Revelation 7:12 in Assamese 12 আৰু ক’লে, “আমেন! প্ৰশংসা, মহিমা, জ্ঞান, ধন্যবাদ, সমাদৰ, পৰাক্ৰম আৰু শক্তি চিৰকাল আমাৰ ঈশ্বৰৰ প্ৰতি হওক! আমেন৷”
Other Translations King James Version (KJV) Saying, Amen: Blessing, and glory, and wisdom, and thanksgiving, and honour, and power, and might, be unto our God for ever and ever. Amen.
American Standard Version (ASV) saying, Amen: Blessing, and glory, and wisdom, and thanksgiving, and honor, and power, and might, `be' unto our God for ever and ever. Amen.
Bible in Basic English (BBE) So be it. Let blessing and glory and wisdom and praise and honour and power and strength be given to our God for ever and ever. So be it.
Darby English Bible (DBY) saying, Amen: Blessing, and glory, and wisdom, and thanksgiving, and honour, and power, and strength, to our God, to the ages of ages. Amen.
World English Bible (WEB) saying, "Amen! Blessing, glory, wisdom, thanksgiving, honor, power, and might, be to our God forever and ever! Amen."
Young's Literal Translation (YLT) saying, `Amen! the blessing, and the glory, and the wisdom, and the thanksgiving, and the honour, and the power, and the strength, `are' to our God -- to the ages of the ages! Amen!'
Cross Reference Nehemiah 12:8 in Assamese 8 লেবীয়া সকল যেচুৱা, বিন্নুই, কদমীয়েল, চেৰেবিয়া, যিহূদা আৰু মত্তনিয়া; এই মত্তনিয়া আৰু তেওঁৰ সহযোগী সকল ধন্যবাদৰ গীত গোৱাসকলৰ দায়িত্ৱত আছিল।
Nehemiah 12:46 in Assamese 46 বহু দিনৰ পূৰ্ব্বে, দায়ূদ আৰু আচফৰ সময়ত তাত গায়ক সকলৰ পৰিচালক আছিল, আৰু ঈশ্বৰৰ উদ্দেশ্যে ধন্যবাদ প্রশংসাৰ স্তুতিগীত কৰিছিল।
Psalm 41:13 in Assamese 13 ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা, অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত। আমেন, আৰু আমেন।
Psalm 50:14 in Assamese 14 ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।
Psalm 72:19 in Assamese 19 তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক; আৰু সমুদায় পৃথিবীত তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন।
Psalm 89:52 in Assamese 52 যিহোৱা চিৰকাললৈকে ধন্য হওঁক। আমেন, আৰু আমেন।
Psalm 95:2 in Assamese 2 আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ; স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দধ্বনি কৰোঁহক।
Psalm 100:4 in Assamese 4 তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা, তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা; তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।
Psalm 106:48 in Assamese 48 অনাদি কালৰ পৰা অনন্ত কাললৈকে, ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা; সকলো লোকে “আমেন” বুলি কওক। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Psalm 107:22 in Assamese 22 তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক; আনন্দ গীতেৰে তেওঁৰ কৰ্মৰাজিৰ বৰ্ণনা কৰক।
Psalm 116:17 in Assamese 17 মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম; মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম।
