Zechariah 1:17 in Assamese 17 তুমি আকৌ ঘোষণা কৰি কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ নগৰবোৰ পুনৰায় মঙ্গলেৰে উপচি পৰিব, যিহোৱাই চিয়োনক পুনৰায় শান্ত্বনা কৰিব আৰু যিৰূচালেমক আকৌ মনোনীত কৰিব।”
Other Translations King James Version (KJV) Cry yet, saying, Thus saith the LORD of hosts; My cities through prosperity shall yet be spread abroad; and the LORD shall yet comfort Zion, and shall yet choose Jerusalem.
American Standard Version (ASV) Cry yet again, saying, Thus saith Jehovah of hosts: My cities shall yet overflow with prosperity; and Jehovah shall yet comfort Zion, and shall yet choose Jerusalem.
Bible in Basic English (BBE) And again let your voice be loud and say, This is what the Lord of armies has said: My towns will again be overflowing with good things, and again the Lord will give comfort to Zion and take Jerusalem for himself.
Darby English Bible (DBY) Cry further, saying, Thus saith Jehovah of hosts: My cities shall yet overflow with prosperity, and Jehovah shall yet comfort Zion, and shall yet choose Jerusalem.
World English Bible (WEB) "Proclaim further, saying, 'Thus says Yahweh of Hosts: "My cities will again overflow with prosperity, and Yahweh will again comfort Zion, and will again choose Jerusalem."'"
Young's Literal Translation (YLT) Again call, saying: Thus said Jehovah of Hosts, Again do my cities overflow from good, And Jehovah hath again comforted Zion, And He hath fixed again on Jerusalem.'
Cross Reference 2 Chronicles 6:6 in Assamese 6 কিন্তু মোৰ নাম ৰাখিবৰ অৰ্থে মই যিৰূচালেমক মনোনীত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধ্যক্ষ হ’বৰ বাবে দায়ূদক মনোনীত কৰিলোঁ।’
Nehemiah 11:3 in Assamese 3 যিৰূচলেমত বাস কৰা প্রাদেশীক বিষয়া সকল এওঁলোক। যি কি নহওক, যিহূদাৰ নগৰ বোৰত থকা প্রতিজন লোক আৰু তেওঁলোকৰ লগত ইস্ৰায়েলী লোক, পুৰোহিত, লেবীয়া, মন্দিৰৰ দাস, আৰু চলোমনৰ দাস সকলৰ বংশধৰ সকলে নিজৰ দেশত বাস কৰিলে।
Nehemiah 11:20 in Assamese 20 আৰু ইস্ৰায়েলৰ অৱশিষ্ট সকলো লোক, পুৰোহিত, যিহূদাৰ সকলো নগৰত থকা লেবীয়া সকল, প্রতিজনে নিজৰ নিজৰ উত্তৰাধিকাৰ সূত্রে পোৱা ঠাইত বাস কৰিছিল।
Psalm 69:35 in Assamese 35 কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব।
Psalm 132:13 in Assamese 13 কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে, তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে;
