Psalm 24:8 in Assamese 8 সেই প্ৰতাপী ৰজা কোন? তেওঁ যিহোৱা, যিজন পৰাক্ৰমী আৰু মহান, তেওঁ যিহোৱা, যিজন যুদ্ধত মহান।
Psalm 147:11 in Assamese 11 কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।
Psalm 149:4 in Assamese 4 কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।
Isaiah 9:6 in Assamese 6 কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
Isaiah 12:2 in Assamese 2 চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”
Isaiah 12:6 in Assamese 6 হে চিয়োন-নিবাসীসকল তোমালোক উচ্চ স্বৰেৰে আনন্দ-ধ্বনি কৰা; কিয়নো ইস্ৰায়েলৰ পবিত্ৰ জনা তোমালোকৰ মাজত মহান।”
Isaiah 18:4 in Assamese 4 যিহোৱাই মোক কোৱা কথা এই, “নিৰ্মল আকাশৰ ৰ’দৰ দৰে, আৰু শস্য চপোৱা কালৰ গৰম নিয়ৰযুক্ত মেঘৰ দৰে, মই মোৰ গৃহৰ পৰা নিজমে নিৰীক্ষণ কৰিম।”
Isaiah 62:4 in Assamese 4 তোমালোকক আৰু “পৰিত্যক্ত” বোলা নহ’ব, নাইবা তোমালোকৰ দেশক “উচ্ছন্ন দেশ” বুলি আৰু মতা নহ’ব; তাৰপৰিৱৰ্তে “তেওঁত মই আনন্দিত” বুলি মতা হ’ব; আৰু তোমাৰ দেশ “বিবাহিতা” বুলি প্ৰখ্যাত হ’ব; কিয়নো যিহোৱা তোমালোকত সন্তোষ্ট হৈছে, আৰু তোমালোকৰ দেশ বিবাহিত হ’ব।
Isaiah 63:1 in Assamese 1 ইদোমৰ পৰা, বজ্রাৰ ৰঙা বস্ত্রেৰে সৌজন কোন আহিছে? ৰাজকীয় বস্ত্রেৰে, নিজৰ শক্তিৰ বাহুল্যত দৃঢ়তাৰে খোজ কাঢ়ি অহা জন কোন? “ধাৰ্ম্মিকতাৰে কথা কোৱা জন, আৰু পৰাক্রমেৰে পৰিত্ৰাণ কৰিবলৈ সমৰ্থ থকা জন মই।”
Isaiah 63:12 in Assamese 12 মোচিৰ সোঁহাতত নিজৰ প্ৰৰাক্রমী শক্তি দিয়া ঈশ্বৰ ক’ত? নিজৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে তেওঁলোকৰ আগত জলসমূহ দুভাগ কৰা ঈশ্বৰ ক’ত?
Isaiah 65:19 in Assamese 19 মই যিৰূচালেমত উল্লাস, আৰু মোৰ লোকসকলত আনন্দ কৰিম, তাত ক্ৰন্দনৰ শব্দ কি কাতৰোক্তিৰ শব্দ আৰু শুনা নাযাব।
Jeremiah 32:41 in Assamese 41 তেতিয়া মই তেওঁলোকৰ মঙ্গল কৰিবলৈ মই তেওঁলোকত আনন্দ কৰিম, আৰু নিশ্চয়ে সমস্ত মনেৰে আৰু সমস্ত প্ৰাণেৰে মই তেওঁলোকক এই দেশত ৰোম।”
Zephaniah 3:5 in Assamese 5 তাইৰ মাজত থকা যিহোৱা ধাৰ্ম্মিক; তেওঁ কোনো অন্যায় নকৰে; প্ৰতি-ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায়বিচাৰ কৰে। তেওঁৰ ন্যায়বিচাৰ পোহৰৰ পৰা লুকাই নাথাকিব, তথাপিও অপৰাধীৰ লজ্জাবোধ নাই।
Zephaniah 3:15 in Assamese 15 যিহোৱাই তোমাৰ দণ্ডবোৰ দূৰ কৰিলে; তোমাৰ শত্ৰুবোৰক খেদি দিলে; ইস্ৰায়েলৰ ৰজা যিহোৱা তোমাৰ মাজত আছে; তুমি আৰু কেতিয়াও অমঙ্গললৈ ভয় নকৰিবা ।
Luke 15:5 in Assamese 5 আৰু যেতিয়া হেৰুৱাটোক বিচাৰি পায়, তেতিয়া আনন্দিত হয় আৰু নিজৰ কান্ধত তুলি ঘৰলৈ আনে।
Luke 15:23 in Assamese 23 পোহনীয়া দামুৰিতো আনি মাৰ৷ আহা, আমি ভোজন কৰি, ৰং কৰোঁহক;
Luke 15:32 in Assamese 32 কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈয়ো আকৌ জীয়াই উঠিল; হেৰোৱা হৈয়ো পালোঁ; এই কাৰণে আমি প্ৰীতি ভোজ পাতি আনন্দ কৰিব লাগে’৷”
John 13:1 in Assamese 1 ইহুদী সকলৰ নিস্তাৰপৰ্বৰ পূর্বে যীচুৱে জানিব পাৰিলে, যে এই জগতৰ পৰা পিতৃৰ ওচৰলৈ তেওঁৰ যোৱাৰ সময় ওচৰ চাপি আহিছে; সেয়েহে জগতত থকা নিজৰ লোক সকলক সকলো সময়তে প্ৰেম কৰি তেওঁলোকক শেষলৈকে প্ৰকৃত প্ৰেমৰ প্ৰমাণ দিলে।
John 15:11 in Assamese 11 মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই কাৰণে তোমালোকক এইবোৰ কথা মই ক’লোঁ।
Hebrews 7:25 in Assamese 25 সেয়েহে যি সকলে যীচুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে, তেওঁলোকক যীচুৱে সম্পূর্ণকৈ ৰক্ষা কৰিব পাৰে; কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীচু সদায় জীয়াই আছে।