Psalm 76 in Assamese

1 যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান।

2 চালেমত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতিস্থান আছে।

3 তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে; ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। চেলা

4 তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ; যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, যত তুমি তোমাৰ শিকাৰ আহত কৰিছিলা।

5 এই দুঃসাহিয়ালসকলক অপহৰণ কৰা হল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হল। পৰাক্ৰমীসকল অসহায় হ’ল।

6 হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথচালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল।

7 তুমি, হয় তুমিয়েই আতঙ্কজনক; তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হব পাৰে?

8 তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হ’য়; পৃথিবী আতঙ্কিত হৈ নিৰৱে আছিল।

9 হে ঈশ্বৰে তুমি উঠা বিচাৰ নিস্পতি কৰা; পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা।চেলা

10 অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেইলোকসকলৰ প্ৰসংশাৰ কাৰণ হ’ব; তুমি সমৰ্পূণকৈ ক্রোধ প্রকাশ কৰিবা।

11 তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা; তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব।

12 তেওঁ ৰাজকোৱঁৰ সকলৰ সাহস খর্ব কৰিব; তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।