Revelation 1:7 in Assamese 7 চাওক, তেওঁ মেঘৰ সৈতে আহিছে; আটাই চকুৱে তেওঁক দেখিব, যি সকলে তেওঁক বিন্ধিলে, তেওঁলোকেও তেওঁক দেখিব; আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব; হয়, আমেন।
Other Translations King James Version (KJV) Behold, he cometh with clouds; and every eye shall see him, and they also which pierced him: and all kindreds of the earth shall wail because of him. Even so, Amen.
American Standard Version (ASV) Behold, he cometh with the clouds; and every eye shall see him, and they that pierced him; and all the tribes of the earth shall mourn over him. Even so, Amen.
Bible in Basic English (BBE) See, he comes with the clouds, and every eye will see him, and those by whom he was wounded; and all the tribes of the earth will be sorrowing because of him. Yes, so be it.
Darby English Bible (DBY) Behold, he comes with the clouds, and every eye shall see him, and they which have pierced him, and all the tribes of the land shall wail because of him. Yea. Amen.
World English Bible (WEB) Behold, he is coming with the clouds, and every eye will see him, including those who pierced him. All the tribes of the earth will mourn over him. Even so, Amen.
Young's Literal Translation (YLT) Lo, he doth come with the clouds, and see him shall every eye, even those who did pierce him, and wail because of him shall all the tribes of the land. Yes! Amen!
Cross Reference Numbers 24:17 in Assamese 17 মই তেওঁক দেখিছোঁ, কিন্তু বৰ্ত্তমানে নাই; তেওঁক দৰ্শন পাইছোঁ, কিন্তু তেওঁৰ ওচৰত থকা নাই। যাকোবৰ মাজৰ পৰা এটা তৰা উদয় হ’ব, ইস্ৰায়েলৰ মাজৰ পৰা এক ৰাজ-দণ্ড উঠিব; সেয়ে মোৱাবৰ দীৰ্ঘ-প্ৰস্থ গুড়ি কৰিব, আৰু হুৰামূৰা কৰা গোটেই বংশক সংহাৰ কৰিব।
Judges 5:31 in Assamese 31 হে যিহোৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়! কিন্তু যিসকলে তোমাক প্রেম কৰে, সেইসকল যেন প্ৰতাপেৰে উদয় হোৱা সূৰ্য্যৰ নিচিনা হৈ উঠে। ইয়াৰ পাছত দেশত চল্লিশ বছৰলৈকে শান্তি আছিল।
Job 19:26 in Assamese 26 আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত, মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম।
Job 33:26 in Assamese 26 সি ঈশ্বৰৰ আগত প্ৰাথনা কৰিলে, তেওঁ তালৈ প্ৰসন্ন হব; তাতে সি তেওঁৰ মুখ আনন্দেৰে দেখিব, আৰু তেওঁ মানুহক তাৰ ধাৰ্ম্মিকতা ওলোটাই দিব।
Psalm 22:16 in Assamese 16 কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে, দুষ্ট কার্য কৰা লোকসমূহে মোক বেৰি আছে; মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে।
Psalm 68:1 in Assamese 1 ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; তেওঁক ঘিণাওঁতাসকল তেওঁৰ আগৰ পৰা দূৰ হওঁক।
Psalm 97:2 in Assamese 2 তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্ম্মিকতা আৰু ন্যায়বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল।
Isaiah 19:1 in Assamese 1 মিচৰৰ বিষয়ে কৰা ঘোষণা। চোৱা, যিহোৱাই দ্ৰুতগামী মেঘত উঠি মিচৰ দেশলৈ আহিছে; তেওঁৰ সন্মুখত মিচৰৰ মুৰ্ত্তিবোৰ কম্পমান কৰিছে, আৰু মিচৰীয়াসকলৰ হৃদয় তেওঁলোকৰ ভিতৰত দ্রৱ হৈছে।
Daniel 7:13 in Assamese 13 মই সেই দর্শনত, আকাশৰ ডাৱৰৰ সৈতে মানুহৰ পুত্রৰ দৰে এজনক অহা দেখিলোঁ; তেওঁ প্রাচীন জনৰ ওচৰলৈ আহিল আৰু তেওঁৰ সন্মুখত উপস্থিত হৈছিল।
Nahum 1:3 in Assamese 3 যিহোৱা ক্ৰোধত ধীৰ আৰু পৰাক্ৰমত মহান; কিন্তু তেওঁ দোষীক কোনো মতেই নিৰ্দ্দোষী ঘোষণা নকৰে; বা-মাৰলী আৰু ধুমুহা হ’ল যিহোৱাৰ পথ আৰু মেঘ তেওঁৰ ভৰিৰ ধূলিস্বৰূপ।
Zechariah 12:10 in Assamese 10 আৰু দায়ূদ-বংশৰ আৰু যিৰূচালেম নিবাসীসকলৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ কাৰণে আত্মা বাকি দিম; তেতিয়া তেওঁলোকে মোক যি দৰে বিন্ধিছিল, সেই বিষয়ে তেওঁলোকে চাব। একেটি পুত্ৰৰ কাৰণে বিলাপ কৰা নিচিনাকৈ তেওঁলোকে তেওঁৰ কাৰণে বিলাপ কৰিব আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁলোকে তেওঁৰ কাৰণে মনত বেজাৰ পাব।
Matthew 24:30 in Assamese 30 যেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ’ব; তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব৷ আকাশত মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহা প্ৰতাপেৰে অহা দেখিব।
