Cross Reference Genesis 18:19 in Assamese 19 মই তেওঁক মনোনীত কৰিলো যেন তেওঁ নিজৰ সন্তানসকলক আৰু ঘৰৰ ভাবী-সন্তানসকলক যিহোৱাৰ পথত চলিবলৈ, সৎ আৰু ন্যায় কার্য কৰিবলৈ আজ্ঞা দিয়ে আৰু যেন যিহোৱাই অব্ৰাহামক যি কথা ক’লে তাক সিদ্ধ কৰিব পাৰে।”
Deuteronomy 15:8 in Assamese 8 কিন্তু আপুনি তেওঁলৈ হাত মুকলি কৰি, তেওঁৰ অভাৱ পূৰ কৰিবৰ কাৰণে তেওঁক যি প্রয়োজন, অৱশ্যে সিমান তেওঁক ধাৰ দিব লাগে।
Deuteronomy 15:14 in Assamese 14 আপোনালোকে আপোনালোকৰ ভেড়া আৰু ছাগলী জাকৰ পৰা, মৰণামৰা খোলাৰ পৰা আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা তাক ভালকৈ দি পঠাব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰাৰ দৰেই তেওঁক দি দি’ব।
Deuteronomy 16:11 in Assamese 11 আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, আপোনালোকৰ পো-জী, বন্দী-বেটী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু আপোনালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
Deuteronomy 16:14 in Assamese 14 আপোনালোকৰ সেই উৎসৱত আপোনালোকৰ পো-জী, বন্দী-বেটী আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়াসকল, বিদেশীসকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
Job 31:16 in Assamese 16 মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোঁ, আৰু বিধৱাৰ চকু জলকা লগালোঁ,
Psalm 37:21 in Assamese 21 দুষ্টই ধাৰে লয়, কিন্তু তাক পৰিশোধ নকৰে; কিন্তু ধাৰ্ম্মিক লোক দয়াৱান আৰু দানশীল।
Psalm 101:1 in Assamese 1 মই দয়া আৰু ন্যায়বিচাৰৰ গীত গাম; হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম।
Psalm 112:9 in Assamese 9 তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে; তেওঁলোকৰ ধাৰ্ম্মিকতা চিৰকাললৈকে থাকে; তেওঁলোকৰ শিং মৰ্য্যদাৰে উন্নত হয়।
Proverbs 22:9 in Assamese 9 উদাৰ দৃষ্টিৰ লোক আশীৰ্ব্বাদপ্রাপ্ত হ’ব, কাৰণ তেওঁ দৰিদ্ৰৰ সৈতে নিজৰ আহাৰ ভাগ কৰে।
Ecclesiastes 9:10 in Assamese 10 তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।
Ecclesiastes 11:1 in Assamese 1 তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া; কিয়নো অনেক দিনৰ পাছত তাক পুনৰ ঘূৰাই পাবা।
Ecclesiastes 11:6 in Assamese 6 ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপন কৰিবা, আৰু গধূলি পৰত তোমাৰ হাতক কর্মহীন নকৰিবা; কিয়নো পুৱা বা গধূলি কৰা কোনটো কার্যত তুমি সফল হ’বা, তুমি নাজানা; এই কার্যত নে সেই কার্যত, অথবা দুয়োটাই একে সমানেই ভাল হ’ব, তাক নাজানা।
Isaiah 32:5 in Assamese 5 মূৰ্খ লোকক সন্মানীয় বুলি আৰু মতা নহ’ব, নাইবা প্রবঞ্চকলোকক নিয়ম নীতি মানি চলা বুলি কোৱা নহ’ব।
