Psalm 65 in Assamese

1 হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে; তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।

2 হে প্ৰাৰ্থনা শুনোতা জনা, তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।

3 আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে; তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।

4 ধন্য সেইলোক যি জনক তুমি বাচিলৈ নিজৰ কাষলৈ আনা; তোমাৰ চোতাল কেইখনত বাস কৰিব, আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তোষ্ট হম।

5 তোমাৰ ধার্মিকর্তাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকাসকলৰো।

6 এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ বনাই দৃড় কৰে; শক্তিস্বৰূপ টঙালিৰে বিশেষভাৱে নিজকে বান্ধে।

7 সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰোতা, আৰু তাৰ ঢৌৰ গর্জন, লোকসমূহৰ কোলাহল শান্ত কৰোঁতা;

8 পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে; সূর্য উঠা দিশৰ পৰা অস্তযোৱালৈকে আনন্দিত কৰোতা।

9 তুমি পৃথিবীৰ বুজ-বিচাৰ ললা, আৰু তাত জল বৰষালা; তুমি তাক বহু ফলৱান কৰিলা; ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ; তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।

10 তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা; তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা; তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা; তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা।

11 তুমি তোমাৰ মঙ্গলৰ মুকুটৰে বছৰটো ভূষিত কৰিলা; আৰু তোমাৰ ৰথ যোৱা পথবোৰ পুষ্টিকৰ দ্ৰব পোৱা যায়।

12 অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়; আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে।

13 চৰণীয়া পথাৰবোৰত জাক জাক ভেড়াৰ বস্ত্ৰেৰে বিভূষিত হৈছে; উপত্যকাবোৰ শস্যেৰে ঢকা হৈছে; সেইবোৰে জয়-ধ্বনিকৰে আৰু গীতগান কৰে।