Psalm 74 in Assamese

1 হে ঈশ্বৰ, তুমি কিয় আমাক চিৰকাললৈকে অস্বীকাৰ কৰিলা? তোমাৰ চৰণীয়া পথাৰৰ ভেড়া জাকৰ বিৰুদ্ধে তোমাৰ ক্ৰোধাগ্নি কিয় জ্বলিছে?

2 তুমি পূৰ্ব্বে মুক্ত কৰা কোলসকলৰ উদ্দেশ্যে; তোমাৰ অধিকাৰৰ ফৈদ হবলৈ ক্রয় কৰা; আৰু তুমি নিবাস কৰা চিয়োন পৰ্ব্বতক সোঁৱৰণ কৰা।

3 তুমি চিৰকালৰ এই ধ্বংস-স্তূপৰ ঠাইলৈ আগবাঢ়ি আহি চোৱা; পবিত্র স্থানত শত্রুৱে সকলোবোৰ ভাঙি-চিঙি চূৰ-মাৰ কৰিলে।

4 তোমাৰ বিৰোধী তোমাৰ পবিত্রস্থানৰ মাজত গৰ্জ্জন কৰিছে; তেওঁলোকে তাত যুদ্ধৰ পতকা সংস্থাপন কৰিছে।

5 ভাব হয় যেন তেওঁলোকে জাৰণিৰ গছবোৰৰ অহিতে কুঠাৰ চলাইছিল।

6 তেওঁলোকে নক্সা কটা(খোদিত কৰা) আটাই কাঠবোৰ থেটালি ভাঙিছে; কুঠাৰ আৰু হাতুৰীৰে একেবাৰে ভাঙি পেলাইছে।

7 তেওঁলোকে তোমাৰ পবিত্রস্থানত জুই লগাই দিছে; তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে।

8 তেওঁলোকে নিজৰ মনতে কলে, “আমি সকলোকে একেবাৰে ধংস কৰো।” তেওঁলোকে মাটিৰ ওপৰত থকা ঈশ্বৰৰ সকলো সভাগৃহ পুৰি ভস্ম কৰিলে।

9 আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই, তাত কোনো ভাৱবাদীও নাই; কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই।

10 হে ঈশ্বৰ,শত্রুৱে নো আৰু কিমান কাললৈ তোমাক নিন্দা কৰি থাকিব? বিৰোধিসকলে চিৰকাললৈকে তোমাৰ নাম তিৰস্কাৰ কৰি থাকিবনে?

11 তুমি কিয় তোমাৰ হাত খন, সেই তোমাৰ সোঁ হাতখন কোঁচাই ৰাখিছা? তুমি পিন্ধি থকা বস্ত্রৰ পৰা সোহাঁত খন উলিওৱা আৰু তেওঁলোকক ধংস কৰা।

12 তথাপিও ঈশ্বৰ পূৰ্ব্বকালৰে পৰা মোৰ ৰজা; তেওঁ পৃথিবীৰ মাজত পৰিত্ৰাণৰ কার্য কৰিছে।

13 তুমিয়েই নিজৰ শক্তিৰে সমুদ্ৰক দুভাগ কৰিছিলা; তুমিয়েই সাগৰৰ পানীতথকা দৈত্যৰ মূৰ থেতালি ভাঙিছিলা।

14 তুমিয়েই লিবিয়াথন জন্তুৰ মূৰ কেইটা গুড়ি কৰিছিলা; তুমিয়েই তাক মৰুভূমিৰ নিবাসীসকলৰ আহাৰৰ বাবে দিছিলা।

15 তুমিয়েই পৰিতক্ত অবস্থাত ভুমুক আৰু জুৰি বোৱাইছিলা; সদায় বৈ থকা নদীকো শুকুৱাই দিছিলা।

16 দিন তোমাৰ, আৰু ৰাতিও তোমাৰেই; তুমিয়েই চন্দ্ৰ আৰু সূৰ্যক নিজ নিজ স্থানত স্থাপন কৰিলা।

17 তুমিয়েই পৃথিবীৰ সকলো সীমা স্থাপন কৰিলা; তুমিয়েই শীত আৰু গ্রীস্মকাল বনালা।

18 হে যিহোৱা, তুমি পাহৰি নাযাবা শত্ৰুৱে যে তোমাক ঠাত্তা নিন্দা কৰিছে; মূর্খ লোকসকলে যে তোমাৰ নাম অনাদৰ কৰিছে।

19 তোমাৰ প্রিয় কপৌৰ প্ৰাণ বনৰীয়া জন্তুক শোধাই নিদিবা; তোমাক অপদস্থ কৰা সকলৰ জিৱনৰ কথা চিৰকাললৈকে নাপাহৰিবা।

20 তোমাৰ ব্যৱস্থা নিয়মটিলৈ দৃষ্টি কৰা; কিয়নো পৃথিৱীৰ অন্ধকাৰময় ঠাইবোৰ অত্যাচাৰিসকলৰ বাসস্থানৰে ভৰি পৰিছে।

21 উপদ্ৰব পোৱাসকলক লাজ পাই উলটি নাহক; দুখী-অভাবীলোকসকলে তোমাৰ নামৰ প্ৰশংসা কৰক।

22 হে ঈশ্বৰ, উঠা, তোমাৰ আত্ম-সন্মান ৰক্ষা কৰা; মূর্খব্যক্তিযে ওৰে দিনটো তোমাক নিন্দা কৰিছে, তাক পাহৰি নাযাবা।

23 তোমাৰ শত্রুবোৰৰ মাত নাপাহৰিবা; তোমাৰ অহিতে নিতৌ উঠা হুলস্থূল তুচ্ছ কৰা।