Psalm 51 in Assamese

1 হে ঈশ্বৰ, তোমাৰ অসীম প্রেম অনুসাৰে মোৰ প্রতি কৃপা কৰা, তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোৰ পাপ মোচন কৰা।

2 মোৰ সকলো অধৰ্ম্ম তুমি ধুই পেলোৱা; মোৰ পাপৰ পৰা মোক শুচি কৰা।

3 মোৰ পাপবোৰ মই নিজে জানিছোঁ; মোৰ পাপ সদায় মোৰ আগত আছে।

4 তোমাৰ বিৰুদ্ধে, কেৱল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিছো; তোমাৰ দৃষ্টিত যি বেয়া মই তাকে কৰিলো; তুমি তোমাৰ বাক্যত ধাৰ্ম্মিক, তোমাৰ বিচাৰ নিখুঁত।

5 চোৱা, অধৰ্ম্মতে মোৰ জন্ম হল; মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে ।

6 তুমি হৃদয়ৰ মাজত সত্যতাক চাব বিচাৰা; সেয়ে, তুমিয়েই মোৰ গোপন হৃদয়ত শিক্ষা দিবা।

7 এচোব বনেৰে তুমি মোৰ পবিত্র কৰা আৰু মই শুচি হ’ম; মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হম।

8 মোক আনন্দ আৰু উল্লাসৰ ধ্বনি শুনিবলৈ দিয়া; তুমি গুড়ি কৰা মোৰ অস্থিবোৰক উল্লাসিত হবলৈ দিয়া।

9 মোৰ পাপসমূহৰ পৰা তুমি তোমাৰ মুখ ঢাকা; মোৰ সকলো অপৰাধ মোচন কৰা।

10 হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা; মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।

11 তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা; তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা ।

12 তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰায় দান কৰা; তোমাৰ উদাৰ আত্মা দি মোক ধৰি ৰাখা ।

13 তেতিয়া মই পাপীবোৰক তোমাৰ পথৰ বিষয়ে শিক্ষা দিম, তাতে পাপী লোক তোমাৰ ফালে ঘূৰিব।

14 হে ঈশ্বৰ, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, ৰক্তপাতৰ দোষৰ পৰা তুমি মোক উদ্ধাৰ কৰা; তাতে মোৰ জিভাই তোমাৰ উদ্ধাৰৰ গীত উচ্চস্বৰে গাব।

15 হে প্ৰভু, মোৰ ওঁঠ মুকলি কৰা; মোৰ মুখে তোমাৰ প্ৰশংসা প্ৰচাৰ কৰিব।

16 কিয়নো তুমি বলিদানত সন্তুষ্ট নোহোৱা; হোৱা হ’লে মই তাক দিলোহেঁতেন; হোমবলিতো তুমি সন্তুষ্ট নোহোৱা।

17 ঈশ্বৰৰ বলি ভগ্ন মন; হে ঈশ্বৰ, ভগ্ন আৰু অনুতাপী মনক তুমি অগ্ৰাহ্য নকৰিবা।

18 তোমাৰ হিত-ইচ্ছাৰে তুমি চিয়োনৰ মঙ্গল কৰা; যিৰূচালেমৰ প্রাচীৰ তুমি পুনৰ নিৰ্ম্মাণ কৰা ।

19 তেতিয়া ধাৰ্ম্মিকতাৰ বলি উৎসর্গ, হোমবলি উৎসর্গ আৰু পূৰ্ণাহুতি হোমবলি উৎসর্গত তুমি আনন্দিত হ’বা। তাৰ পাছত তোমাৰ যজ্ঞবেদীৰ ওপৰত লোকসকলে দামুৰি উৎসৰ্গ কৰিব।