Psalm 75 in Assamese
1 হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম; আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা; লোকসকলে তোমাৰ আছৰিত কাৰ্য্যবোৰ বৰ্ণনা কৰি আছে।
2 যেতিয়া নিৰুপিত সময় উপস্থিত হব ; তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম।
3 যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভযাতুৰ আৰু দুর্বল; তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। চেলা
4 মই অহঙ্কাৰীসকলক কলোঁ, “তোমালোকে অহঙ্কাৰৰে কাৰ্য্য নকৰিবা;” দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি:সংশয় নহবা; দুষ্টসকল জয়ী হবলৈ অত্যন্ত নিশ্চিন্ত নহওক।
5 তোমালোক জয়ী হবলৈ অত্যন্ত নিশ্চিন্ত নহবা; তোমালোকে গর্বকৰি কথা নকবা।”
6 কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয়লাভ নহয়।
7 কিন্তু ঈশ্বৰ ন্যায় বিচাৰক; কোনোক তললৈ নমায়, কোনোক উপৰলৈ তোলে।
8 কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে; আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে; পৃথিৱীৰ আটাই দুষ্টলোকসকলক অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব।
9 কিন্তু মই হলে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম; মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতিগান কৰিম।
10 তেওঁ ক’লে,“মই দুষ্টলোকসকলৰ আটাই শিং কাটি পেলাম; কিন্তু ধাৰ্ম্মিক লোকসকলৰ শিং উচ্চ কৰিম।”