Zechariah 8:23 in Assamese 23 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘সেই দিনা জাতিসকলৰ মাজৰ আটাই ভাষা ক’ব পৰা দহ জন লোকে এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰি ক’ব, “আমি তোমালোকৰ লগত যাম, কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে!”
Other Translations King James Version (KJV) Thus saith the LORD of hosts; In those days it shall come to pass, that ten men shall take hold out of all languages of the nations, even shall take hold of the skirt of him that is a Jew, saying, We will go with you: for we have heard that God is with you.
American Standard Version (ASV) Thus saith Jehovah of hosts: In those days `it shall come to pass', that ten men shall take hold, out of all the languages of the nations, they shall take hold of the skirt of him that is a Jew, saying, We will go with you, for we have heard that God is with you.
Bible in Basic English (BBE) This is what the Lord of armies has said: In those days, ten men from all the languages of the nations will put out their hands and take a grip of the skirt of him who is a Jew, saying, We will go with you, for it has come to our ears that God is with you.
Darby English Bible (DBY) Thus saith Jehovah of hosts: In those days shall ten men take hold, out of all languages of the nations, shall even take hold of the skirt of him that is a Jew, saying, We will go with you; for we have heard [that] God is with you.
World English Bible (WEB) Thus says Yahweh of Hosts: "In those days, ten men will take hold, out of all the languages of the nations, they will take hold of the skirt of him who is a Jew, saying, 'We will go with you, for we have heard that God is with you.'"
Young's Literal Translation (YLT) Thus said Jehovah of Hosts: In those days take hold do ten men of all languages of the nations, Yea, they have taken hold on the skirt of a man, a Jew, saying: We go with you, for we heard God `is' with you!
Cross Reference Genesis 31:7 in Assamese 7 তথাপিও তোমালোকৰ পিতৃয়ে মোক প্রতাৰনা কৰিলে আৰু মোৰ বেচ দহ বাৰকৈ সলনি কৰিলে। যিয়েই নহওঁক, ঈশ্বৰে মোৰ কোনো ক্ষতি কৰিবলৈ তেওঁক নিদিলে।
Genesis 31:41 in Assamese 41 এই যি বিশ বছৰ মই আপোনাৰ ঘৰত আছিলোঁ, তাৰ চৌদ্ধ বছৰ মই আপোনাৰ দুজনী ছোৱালীৰ কাৰণে আপোনাৰ সেৱা কৰিছিলো আৰু ছয় বছৰ কটালোঁ আপোনাৰ পশুজাকৰ পাছত। তাৰ মাজতে আপুনি মোৰ বেচ দহবাৰ সলনি কৰিলে।
Numbers 10:29 in Assamese 29 পাছে মোচিয়ে তেওঁৰ শহুৰেক মিদিয়ন দেশৰ ৰূৱেলৰ পুত্ৰ হোবকক ক’লে, “যিহোৱাই আমাক যি দেশ দিম বুলি কৈছে, আমি সেই দেশলৈ যাত্ৰা কৰিছোঁ। যিহোৱাই ক’লে, ‘এই দেশ মই তোমাক দিম’। তুমিও আমাৰ লগত ব’লা, তাতে আমি তোমাৰ মঙ্গল কৰিম; কিয়নো যিহোৱাই ইস্ৰায়েলৰ মঙ্গল কৰিবলৈ প্রতিজ্ঞা কৰিছে।”