Isaiah 32:8 in Assamese 8 কিন্তু সন্মানীয় লোকে সৎ বিষয়ৰৰ পৰিকল্পনা কৰে, আৰু তেওঁৰ সৎ কার্যৰ কাৰণে তেওঁ থিৰে থাকিব।
Isaiah 58:7 in Assamese 7 ক্ষুধাতুৰ লোকৰ সৈতে তোমাৰ আহাৰ ভগাই লোৱা, আৰু ঘৰহীনা দুখীয়াসকলক নিজৰ ঘৰত আশ্ৰয় দিয়াই লঘোন নহয় নে? যেতিয়া তুমি চোৱা কোনোএজন বিৱস্ত্রতাত আছে, তুমি তেওঁক বস্ত্র দিয়া উচিত; আৰু তোমাৰ সম্পৰ্কীয় লোকৰ পৰা নিজকে লুকুৱাই ৰখা উচিত নহয়।
Isaiah 64:5 in Assamese 5 সৎকাৰ্য কৰি আনন্দ কৰা জনক, আৰু তোমাৰ পথ সোঁৱৰণ কৰি চলা জনক সহায় কৰিবলৈ তুমি আহিলা। আমি যেতিয়া পাপ কৰিছিলোঁ, তুমি ক্ৰোধিত হৈছিলা, তোমাৰ পথত আমি সকলো সময়তে উদ্ধাৰ হ’ব পাৰিম।
Matthew 6:2 in Assamese 2 এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই।
Matthew 25:40 in Assamese 40 তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’।
Luke 21:1 in Assamese 1 পাছত তেওঁ চকু তুলি চাই, ধনী লোক সকলক দান পাত্ৰত ধন সুমুৱাই দিয়া দেখিলে।
Acts 2:44 in Assamese 44 আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে।
Acts 4:33 in Assamese 33 পাঁচনি সকলে মহান শক্তিৰ প্ৰভাৱেৰে প্ৰভু যীচুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা অনুগ্ৰহ প্ৰাপ্ত হ’ল।
Acts 11:28 in Assamese 28 আৰু তেওঁলোকৰ মাজৰ আগাব নামেৰে এজনে উঠি, পবিত্র আত্মাৰ দ্বাৰাই চালিত হৈ জনালে যে, গোটেই জগতত বৰ আকাল হ’ব আৰু ক্লৌদিয়ৰ দিনত সেয়ে ঘটিব৷
Acts 13:12 in Assamese 12 এই ঘটনা দেখি, সেই অধিপতিয়ে প্ৰভুৰ উপদেশত বিস্ময় মানি বিশ্বাস কৰিলে৷
Acts 13:15 in Assamese 15 তাতে বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলৰ বাক্য পঢ়াৰ পাছত, নাম-ঘৰৰ অধিকাৰী সকলে তেওঁলোকৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হে ভাই সকল, মানুহবোৰলৈ তোমালোকৰ যদি কোনো উদগণিৰ কথা আছে, তেনেহলে সেই বিষয়ে কোৱা৷”
Acts 15:32 in Assamese 32 যিহূদা আৰু চীল নিজেও ভাৱবাদী হোৱাত তেওঁলোকে বহুতো কথাৰে ভাই সকলক উৎসাহ দি শক্তি যোগালে।
Acts 20:2 in Assamese 2 পাছত সেই অঞ্চলেদি ফুৰি, বিভিন্ন কথাৰে শিষ্য সকলক উদগণি দি, তেওঁ গ্ৰীচ দেশ পালেগৈ।
Acts 20:28 in Assamese 28 আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই লোক সকলৰ বাবে সাৱধান হওক, আৰু ঈশ্বৰে নিজে দান কৰা তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।
Romans 12:13 in Assamese 13 পবিত্ৰ লোক সকলৰ অভাৱ দূৰ কৰা কথাত, তেওঁলোকৰ সহভাগী হওক; অতিথি-সেৱাত আসক্ত হওক।
Romans 13:6 in Assamese 6 আৰু এই কাৰণে আপোনালোকে দিবলগীয়া কৰ আদায় দিয়ক; কিয়নো তেওঁলোক ঈশ্বৰৰ সেৱক হৈ, সেই কৰ্মতেই লাগি থাকে।