Isaiah 14:1 in Assamese 1 যিহোৱাই যাকোবক দয়া কৰিব; ইস্ৰায়েলক পুনৰায় মনোনীত কৰিব, আৰু তেওঁলোকৰ নিজৰ দেশত তেওঁলোকক স্থাপন কৰিব। বিদেশীসকলে তেওঁলোকৰ সৈতে যোগ দিব আৰু তেওঁলোকে নিজেই যাকোবৰ বংশত সংযুক্ত হ’ব।
Isaiah 40:1 in Assamese 1 তোমালোকৰ ঈশ্বৰে কৈছে, মোৰ লোকসকলৰ শান্ত্বনা হওক।
Isaiah 41:8 in Assamese 8 কিন্তু হে মোৰ দাস ইস্ৰায়েল, যাকোব যাক মই মনোনীত কৰিলো, মোৰ বন্ধু অব্ৰাহামৰ সন্তান,
Isaiah 44:26 in Assamese 26 ময়ে যিহোৱা যি জনে নিজৰ দাসৰ কথা সিদ্ধ কৰে, আৰু নিজৰ দূতৰ পৰামৰ্শ সিদ্ধ কৰে, যি জনাই যিৰূচালেমৰ বিষয়ে কয়, ‘সেয়ে বসতিৰ ঠাই নহ’ব,’ আৰু যিহূদাৰ নগৰবোৰৰ বিষয়ে কয়, ‘সেইবোৰ পুনৰ নিৰ্মাণ কৰা হ’ব, আৰু তাৰ বিধস্ত হোৱা ঠাইবোৰ পুনৰ স্থাপন কৰিম,
Isaiah 49:13 in Assamese 13 হে আকাশ মণ্ডল, গীত-গান কৰা; হে পৃথিবী, উল্লাসিত হোৱা; হে পৰ্ব্বতবোৰ, আনন্দ গান কৰিবলৈ ধৰা! কাৰণ যিহোৱাই নিজৰ প্ৰজাসকলক শান্ত্বনা দিব, আৰু তেওঁৰ দুখিত সকলক তেওঁ দয়া কৰিব।
Isaiah 51:3 in Assamese 3 হ’য় যিহোৱাই চিয়োনক শান্ত্বনা দিব, তেওঁ সকলো উচ্ছন্ন ঠাইক শান্ত্বনা দিব; তাৰ জনবসতিহীন ঠাইবোৰ এদেনৰ দৰে , আৰু জর্দন নদীৰ উপত্যকাৰ কাষৰ সমতল মৰুভূমি যিহোৱাৰ উদ্যানৰ দৰে কৰিলে; তাত আনন্দ আৰু উল্লাস, ঈশ্বৰক ধন্যবাদ জ্ঞাপন,আৰু স্তুতি-গীতৰ ধ্বনি পোৱা যাব।
Isaiah 51:12 in Assamese 12 মই, ময়েই যিজনে তোমালোকক শান্ত্বনা দিওঁ; তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ’ব, মানুহৰ পুত্রৰ,কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে?
Isaiah 52:9 in Assamese 9 যিৰূচালেমৰ উচ্ছন্ন লোকসকল, একেলগে গানেৰে আনন্দত উল্লাস কৰা, কাৰণ যিহোৱাই তেওঁৰ লোকসকলক শান্ত্বনা দিলে, তেওঁ যিৰূচালেমক মুক্ত কৰিলে।
Isaiah 54:8 in Assamese 8 অত্যন্ত ক্রোধত, মই ক্ষন্তেকৰ বাবে তোমালোকৰ পৰা মোৰ মুখ লুকুৱাইছিলোঁ; কিন্তু অনন্তকলীয়া বিশ্বাসযোগ্য চুক্তিৰে মই তোমালোকক দয়া কৰিম,” তোমালোকক উদ্ধাৰ কৰা যিহোৱাই কৈছে,
Isaiah 61:4 in Assamese 4 তেওঁলোকে পুৰণি ধ্বংসস্থানবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব, আগৰ কালৰে পৰা উচ্ছন্ন হৈ থকা ঠাইবোৰ পুনৰায় স্থাপন কৰিব, বহু আগৰ পৰা পুৰুষানুক্রমে ধ্বংস হৈ জনশূন্য হোৱা নগৰবোৰ পুনৰ স্থাপন কৰিব।
Isaiah 66:13 in Assamese 13 যি দৰে মাতৃয়ে নিজৰ সন্তানক সুখ দিয়ে, সেই দৰে মই তোমালোকক সুখ দিম; আৰু তোমালোকে যিৰূচালেমত সুখ পাবা।
Jeremiah 31:13 in Assamese 13 তেতিয়া যুৱতীসকলে নাচত আনন্দ কৰিব আৰু ডেকা আৰু বুঢ়া লোকসকলে একে লগে তেওঁলোকৰ সৈতে আনন্দ কৰিব। “কিয়নো মই তেওঁলোকৰ বিলাপ হৰ্ষলৈ পৰিবৰ্ত্তন কৰিম। মই তেওঁলোকৰ ওপৰত দয়া কৰিম, আৰু তেওঁলোকৰ শোক গুচাই তাৰ সলনি তেওঁলোকক আনন্দিত কৰাম।
