Zechariah 9:8 in Assamese 8 কোনেও মাজেদি অহা-যোৱা কৰিব নোৱাৰাকৈ মোৰ বংশৰ চাৰিওফালে সৈন্যসামন্তৰ বিৰুদ্ধে মই ছাউনি পাতিম, তেতিয়া কোনো অত্যাচাৰী লোক তেওঁলোকৰ মাজেদি পুনৰায় যাব নোৱাৰিব; কাৰণ নিজ চকুৰে এতিয়া মই দৃষ্টি কৰিলোঁ!
Other Translations King James Version (KJV) And I will encamp about mine house because of the army, because of him that passeth by, and because of him that returneth: and no oppressor shall pass through them any more: for now have I seen with mine eyes.
American Standard Version (ASV) And I will encamp about my house against the army, that none pass through or return; and no oppressor shall pass through them any more: for now have I seen with mine eyes.
Bible in Basic English (BBE) And I will put my forces in position round my house, so that there may be no coming and going: and no cruel master will again go through them: for now I have seen his trouble.
Darby English Bible (DBY) And I will encamp about my house because of the army, because of those that pass by and that return; and the exactor shall not pass through them any more: for now have I seen [it] with mine eyes.
World English Bible (WEB) I will encamp around my house against the army, That none pass through or return; And no oppressor will pass through them any more: For now I have seen with my eyes.
Young's Literal Translation (YLT) And I have pitched for My house a camp, Because of the passer through, and of the returner, And pass not through against them again doth an exactor, For, now, I have seen with My eyes.
Cross Reference Genesis 32:1 in Assamese 1 পাছত যাকোবেও নিজৰ পথত যাত্রা কৰিলে। বাটত ঈশ্বৰৰ দূতসকলে তেওঁৰ লগত সাক্ষাৎ কৰিলে।
Exodus 3:7 in Assamese 7 যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ।
Exodus 3:9 in Assamese 9 এতিয়া ইস্ৰায়েলৰ লোকসকলৰ কাতৰোক্তি মোৰ ওচৰলৈ আহিল। অৱশ্যে মিচৰীয়া সকলে তেওঁলোকৰ ওপৰত কৰা উপদ্ৰৱো মই দেখিছোঁ।
2 Samuel 16:12 in Assamese 12 কিজানি মোলৈ কৰা অন্যায়লৈ যিহোৱাই দৃষ্টি কৰিব আৰু সি আজি মোক দিয়া শাওৰ সলনি যিহোৱাই মোৰ মঙ্গল কৰিব।”
2 Kings 23:29 in Assamese 29 যোচিয়াৰ ৰাজত্বৰ সময়ত মিচৰৰ ফৰৌণ-নখোৱে ইউফ্রেটিচ (ফৰাৎ) নদীৰ তীৰত অচূৰৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেতিয়া ৰজা যোচিয়াই যুদ্ধত নখোক লগ পাবলৈ গ’ল আৰু তাতে নখোৱে তেওঁক মগিদ্দোত বধ কৰিলে।
2 Kings 24:1 in Assamese 1 যিহোৱাকীমৰ ৰাজত্বৰ সময়ত বেবিলনৰ ৰজা নবুখদনেচৰে যিহূদা দেশ আক্রমণ কৰিলে। যিহোৱাকীম তিনি বছৰ তেওঁৰ অধীনত আছিল। কিন্তু পাছত তেওঁ নবুখদনেচৰৰ বিৰুদ্ধে বিদ্রোহ কৰিলে।
Psalm 34:7 in Assamese 7 যিহোৱালৈ ভয় ৰাখোঁতাসকলৰ চাৰিওফালে যিহোৱাৰ দূতে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে।
Psalm 46:1 in Assamese 1 ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
Psalm 72:4 in Assamese 4 তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব, অভাৱগ্রস্ত সন্তানসকলক ৰক্ষা কৰিব; কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব।
Psalm 125:1 in Assamese 1 যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে, তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।
Isaiah 4:5 in Assamese 5 তেতিয়া যিহোৱাই চিয়োন পৰ্ব্বতৰ সকলো ঠাই, আৰু তাৰ সকলো সমবেত হোৱা ঠাইৰ ওপৰত দিনত মেঘ আৰু ধোৱাৰে, আৰু ৰাতি জ্বলন্ত অগ্নিশিখাৰ পোহৰৰ দ্বাৰাই সমুদায় প্ৰতাপৰ ওপৰত এখন চন্দ্ৰতাপ হ’ব।
Isaiah 26:1 in Assamese 1 সেই দিনা যিহোদাৰ দেশত এই গীত গোৱা হ’ব, “আমাৰ এখন দৃঢ় নগৰ আছে; প্রভুৱে পৰিত্ৰাণকেই তাৰ দেৱাল আৰু গড় নিৰূপিত কৰিলে।
Isaiah 31:5 in Assamese 5 জাক পাতি উৰি ফুৰা চৰাইৰ দৰে বাহিনীসকলৰ যিহোৱাই যিৰূচালেমক ৰক্ষা কৰিব, তেওঁ ৰক্ষা কৰিব আৰু ইয়াক অতিক্রম কৰি যাওঁতে উদ্ধাৰ কৰিব আৰু সংৰক্ষন কৰিব।
Isaiah 33:20 in Assamese 20 আমাৰ উৎসৱ নগৰ চিয়োনলৈ তুমি দৃষ্টি কৰা; যাৰ খুটি কেতিয়াও উঘালিব নোৱাৰি, যাৰ ৰছী কেতিয়াও নিছিগে, স্থানান্তৰ কৰিব নোৱাৰা এনে তম্বুস্বৰূপ শান্ত বাসস্থান যিৰূচালেমক তোমাৰ নিজৰ চকুৰে দেখিবা।
Isaiah 52:1 in Assamese 1 হে চিয়োন, সজাগ হোৱা, সজাগ হোৱা, তোমালোকৰ শক্তি তুলি ধৰা; হে পবিত্ৰ নগৰ যিৰূচালেম, তোমালোকৰ সুন্দৰ বস্ত্ৰবোৰ পিন্ধা; কাৰণ পুনৰ কেতিয়াও চুন্নৎ নোহোৱা বা অশুচি লোক তোমালোকৰ মাজত নোসোমাব।
Isaiah 52:12 in Assamese 12 কাৰণ তোমালোক বেগাবেগিকৈ ওলাই যাব লগা নহব, নাইবা আতঙ্ককত এৰি যাব লগা নহব; কাৰণ যিহোৱা তোমালোকৰ আগে আগে যাব, আৰু ইস্ৰায়েলৰ ঈশ্বৰ তোমালোকৰ পাছত যাওঁতা হ’ব।
Isaiah 54:14 in Assamese 14 ধাৰ্ম্মিকতাত মই তোমালোকক পুনৰ স্থাপন কৰিম; তোমালোকৰ আৰু অত্যাচাৰ অভিজ্ঞতা নহ’ব, কাৰণ তোমালোকৰ ভয় নহ’ব; আৰু আতঙ্কজনক কোনো কথাই তোমালোকৰ ওচৰলৈ নাহিব।
Isaiah 60:18 in Assamese 18 তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব; কিন্তু তুমি তোমাৰ দেৱালৰ নাম পৰিত্ৰাণ, আৰু তোমাৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা।
Jeremiah 31:12 in Assamese 12 তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব, যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু ভেড়াৰ জাকৰ পোৱালীবোৰ। কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।
Jeremiah 46:2 in Assamese 2 মিচৰৰ বিষয়। যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত বাবিলৰ ৰজা নবুখদৰেচৰে পৰাজয় কৰা ফৰাৎ নদীৰ পাৰৰ কৰ্কমীচত থকা মিচৰীয়া ৰজা ফৰৌণ-নখোৰ সৈন্য-সামন্তৰ বিষয়:
Jeremiah 46:13 in Assamese 13 বাবিলৰ ৰজা নবূখদৰেচৰে আহি মিচৰ দেশ পৰাজয় কৰিবৰ বিষয়ে যিৰিমিয়া ভাববাদীক কোৱা যিহোৱাৰ বাক্য:
Ezekiel 28:24 in Assamese 24 তাৰ পাছত ইস্ৰায়েল-বংশক বিন্ধোতা কোন হুল বা দুখ দিওঁতা কোনো কাঁইট বা তাইৰ চাৰিওফালে থকা তাইক হেয়জ্ঞান কৰা লোকসকলৰ মাজত কোনো অৱশিষ্ট নাথাকিব; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব!’
Ezekiel 39:29 in Assamese 29 আৰু মই তেওঁলোকৰ পৰা মোৰ মুখ আৰু নাঢাকিম; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইস্ৰায়েল-বংশৰ ওপৰত মোৰ আত্মা বাকি দিম।”
Daniel 11:6 in Assamese 6 কেইবছৰমানৰ পাছত যেতিয়া নিৰূপিত সময় আহিব, তেতিয়া তেওঁলোকে মিত্রতা কৰিব। চুক্তি সুনিশ্চিত কৰিবলৈ দক্ষিণ দেশৰ ৰজাৰ জীয়েকক উত্তৰ দেশৰ ৰজালৈ দিয়া হ’ব; কিন্তু জীয়েকে নিজৰ ক্ষমতা হেৰুৱাব, আৰু তেওঁক পৰিত্যক্ত কৰা হ’ব। তেওঁ আৰু তেওঁক অনাসকলক, তেওঁৰ পিতৃক, আৰু সেই সময়ত তেওঁক সমৰ্থন কৰা জনক আপদত পেলোৱা হ’ব।
Daniel 11:10 in Assamese 10 তেওঁৰ পুত্রসকল যুদ্ধ কৰিব, আৰু মহা সৈন্যসামন্ত গোটাব; তেওঁলোকে দেশৰ মাজেৰে জলপ্লাবনৰ দৰে সোমাব, আৰু তেওঁলোকৰ দুৰ্গৰ সকলো পথত পুনৰ হঠাতে আক্রমণ কৰিব।
Daniel 11:27 in Assamese 27 আৰু এই দুজন ৰজাই ইজনে সিজনৰ বিৰুদ্ধে অন্তৰত বেয়া ভাব ৰাখিব, তেওঁলোকে একেখন মেজতে বহিব আৰু ইজনে সিজনক মিছা ক’ব; কিন্তু কোনো উদ্দেশ্যত নহয়। কাৰণ নিৰূপিত সময়তহে সেই কথা ফলিয়াব।
Daniel 11:40 in Assamese 40 শেষৰ সময়ত দক্ষিণ দেশৰ ৰজাই আক্রমণ কৰিব। উত্তৰ দেশৰ ৰজাই ৰথ, অশ্বাৰোহী, আৰু অনেক জাহাজেৰে সৈতে বা’মাৰলী বতাহৰ দৰে তেওঁৰ বিৰুদ্ধে আহিব। তেওঁ অনেক দেশ আক্রমণ কৰিব, আৰু বানপানীৰ দৰে তেওঁলোকৰ মাজেদি ওলাই যাব।
Joel 3:16 in Assamese 16 যিহোৱাই চিয়োনৰ পৰা গৰ্জ্জন কৰিব, আৰু যিৰূচালেমৰ পৰা নিজৰ মাত শুনাব। আকাশ-মণ্ডল আৰু পৃথিবী কঁপিব, কিন্তু যিহোৱা নিজ প্ৰজাসকলৰ আশ্ৰয় আৰু ইস্ৰায়েলৰ সন্তানসকলৰ কোঁঠস্বৰূপ হ’ব।
Amos 9:15 in Assamese 15 মই ইস্রায়েলীয়া সকলক তেওঁলোকৰ দেশত ৰুম, যি দেশ মই তেওঁলোকক দিছোঁ, তাৰ পৰা তেওঁলোকক কেতিয়াও পুনৰ উঘলা নহব।” এই কথা তোমালোকৰ ঈশ্বৰ যিহোৱাই কৈছে।
Zechariah 2:1 in Assamese 1 তাৰ পাছত মই চকু তুলি চাই হাতত এডাল পৰিমান-জৰী লোৱা এজন পুৰুষক দেখিলোঁ।
Zechariah 12:8 in Assamese 8 সেইদিনা যিহোৱা যিৰূচালেম-নিবাসীসকলৰ ঢালস্বৰূপ হ’ব আৰু তেওঁলোকৰ মাজৰ দুৰ্ব্বল লোক সেইদিনা দায়ূদৰ সদৃশ হ’ব আৰু দায়ূদৰ বংশ ঈশ্বৰৰ সদৃশ, তেওঁলোকৰ আগে আগে যোৱা যিহোৱাৰ দূতৰেই সদৃশ হ’ব।
Zechariah 14:11 in Assamese 11 লোকসকলে যিৰূচালেমত বাস কৰিব; কোনো শত্রুৱে তেওঁলোকক ধ্বংস কৰিবলৈ তালৈ নাহিব। যিৰূচালেম নিৰাপদে বাস কৰিব।
Acts 7:34 in Assamese 34 মিচৰ দেশত থকা মোৰ মানুহবোৰৰ দুৰৱস্থা মই নিশ্চয়কৈ দেখিছোঁ আৰু তেওঁলোকৰ আৰ্তনাদও শুনিছো। সেয়েহে তেওঁলোকক উদ্ধাৰ কৰিবলৈ মই নামি আহিলোঁ। এতিয়া আহা, মই তোমাক মিচৰ দেশলৈ পঠাওঁ’।
Revelation 20:1 in Assamese 1 তেতিয়া মই এজন দূতক স্বৰ্গৰ পৰা নামি অহা দেখিলোঁ, তেওঁৰ হাতত সেই অগাধ ঠাইৰ চাবি আৰু এডাল বৰ শিকলি আছিল।
Revelation 20:9 in Assamese 9 সিহঁতে পৃথিৱীৰ বিস্তাৰেদি গৈ, পবিত্ৰ লোক সকলৰ ছাউনি আৰু প্ৰিয় নগৰ বেৰি ধৰিলে; কিন্তু স্বৰ্গৰ পৰা জুই পৰি, সিহঁতক গ্ৰাস কৰিলে।