1 Corinthians 12:28 in Assamese 28 আৰু ঈশ্বৰে মণ্ডলীত প্ৰথমে পাঁচনি সকলক, দ্বিতীয়তে ভাববাদী সকলক, তৃতীয়তে উপদেশক সকলক স্থাপন কৰিলে; তাৰ পাছত পৰাক্ৰম কাৰ্য কৰোতাসকলক, তাৰ পাছত সুস্থ কৰিব পৰা বৰ থকাসকলক, উপকাৰক সকলক, শাসন-পদ পোৱা সকলক আৰু নানা ভাষা কওতা সকলক নিযুক্ত কৰিলে।
1 Corinthians 14:3 in Assamese 3 কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মানুহবোৰক আত্মিকতাত বৃদ্ধি কৰিবলৈ আৰু আশ্বাস আৰু সান্ত্বনা দিবলৈ কথা কয়।
2 Corinthians 1:12 in Assamese 12 এতিয়া আমাৰ শ্লাঘা এয়ে যে, আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনে কি, অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ।
2 Corinthians 8:1 in Assamese 1 হে প্ৰিয় ভাইসকল, মাকিদনিয়া প্ৰদেশৰ মণ্ডলী সমূহক দিয়া ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে মই আপোনালোকক জনাওঁ যে,
2 Corinthians 8:12 in Assamese 12 কিয়নো যদি কার্য কৰিবলৈ আগ্ৰহ থাকে, তেনেহলে এইটো ভাল আৰু গ্ৰহণীয় বিষয়, কিন্তু ব্যক্তি জনৰ যি ভিত্তি আছে, সেই অনুসাৰে, তেওঁৰ যি নাই, সেই অনুসাৰে নহয়।
2 Corinthians 9:7 in Assamese 7 প্ৰতিজনে নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক৷ মনোদুখেৰে যেন নহয় বা আৱশ্যকতাৰেও যেন নিদিয়ে; কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।
2 Corinthians 9:11 in Assamese 11 এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হ’ব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব।
2 Corinthians 9:13 in Assamese 13 আপোনালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্ৱাৰাই অনুমোদিত কৰা হ’ল; আপোনালোকে ঈশ্বৰক মহিমান্বিত কৰিছে, কিয়নো আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি বশৱৰ্ত্তী হোৱা কাৰণে আৰু তেখেত সকললৈ আৰু আন লোকলৈও আপোনালোকে ভালেমান দান কৰিলে৷
2 Corinthians 11:3 in Assamese 3 কিন্তু মই ভয় কৰোঁ, যেনেকৈ সেই সৰ্পই তাৰ ধূৰ্ত্ততাৰে হাৱাক ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাব আছে, সেই ভাব যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়৷
Ephesians 6:5 in Assamese 5 দাস সকল, তোমালোক যেনেকৈ খ্ৰীষ্টৰ, তেনেকৈ গভীৰ আন্তৰিক শ্ৰদ্ধা আৰু কম্পনেৰে সৈতে সতৰ্কতাৰে জগতত থকা নিজৰ প্ৰভু সকলৰ আজ্ঞাধীন হোৱা;
Colossians 3:22 in Assamese 22 হে দাস সকল, আপোনালোকে সকলো বিষয়তে মাংস-সম্বন্ধীয় নিজ নিজ প্ৰভু সকলৰ আজ্ঞাধীন হওক। আপোনালোক চকুৰ সন্মুখত, মানুহৰ সন্তোষজনক নহৈ কিন্তু আন্তৰিকতাৰে প্ৰভুলৈ ভয় ৰাখি, তেওঁলোকৰ সেৱা কৰক৷
1 Thessalonians 2:3 in Assamese 3 কিয়নো আমাৰ উপদেশ ভুল শিক্ষাৰ পৰা নহয়, অশুচিতামূলক উদ্দেশ্যৰ পৰাওঁ নহয় বা ছলনাযুক্ত নহয়;