Numbers 14:14 in Assamese 14 আৰু তেওঁলোকে এই দেশ নিবাসীসকলকো সম্বাদ দিব। তেওঁলোকে শুনিছে, যে, তুমি যিহোৱা এই লোকসকলৰ মাজত আছা, তুমি যিহোৱাই সন্মুখা-সন্মুখিকৈ তেওঁলোকক দৰ্শন দি থাকা, তোমাৰ মেঘ তেওঁলোকৰ ওপৰত আছে আৰু তুমি দিনত মেঘ-স্তম্ভ আৰু ৰাতি অগ্নি স্তম্ভত তেওঁলোকৰ আগে আগে যোৱা।
Numbers 14:22 in Assamese 22 তেন্তে তেওঁলোকৰ মাজত যিমান লোকে মোৰ প্ৰতাপ আৰু মিচৰত ও মৰুভূমিত দেখুউৱা মোৰ চিন দেখিও, এই দহবাৰ মোক পৰীক্ষা কৰিছে আৰু মোৰ বাক্যলৈ কাণ নকৰা হৈছে।
Deuteronomy 4:6 in Assamese 6 আপোনালোকে সেইবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিব; কিয়নো এইসকলো পালন কৰাৰ যোগেদি আন আন জাতিৰ লোকসকলৰ দৃষ্টিত আপোনালোকৰ জ্ঞান আৰু বুদ্ধি প্রকাশ পাব। তেওঁলোকে এই সকলো বিধানৰ বিষয়ে শুনি ক’ব, “সঁচাকৈয়ে এই মহাজাতিৰ লোকসকল জ্ঞানী আৰু বুদ্ধিমান।”
Joshua 2:9 in Assamese 9 আৰু তাই সেই মানুহ কেইজনক ক’লে, “মই জানিলো যে, যিহোৱাই তোমালোকক এই দেশ দিলে আৰু তোমালোকৰ পৰা আমি ত্ৰাসিত হৈছোঁ৷ আটাই দেশনিবাসীয়ে তোমালোকৰ আগত ভয়ত আতুৰ হৈ পৰিছে৷
Ruth 1:16 in Assamese 16 কিন্তু ৰূথে ক’লে, “আপোনাক এৰি আপোনাৰ ওচৰৰ পৰা যাবলৈ মোক নকব৷ কিয়নো, আপুনি য’লৈকে যাই, ময়ো তালৈকে যাম, আৰু আপুনি য’ত থাকিব, মইয়ো তাতে থাকিম, আপোনাৰ লোকসকলে মোৰ লোক হ’ব, আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হ’ব৷
1 Samuel 15:27 in Assamese 27 যেতিয়া চমূৱেলে যাবলৈ মুখ ঘূৰালে, তেতিয়া চৌলে তেওঁৰ কাপোৰৰ আগভাগ ধৰিলে, আৰু সেইয়া ফাতি এৰাই গ’ল।
2 Samuel 15:19 in Assamese 19 তেতিয়া ৰজাই গাতীয়া ইত্তয়ক ক’লে, “তুমি আমাৰ লগত কিয় আহিছা? তুমি উভটি গৈ অবচালোম ৰজাৰ লগত থাকা কিয়নো তুমি বিদেশী আৰু এজন দেশান্তৰিত লোক৷ তোমাৰ নিজ ঠাইলৈ উভটি যোৱা।
1 Kings 8:42 in Assamese 42 কিয়নো সিহঁতে আপোনাৰ মহান নাম, বলৱান হাত আৰু মেলা বাহুৰ কথা শুনিব; আৰু আহি এই মন্দিৰৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব,
2 Kings 2:6 in Assamese 6 তাৰ পাছত এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যর্দনলৈ পঠাইছে।” ইলীচাই উত্তৰ দিলে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” সেয়ে তেওঁলোক দুয়ো যাবলৈ ধৰিলে।
1 Chronicles 12:18 in Assamese 18 তাৰ পাছত ত্ৰিশ জনৰ ওপৰত সেনাপতি হৈ থকা অমাচয়ৰ ওপৰত আত্মাই স্থিতি ল’লে। অমাচয়ে ক’লে, “হে দায়ূদ, আমি তোমাৰেই। যিচয়ৰ পুত্ৰ, আমি তোমাৰ ফলীয়া। শান্তি হওক, তোমাক যি সকলে সহায় কৰে তেওঁৰো শান্তি হওক। তোমাক সহায় কৰা সকলৰো শান্তি হওক, কিয়নো তোমাৰ ঈশ্বৰে তোমাক সহায় কৰিছে।” তেতিয়া দায়ূদে তেওঁলোকক গ্ৰহণ কৰি নিজৰ সৈন্যদলৰ সেনাপতি পাতিলে।
Job 19:3 in Assamese 3 তোমালোকে এই দহবাৰ মোক অপমান কৰিলা; তোমালোকে যে মোলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰিছা, এয়াতে তোমালোকে লাজ নোপোৱা।
Ecclesiastes 11:2 in Assamese 2 তোমাৰ কার্যসাধনৰ উপায়বোৰ, সাত বা আঠজনৰ সৈতে ভাগ বাঁটি লোৱা; কিয়নো পৃথিবীত কি দুর্যোগ ঘটিব, তাক তুমি নাজানা।
Isaiah 3:6 in Assamese 6 এনে কি, এজন মানুহে নিজৰ ভায়েকক নিজৰ পিতৃৰ ঘৰত ধৰি ক’ব, “তোমাৰ এটা বস্ত্ৰ আছে, আমাৰ শাসনকৰ্ত্তা হোৱা, আৰু এই ধ্বংস তোমাৰ অধীনত হওঁক।”
Isaiah 4:1 in Assamese 1 সেই দিনা সাত গৰাকী মহিলাই এজন পুৰুষক ধৰিব, আৰু ক’ব, “আমি আমাৰ নিজৰ আহাৰ খাম, আৰু নিজৰ বস্ত্র পিন্ধিম; কিন্তু আমাৰ লাজ দূৰ কৰিবলৈ আপোনাৰ নাম লবলৈ দিয়ক।”
Isaiah 45:14 in Assamese 14 যিহোৱাই এইদৰে কৈছে, “মিচৰৰ পৰিশ্ৰম ফল আৰু কূচ দেশৰ বাণিজ্যদ্ৰব্য আৰু দীৰ্ঘকায়ী চবায়ীয়া লোকক তোমাৰ ওচৰলৈ অনা হ’ব। তেওঁলোক তোমাৰেই হ’ব।তেওঁলোক তোমাৰ পাছত চলোঁতা হ’ব; তেওঁলোক শাৰী পাতি আহিব। তেওঁলোকে তোমাৰ আগত প্ৰণিপাত কৰি এই বুলি প্ৰৰ্থনা কৰিব, ‘ নিশ্চয়ে তোমাৰ লগত ঈশ্বৰ আছে; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।’”
Isaiah 55:5 in Assamese 5 চোৱা, যি জাতিক তোমালোকে নাজানা, এনে জাতিক তোমালোকে আহ্বান কৰিবা, আৰু যি জাতিয়ে তোমালোকক নাজানে, এনে জাতি তোমালোকৰ ওচৰলৈ দৌৰি আহিব; তোমালোকৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা, যি জনে তোমালোকক গৌৰৱাম্বিত কৰিলে, তেওঁৰ বাবে এনে ঘটিব।
Isaiah 60:3 in Assamese 3 লোকসমূহ তোমাৰ পোহৰৰ ওচৰলৈ আহিব, আৰু ৰজাসকলে তোমাৰ উদয় হোৱা দীপ্তিৰ ওচৰলৈ আহিব।
Isaiah 66:18 in Assamese 18 কাৰণ মই তেওঁলোকৰ কাৰ্য আৰু কল্পনাবোৰ জানো। যি সময়ত সকলো জাতিক; আৰু সকলো ভাষা কোৱা লোকসকলক মই গোট খোৱাম, এনে সময় আহিছে। তেওঁলোকে আহিব আৰু মোৰ প্ৰতাপ দেখিবলৈ পাব।
Micah 5:5 in Assamese 5 তেঁৱেই আমাৰ শান্তি হ’ব; যেতিয়া অচূৰে আমাৰ দেশলৈ সোমাই আহিব, আৰু আমাৰ দুৰ্গবোৰৰ অহিতে তেওঁলোকে দৃঢ়ভাৱে অগ্রগতি কৰিব, তেতিয়া আমি তেওঁলোকৰ বিৰুদ্ধে সাত জন ভেড়া-ৰখীয়া, আৰু লোকসকলৰ ওপৰত আঠ জন মূখ্য লোকক তুলি ধৰিম।
Matthew 18:21 in Assamese 21 তেতিয়া পিতৰে যীচুৰ ওচৰলৈ আহি তেওঁক ক’লে, “হে প্ৰভু, মোৰ ভায়ে মোৰ অহিতে কিমান বাৰ পাপ কৰিলে মই তেওঁক ক্ষমা কৰিম? সাত বাৰলৈকে নে?”
Luke 8:44 in Assamese 44 সেই জনী তিৰোতাই যীচুৰ পাছফালেদি আহি, তেওঁৰ কাপোৰৰ দহি চুই দিলে আৰু তেওঁৰ তেজ যোৱা তেতিয়াই বন্ধ হৈ গ’ল।
Acts 13:47 in Assamese 47 কিয়নো প্ৰভুৱে আমাক এনে আজ্ঞা দিলে, ‘তোমাক মই অনা-ইহুদী লোকৰ পোহৰ কৰি থলোঁ, যেন তুমি জগতৰ সীমালৈকে পৰিত্ৰাণস্বৰূপ হোৱা’৷
Acts 19:12 in Assamese 12 তেওঁৰ শৰীৰৰ পৰা গামোচা বা কাপোৰ নৰিয়া মানুহৰ ওচৰলৈ লৈ যোৱাত, তেওঁলোকৰ ৰোগ আতৰিল আৰু ভূতৰ আত্মাবোৰো ওলাই যোৱাত তেওঁলোক মুক্ত হ’ল।
1 Corinthians 14:25 in Assamese 25 এইদৰে শুনা লোক জনৰ হৃদয়ৰ কোনো গুপ্তকথা প্ৰকাশ পায়৷ তাতে তেওঁ মাটিত উবুৰি হৈ পৰি, সঁচাকৈ ‘আপোনালোকৰ মাজত ঈশ্বৰ আছে’, এই বুলি ঈশ্বৰৰ আৰাধনা কৰিব।
Revelation 7:9 in Assamese 9 এইবোৰৰ পাছত মই চাই দেখিলোঁ যে, কোনেও গণিব নোৱোৰা এক বৰ লোক সকল, য’ত সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰ পাত লৈ সেই সিংহাসন আৰু মেষ-পোৱালি জনৰ আগত থিয় হৈ আছিল;
Revelation 14:6 in Assamese 6 পাছত আকাশৰ মাজত আন এজন স্বৰ্গৰ দূতক উড়ি ফুৰা দেখিলোঁ; তেওঁ পৃথিৱীত বসতি কৰা লোক সকলৰ ওচৰত, পৃথিৱীৰ সকলো জাতি, ফৈদ, ভাষা আৰু সাধাৰণ লোক সকলৰ আগত প্ৰচাৰ কৰিবলৈ তেওঁৰ লগত অনন্তকলীয়া শুভবাৰ্তা আছিল৷