Matthew 26:64 in Assamese 64 যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ ক’লা; তথাপি মই তোমালোকক কওঁ, এতিয়াৰ পৰা তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু আকাশৰ মেঘত অহা দেখিবা।”
Mark 13:26 in Assamese 26 তেতিয়া তেখেত সকলে মানুহৰ পুত্ৰক, পৰাক্ৰম আৰু প্ৰতাপেৰে মেঘৰ ওপৰত অহা দেখিব।
Mark 14:62 in Assamese 62 তেতিয়া যীচুৱে ক’লে, “মই হওঁ, আৰু তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু আকাশত মেঘেৰে অহা দেখিবা।”
Luke 21:27 in Assamese 27 তেতিয়া পৰাক্ৰম আৰু মহা প্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব।
Luke 23:28 in Assamese 28 কিন্তু যীচুৱে তেওঁলোকলৈ ঘূৰি ক’লে, “হে যিৰূচালেমৰ জীয়ৰী সকল, মোৰ বাবে নাকান্দিবা, নিজৰ বাবে আৰু তোমালোকৰ সন্তান সকলৰ বাবে ক্ৰন্দন কৰা।
John 19:34 in Assamese 34 তথাপি সৈন্য সকলৰ এজনে বৰছাৰে খোঁচ মাৰি তেওঁৰ কোষ হানিলে; আৰু তেতিয়াই তাৰ পৰা তেজ আৰু পানী ওলাই আহিল।
John 19:37 in Assamese 37 ধৰ্মশাস্ত্ৰৰ বচনে পুনৰ আন এঠাইত কৈছে, ‘তেওঁলোকে যি জনক বিন্ধিলে, সেই জনলৈকে দৃষ্টি কৰিব’।
Acts 1:9 in Assamese 9 এই কথা কোৱাৰ পাছত প্রভু যীচুক আকাশলৈ তুলি নিয়া হ’ল আৰু তেওঁলোকৰ চকুৰ আগতে এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে। তাতে তেওঁলোকে ওপৰলৈ ৰ’ লাগি চাই থাকিল।
1 Thessalonians 1:10 in Assamese 10 ঈশ্বৰে যি পুত্রক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ ঘূৰি অহালৈ স্বৰ্গত অপেক্ষাও কৰি আছে। সেই পুত্র যীচুৱেই আমাক আহিব লগা ক্রোধৰ পৰা উদ্ধাৰ কৰিব।
1 Thessalonians 4:17 in Assamese 17 তাৰ পাছত আমি যি সকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ লবলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হ’ব আৰু এইদৰে আমি সদায় প্ৰভুৰ সঙ্গী হম।
Hebrews 6:6 in Assamese 6 আৰু তাৰ পাছত যদি তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে গৈ ভ্ৰষ্ট হয়, তেনেহলে তেওঁলোকক পুনৰ মন-পালটন কৰা অসাধ্য; কাৰণ তেওঁলোকে নিজৰ অর্থে ঈশ্বৰৰ পুত্ৰক পুনৰ ক্ৰুচত দিলে আৰু প্ৰকাশ্যৰূপে মানুহৰ আগত তেওঁক নিন্দাৰ পাত্ৰ কৰিলে।
Hebrews 10:29 in Assamese 29 তেনেহলে ঈশ্বৰৰ পুত্ৰক যি জনে ভৰিৰ তলত গছকে, আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰীকৃত হৈছিল, সেই তেজক যি জনে অশুচি কৰে, আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে, সেই জন আপোনালোকৰ বিবেচনা অনুসৰি, তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ দণ্ডৰ যোগ্য-পাত্ৰ বুলি গণিত হ’ব!
1 John 3:2 in Assamese 2 হে প্ৰিয় সকল, এতিয়া আমি ঈশ্বৰৰ সন্তান; কিন্তু পাছত কি হ’ম, সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। কিন্তু আমি জানো যে, খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ’ব, তেতিয়া আমি তেওঁৰ নিচিনাই হ’ম৷ তেওঁ যেনেকুৱা আছে, তেনেকুৱাই তেওঁক দেখিম৷
Jude 1:14 in Assamese 14 আদমৰ পৰা সপ্তম পুৰুষ যি হনোক, তেৱোঁ তেওঁলোকৰ উদ্দেশ্যে ভাবোক্তি প্ৰচাৰ কৰি কৈছিল, “চোৱা, প্ৰভু নিজৰ অযুত অযুত পবিত্ৰ লোকৰ সৈতে,
Revelation 6:15 in Assamese 15 তেতিয়া পৃথিৱীৰ সকলো ৰজা, প্ৰধান লোক, সেনাপতি, ধনৱন্ত আৰু বলৱন্ত, দাস আৰু স্বাধীন লোক সকলে গুহাত আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই ৰাখিলে৷
Revelation 14:14 in Assamese 14 পাছত মই চাই বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলোঁ৷ তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু হাতত চোকা কাচি আছিল।
Revelation 18:15 in Assamese 15 এই সকলো বস্তুৰে যি সদাগৰ সকল তাইৰ পৰা ধনৱন্ত হৈ গ’ল, তেওঁলোকে তাইৰ যাতনা দেখি ভয়তে দুৰৈত থিয় হৈ, ক্ৰন্দন আৰু শোক কৰিব৷
Revelation 19:1 in Assamese 1 এইবোৰ ঘটনা ঘটাৰ পাছত, মই স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি শুনিলোঁ, বোলে, “হাল্লিলুয়া৷ পৰিত্ৰাণ, মহিমা আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ৷
Revelation 22:4 in Assamese 4 তেওঁলোকে তেওঁৰ মুখ দেখা পাব; আৰু তেওঁলোকৰ কপালত তেওঁৰ নাম লিখা থাকিব।
Revelation 22:20 in Assamese 20 যি জনে এই কথাৰ সাক্ষ্য দিছে, তেৱেঁ কৈছে, “হয়! মই বেগাই আহি আছোঁ।” আমেন! হে প্ৰভু যীচু, আহক!