Jeremiah 31:23 in Assamese 23 ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যেতিয়া এই লোকসকলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, তেতিয়া তেওঁলোকে যিহূদা দেশত আৰু তাৰ নগৰবোৰত পুনৰায় এই কথা ক’ব: ‘হে ধৰ্ম্মনিবাস, হে পৱিত্ৰ পৰ্ব্বত, যহোৱাই তোমাক আশীৰ্ব্বাদ কৰক।’
Jeremiah 32:43 in Assamese 43 তেতিয়া এই যি দেশৰ বিষয়ে, ‘ই মনুষ্য আৰু পশুশূন্য ধ্বংসস্থান, ইয়াক কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে’, এই বুলি তোমালোকে কৈছা, এই দেশৰ শস্যক্ষেত্ৰ কিনা হ’ব।
Jeremiah 33:13 in Assamese 13 পৰ্ব্বতীয়া অঞ্চলত, নিম্ন-ভুমিৰ আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত, বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালৰ ঠাইবোৰত আৰু যিহূদাৰ নগৰবোৰত ভেড়া-গণনাকাৰী লোকৰ হাতৰ তলেদি ভেড়াৰ জাকবিলাক পুনৰায় গমন কৰিব। যিহোৱাই এই কথা কৈছে।
Ezekiel 36:10 in Assamese 10 আৰু মই তোমালোকৰ ওপৰত লোকসকলক, গোটেই ইস্ৰায়েল বংশক, তাৰ আটাইকে বঢ়াম। আটাইকে! তেতিয়া আৰু নগৰবোৰত বসতি হ’ব, আৰু উচ্ছন্ন ঠাইবোৰত ঘৰ সজা হ’ব।
Ezekiel 36:33 in Assamese 33 প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ আটাই অপৰাধৰ পৰা মই তোমালোকক শুচি কৰা দিনা মই নগৰবোৰ বাসস্থান কৰিম, আৰু উচ্ছন্ন ঠাইবোৰ পুণৰায় নিৰ্ম্মান কৰা হ’ব।
Amos 9:14 in Assamese 14 বন্দী অৱস্থাত থকা মোৰ লোক ইস্ৰায়েলীয়াসকলক মই পুনৰ ঘূৰাই আনিম; তেওঁলোকৰ ধ্বংস হোৱা নগৰবোৰ পুনৰায় সাজিব আৰু সেইবোৰত বাস কৰিব; তেওঁলোকে আঙুৰ খেতি কৰি দ্রাক্ষাৰস পান কৰিব; তেওঁলোকে বাৰী পাতি তাৰ ফল ভোগ কৰিব;
Obadiah 1:20 in Assamese 20 ইস্ৰায়েলী লোকসকলৰ বন্দীত্বত থকা সৈন্যসমূহে কনানীয়াৰ পৰা চফাৰদলৈকে অধিকাৰ কৰিব; আৰু চাফৰদত থকা যিৰূচালেমৰ বন্দীলোকসকলে দক্ষিণ অঞ্চলৰ নগৰবোৰ অধিকাৰ কৰিব।
Zephaniah 3:15 in Assamese 15 যিহোৱাই তোমাৰ দণ্ডবোৰ দূৰ কৰিলে; তোমাৰ শত্ৰুবোৰক খেদি দিলে; ইস্ৰায়েলৰ ৰজা যিহোৱা তোমাৰ মাজত আছে; তুমি আৰু কেতিয়াও অমঙ্গললৈ ভয় নকৰিবা ।
Zechariah 2:12 in Assamese 12 আৰু যিহোৱাই পবিত্ৰ দেশত নিজ অংশস্বৰূপে যিহূদা অধিকাৰ কৰিব আৰু পুনৰায় যিৰূচালেমক মনোনীত কৰিব।
Zechariah 3:2 in Assamese 2 তেতিয়া যিহোৱাৰ দূতে চয়তানক ক’লে, “হে চয়তান, যিহোৱাই তোমাক ধমকি দিয়ক; যিজনে যিৰূচালেমক মনোনীত কৰিলে, তেওঁ তোমাক ধমকি দিয়ক! এওঁ জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি যেন নহয় নে?”
Romans 11:28 in Assamese 28 এফালে তেওঁলোক শুভবাৰ্তাৰ সম্বন্ধে আপোনালোকৰ কাৰণে শত্ৰু; কিন্তু আনফালে ঈশ্বৰৰ মনোনীতৰ সম্বন্ধে তেওঁলোক ওপৰ-পুৰুষ সকলৰ কাৰণে প্ৰিয় পাত্ৰ।
Ephesians 1:4 in Assamese 4 জগত সৃষ্টিৰ পূর্বতে ঈশ্বৰে খ্রীষ্টত বিশ্বাস কৰা সকলক মনোনীত কৰিলে। আমি যেন ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ আৰু নিষ্কলঙ্ক হওঁ, এই কাৰণে তেওঁ আমাক মনোনীত কৰিলে।