Psalm 64 in Assamese
1 হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা; শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
2 দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা; দুৰাচাৰীসকলৰ মানসিক উত্তেজনাৰ অপৰাধ বোৰৰপৰা মোক গুপুতে ৰাখা।
3 তেওঁলোকে তৰোৱাল ধৰোৱাদি নিজৰ জিভা ধৰাইছে; তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে।
4 নির্দোষিজনক গুপুতে মাৰিবলৈ নিজৰ কাঁড় জুৰিছে; তেওঁলোকে তালৈ অকস্মাতে বাণ মাৰে, ভয় নকৰে।
5 সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে; গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে; সিহঁতে কয়, “আমাক কোনে দেখিব?”
6 তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে; তেওঁলোকে কয়, আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ; প্ৰত্যেকৰ আন্তৰিক ভাৱ আৰু হৃদয় গভীৰ।
7 কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব; অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব।
8 তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰুদ্ধি হ’ল; যি সকলে তেওঁলোকক অস্থিৰভাৱে দেখিব; তেওঁলোক সকলোৱে সেইসকলক দেখি মূৰ জোকাৰিব।
9 সকলো মানুহে ভয় কৰিব; তেওঁলোকে ঈশ্বৰৰ কার্য ঘোষণা কৰিব, ঈশ্বৰৰ কাৰ্য্যৰ বিষয়ে জ্ঞানেৰে বিবেচনা কৰিব।
10 ধাৰ্ম্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় লব; ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব।