Psalm 57 in Assamese

1 হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্ৰয় লৈছে; এনে কি, এই আপদবোৰৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।

2 মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম, মোৰ কাৰ্য্যসাধক ঈশ্বৰক নিবেদন কৰিম ।

3 মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; চেলা । ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব ।

4 মোৰ প্ৰাণ সিংহবোৰৰ মাজত আছে; যিবোৰৰ দাঁত বৰছা আৰু কাঁড়স্বৰূপ, আৰু যিবোৰৰ জিভা চোকা তৰোৱালস্বৰূপ, এনে অগ্নি-শিখাস্বৰূপ মনুষ্য-সন্তানবিলাকৰৰ মাজত মই শুইছোঁ ।

5 হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।

6 সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে; মোৰ প্ৰাণ নত হৈছে । সিহঁতে মোৰ সন্মুখত গাঁত খানিলে; সিহঁত নিজেই তাৰ ভিতৰত পৰিল । চেলা ।

7 হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হল, মোৰ মন সুস্থিৰ হল, মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম ।

8 হে মোৰ হৃদয়, সাৰ পোৱা; হে নেবেল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম ।

9 হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম; লোকসমূহৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম ।

10 কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে, আৰু তোমাৰ সত্যতা আকাশলৈকে ।

11 হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক ।