Zechariah 9:10 in Assamese 10 মই ইফ্ৰয়িমৰ পৰা ৰথ আৰু যিৰূচালেমৰ পৰা ঘোঁৰা উচ্ছন্ন কৰিম আৰু যুদ্ধৰ ধনু উচ্ছন্ন কৰা হ’ব; কিয়নো তেওঁ জাতিবোৰক শান্তিৰ কথা ক’ব, তেওঁৰ ৰাজ্য সমুদ্ৰৰ পৰা সমুদ্ৰলৈকে আৰু নদীৰ পৰা পৃথিৱীৰ অন্তলৈকে হ’ব।
Other Translations King James Version (KJV) And I will cut off the chariot from Ephraim, and the horse from Jerusalem, and the battle bow shall be cut off: and he shall speak peace unto the heathen: and his dominion shall be from sea even to sea, and from the river even to the ends of the earth.
American Standard Version (ASV) And I will cut off the chariot from Ephraim, and the horse from Jerusalem; and the battle bow shall be cut off; and he shall speak peace unto the nations: and his dominion shall be from sea to sea, and from the River to the ends of the earth.
Bible in Basic English (BBE) And he will have the war-carriage cut off from Ephraim, and the horse from Jerusalem, and the bow of war will be cut off: and he will say words of peace to the nations: and his rule will be from sea to sea, and from the River to the ends of the earth.
Darby English Bible (DBY) And I will cut off the chariot from Ephraim, and the horse from Jerusalem; and the battle-bow shall be cut off. And he shall speak peace unto the nations; and his dominion shall be from sea to sea, and from the river to the ends of the earth.
World English Bible (WEB) I will cut off the chariot from Ephraim, And the horse from Jerusalem; And the battle bow will be cut off; And he will speak peace to the nations: And his dominion will be from sea to sea, And from the River to the ends of the earth.
Young's Literal Translation (YLT) And I have cut off the chariot from Ephraim, And the horse from Jerusalem, Yea, cut off hath been the bow of battle, And he hath spoken peace to nations, And his rule `is' from sea unto sea, And from the river unto the ends of earth.
Cross Reference Deuteronomy 11:24 in Assamese 24 আপোনালোকে যি যি ঠাইত ভৰি দিব, সেই সকলো ঠাই আপোনালোকৰে হ’ব; মৰুভূমিৰ পৰা লিবানোন পর্যন্ত আৰু ইউফ্রেটাচ (ফৰাৎ) নদীৰ পৰা ভূমধ্য সাগৰলৈকে আপোনালোকৰ সীমা হ’ব।
1 Kings 4:21 in Assamese 21 চলোমনে ফৰাৎ নদীৰে পৰা ফিলিষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰ দেশৰ সীমালৈকে, সকলো ৰাজ্যৰ ওপৰত ৰাজত্ব কৰিছিল৷ তেওঁলোকে চলোমনলৈ উপহাৰ আনিছিল আৰু তেওঁৰ গোটেই ৰাজত্বৰ কালত তেওঁলোকে তেওঁক সেৱা কৰিছিল।
Psalm 2:8 in Assamese 8 তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।
Psalm 72:3 in Assamese 3 পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব; পাহাৰবোৰেও ধার্মিকর্তা উৎপাদন কৰিব।
Psalm 72:7 in Assamese 7 তেওঁৰ সময়ত ধাৰ্ম্মিক জন জকমকাব; যিমান দিনলৈ চন্দ্ৰ থাকিব তিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব।
Psalm 72:17 in Assamese 17 ৰজাৰ নাম চিৰস্থায়ী হব; সূৰ্য্য থাকেমানে তেওঁৰ নাম থাকিব; লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলি ক’ব।
Psalm 98:1 in Assamese 1 তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে।
Isaiah 9:6 in Assamese 6 কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
Isaiah 11:10 in Assamese 10 সেই দিনা লোকসকলৰ বাবে যিচয়ৰ মূল নিচানৰূপে থিয় হ’ব। দেশবাসীয়ে তেওঁক বিচাৰি উলিয়াব আৰু তেওঁৰ বিশ্ৰামস্থান গৌৰৱাম্বিত হ’ব।
Isaiah 49:6 in Assamese 6 তেওঁ কৈছে, যাকোবৰ ফৈদসকলক পুন:স্হাপন কৰিবলৈ, আৰু ইস্ৰায়েলৰ জীৱিত লোকসকলক পুনৰায় স্থাপন কৰিবৰ অৰ্থে তুমি মোৰ দাস হোৱা অতি সৰু বিষয়। মই তোমাক ধর্মহীন লোকৰ আগত দ্বীপ্তিস্বৰূপ কৰিম। সেয়ে হ’য়তো পৃথিবীৰ অন্ত:লৈকে তুমি মোৰ পৰিত্রানৰ উপায় হ’বা
Isaiah 57:18 in Assamese 18 মই তেওঁৰ পথ দেখিলোঁ, কিন্তু মই তেওঁক সুস্হ কৰিম; মই তেওঁক চলাম, আৰু শোক কৰাসকলক শান্ত্বনা পুনৰায় দিম।
Isaiah 60:12 in Assamese 12 কিয়নো যি জাতি আৰু যি ৰাজ্যই তোমাৰ অধীনতা স্বীকাৰ নকৰিব, সেই উভয়েই সম্পূৰ্ণ বিনষ্ট হ’ব;
Hosea 1:7 in Assamese 7 কিন্তু যিহূদাৰ লোকসকলক হলে মই দয়া কৰিম আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিম; সেই উদ্ধাৰ ধনু, তৰোৱাল বা যুদ্ধ অথবা ঘোঁৰা বা অশ্বাৰোহীৰ দ্বাৰা নহ’ব।”
Hosea 2:18 in Assamese 18 মই সেইদিনা তোমাৰ কাৰণে বনৰীয়া জন্তু, আকাশৰ চৰাই, আৰু মাটিত বগাই ফুৰা প্রাণীবোৰেৰে সৈতে এটি নিয়ম স্থাপন কৰিম; সকলোৱে যাতে নিৰাপদে শুব পাৰে, তাৰ বাবে মই দেশৰ পৰা ধনু, তৰোৱাল, আৰু যুদ্ধ দূৰ কৰিম।
Micah 4:2 in Assamese 2 অনেক দেশৰ লোক যাব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতটোলৈ উঠোহঁক, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ যাওঁহক। তেওঁ আমাক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিব, আৰু আমি তেওঁৰ পথত চলিম;” কিয়নো চিয়োনৰ পৰা বিধান, আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য বাহিৰ ওলাব।
Micah 5:4 in Assamese 4 যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব, আৰু তেওঁৰ পশুৰ জাক চৰাব, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত, তেওঁলোকে বাস কৰিব; কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব।
Micah 5:10 in Assamese 10 “সেই দিনা এইদৰে ঘটিব,” যিহোৱাই কৈছে, “মই তোমালোকৰ মাজৰ পৰা তোমালোকৰ ঘোঁৰাবোৰ ধ্বংস কৰিম, আৰু তোমালোকৰ ৰথবোৰ বিনষ্ট কৰিম।
Haggai 2:22 in Assamese 22 মই ৰাজ্যবোৰৰ সিংহাসন লুটিয়াই পেলাম, আৰু দেশৰ ৰাজ্যবোৰৰ শক্তি নাশ কৰিম, আৰু ৰথ আৰু ৰথৰ আৰোহীসকলক লুটিয়াই পেলাম; ঘোঁৰা আৰু ঘোঁৰাৰ আৰোহী প্রতিজনক নিজৰ ভায়েকৰ তৰোৱালেৰে আঘাত কৰি তলত পেলোৱা হ’ব।
Zechariah 10:4 in Assamese 4 তাৰে পৰাই চুকৰ শিলটো, তম্বু ধৰি ৰখা খুটি, যুদ্ধৰ ধনু আৰু অধিপতি সকল আহিব।
Acts 10:36 in Assamese 36 যি জন সকলোৰে প্ৰভু, সেই যীচু খ্ৰীষ্টৰ দ্বাৰাই শান্তিৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে, ঈশ্বৰে যি বাক্য ইস্ৰায়েলৰ লোক সকললৈ পঠালে,
Romans 15:9 in Assamese 9 আৰু অনা-ইহুদী লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ, এই বিষয়ে এনে ধৰণে লিখাও আছে, ‘এই কাৰণে মই অনা-ইহুদী সকলৰ মাজত তোমাৰ স্তুতি কৰিম; আৰু তোমাৰ নামেৰে গীতো গাম।”
2 Corinthians 5:18 in Assamese 18 কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিলন কৰালে, আৰু সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে; সেই ঈশ্বৰৰ পৰাই এই সকলো হয়।
2 Corinthians 5:20 in Assamese 20 এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতিলে, আৰু আমাৰ দ্বাৰাই মিনতি কৰোঁৱাৰ দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছোঁ৷ খ্ৰীষ্টৰ হৈ এই বিনয় কৰোঁ: “আপোনালোকে ঈশ্বৰৰ সৈতে মিলন হওক!”
2 Corinthians 10:4 in Assamese 4 (কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা মাংসিক যুদ্ধ নহয়, কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷)
Ephesians 2:13 in Assamese 13 আগেয়ে আপোনালোক ঈশ্বৰৰ পৰা বহুত দূৰৈত আছিল, কিন্তু এতিয়া খ্ৰীষ্ট যীচুত থকাৰ কাৰণে তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ওচৰলৈ অনা হ’ল।
Colossians 1:20 in Assamese 20 আৰু তেওঁৰ দ্বাৰাই সকলোবোৰ তেওঁৰে সৈতে মিলন সাধন কৰিলে৷ এই জগতত থকা হওক বা স্বৰ্গত থকা হওক, তেওঁৰ ক্ৰুচৰ পুত্ৰৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰিবলৈ ঈশ্বৰে সকলোতে ভাল দেখিলে।
Revelation 11:15 in Assamese 15 পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইদৰে মহা-বাণীবোৰ হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব।”