1 Thessalonians 2:8 in Assamese 8 এইদৰে আপোনালোকৰ প্ৰতি আমি অধিক স্নেহশীল আছিলোঁ। আপোনালোকক কেৱল ঈশ্বৰৰ শুভবাৰ্তা দিয়াতে সন্তুষ্ট নাছিলো, কিন্তু আপোনালোকৰ কাৰণে নিজৰ প্ৰাণ দিবলৈও আমি সন্মত আছিলোঁ; কাৰণ আমাৰ বাবে আপোনালোক অতি প্ৰিয়।
1 Thessalonians 5:12 in Assamese 12 ভাই সকল, আমি বিনয় কৰোঁ, যি লোক সকলে আপোনালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত আপোনালোকৰ ওপৰত পৰিচালনাত আছে, আৰু আপোনালোকক উপদেশ দিয়ে, সেই লোক সকলক আপোনালোকে সন্মান কৰক।
1 Timothy 3:4 in Assamese 4 সেই লোক জনে যেন নিজৰ ঘৰৰ লোক সকলক উত্তমৰূপে শাসন কৰে আৰু তেওঁৰ সন্তানবোৰে যেন সকলো সন্মানেৰে তেওঁক মানি চলে৷
1 Timothy 4:13 in Assamese 13 মই নোযোৱালৈকে তুমি লোক সমূহক পঢ়োৱাত, উদগণি দিয়াত আৰু শিক্ষা প্ৰচাৰ কৰা কাৰ্যত মনোযোগ দি থাকিবা।
1 Timothy 5:17 in Assamese 17 যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য প্ৰচাৰ কৰাত আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক।
Hebrews 10:25 in Assamese 25 কোনো কোনো জনৰ দস্তুৰ মতে আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক; কিয়নো দিন যিমান ওচৰ হৈ আহিছে, সিমানে অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওঁহক।
Hebrews 13:7 in Assamese 7 আপোনালোকৰ যি নায়ক সকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ’ল, তেওঁলোকক সোঁৱৰণ কৰক; আৰু তেওঁলোকৰ জীৱন, আচৰণৰ শেষগতি চাই-চিন্তি, তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক।
Hebrews 13:17 in Assamese 17 আপোনালোকে আপোনালোকৰ নায়ক সকলক মান্য কৰি তেওঁলোকৰ বশীভূত হওক; কিয়নো হিচাপ দিব লগা লোক সকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে; এতেকে তেওঁলোকে যেন সেই কৰ্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব পাৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হওক; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে আপোনালোকৰ একো হিত নহ’ব।
Hebrews 13:22 in Assamese 22 হে ভাই সকল, মই আপোনালোকক উৎসাহিত কৰোঁ, আপোনালোকে এই উদগণিৰ বাক্য সহন কৰিব; কিয়নো মই সংক্ষেপে আপোনালোকৰ বাবে লিখিলোঁ।
Hebrews 13:24 in Assamese 24 আপোনালোকে আপোনালোকৰ নায়ক সকলক আৰু সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিব। ইটালী দেশৰ লোক সকলে আপোনালোকক মঙ্গলবাদ কৰিছে।
1 Peter 4:9 in Assamese 9 আপত্তি নকৰাকৈ ইজন-সিজনৰ প্ৰতি অতিথিপৰায়ণ হওক।
1 Peter 5:2 in Assamese 2 গতিকে, মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ, হে পৰিচাৰক সকল, ঈশ্ৱৰৰ মেষৰ জাকক আপোনালোকে যত্ন লওঁক৷ তেওঁলোকক প্ৰতিপালন কৰক, অৱশ্যে আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছা অনুসাৰে কৰক। তেওঁলোকৰ যত্ন, অসৎ ধনৰ বাবে নকৰিব কিন্তু স্ৱ-ইচ্ছাৰে কৰক৷