Psalm 147:7 in Assamese 7 তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা; বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা।
Isaiah 51:3 in Assamese 3 হ’য় যিহোৱাই চিয়োনক শান্ত্বনা দিব, তেওঁ সকলো উচ্ছন্ন ঠাইক শান্ত্বনা দিব; তাৰ জনবসতিহীন ঠাইবোৰ এদেনৰ দৰে , আৰু জর্দন নদীৰ উপত্যকাৰ কাষৰ সমতল মৰুভূমি যিহোৱাৰ উদ্যানৰ দৰে কৰিলে; তাত আনন্দ আৰু উল্লাস, ঈশ্বৰক ধন্যবাদ জ্ঞাপন,আৰু স্তুতি-গীতৰ ধ্বনি পোৱা যাব।
Jeremiah 33:9 in Assamese 9 আৰু মই তেওঁলোকলৈ কৰা সকলো মঙ্গল-কাৰ্য্যৰ কথা পৃথিৱীৰ যি জাতিসকলে শুনিব, আৰু মই তেওঁলোকৰ কাৰণে কৰা আটাই মঙ্গল আৰু শান্তিৰ কথা শুনি ভয়ত কঁপিব, সেই সকলো জাতিৰ আগত এই নগৰ মোৰ পক্ষে আনন্দজনক নাম, প্ৰশংসা আৰু গৌৰৱৰ বিষয় হ’ব’।”
Jeremiah 33:11 in Assamese 11 আকৌ আনন্দৰ ধ্বনি, উল্লাসৰ ধ্বনি, দৰা-কন্যা ধ্বনি আৰু “বাহিনীসকলৰ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো যিহোৱা মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে,” এই বুলি কোৱাসকলৰ ধ্বনি, আৰু যিহোৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি অনাসকলৰ ধ্বনি পুনৰায় শুনা যাব। কিয়নো, মই এই দেশৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰি আগৰ দৰে কৰিম। কিয়নো যিহোৱাই এই কথা কৈছে।
Jonah 2:9 in Assamese 9 কিন্তু মই হ’লে স্তুতি-ধন্যবাদেৰে আপোনাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; মই কৰা সংকল্প সিদ্ধ কৰিম; পৰিত্ৰাণ যিহোৱাৰ পৰাই আহে!”
Matthew 6:13 in Assamese 13 আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ৰক্ষা কৰা (ধৰি ৰাখা)৷ কিয়নো ৰাজ্য, মহিমা আৰু পৰাক্ৰম চিৰকাল তোমাৰেই হওক৷ আমেন৷’
2 Corinthians 4:15 in Assamese 15 কিয়নো এইবোৰ আপোনালোকৰ কাৰণেহে হৈছে, যাতে অনেক লোকে ঈশ্বৰৰ মহিমাৰ অর্থে অনুগ্রহ পায় ধন্যবাদত উপচি পৰে।
2 Corinthians 9:11 in Assamese 11 এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হ’ব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব।
Colossians 2:7 in Assamese 7 তেওঁতেই দৃঢ় ৰূপে শিপা ধৰি, তেওঁত গঁথা হৈ, যেনেকৈ শিক্ষা পাইছিল, তেনেকৈ বিশ্বাসত স্থিৰ হৈ থাকক, আৰু ধন্যবাদত উপচি পৰক।
Colossians 3:17 in Assamese 17 আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক, সকলোকে প্ৰভু যীচুৰ নামত কৰক; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
Jude 1:25 in Assamese 25 তেৱেঁই একমাত্র ঈশ্বৰ, আমাৰ ত্রাণকর্তা; প্রভু যীচু খ্ৰীষ্টৰ দ্বাৰা তেওঁৰেই মহিমা, মহত্ব, অধিকাৰ আৰু ক্ষমতা, যুগৰ পূৰ্বতে আৰু এতিয়া আৰু চিৰকাললৈ হওক। আমেন।
Revelation 1:18 in Assamese 18 আৰু জীয়াই থকা জন৷ মই মৃত হ’লো, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ; মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে।
Revelation 5:12 in Assamese 12 তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে, “হত হোৱা যি মেষ-পোৱালি, তেৱেঁই পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱাৰ যোগ্য”।
Revelation 19:4 in Assamese 4 পাছত সেই চৌবিশ জন পৰিচাৰক আৰু চাৰি জীৱিত প্ৰাণীয়ে সিংহাসনত বহি থকা ঈশ্ৱৰক দণ্ডৱতে আৰাধনা কৰিলে৷ তেওঁলোকে ক’লে, “আমেন৷ হাল্লিলুয়া!”