Psalm 2 in Assamese

1 কিয় অস্থিৰ হৈ জাতিসমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোকসমূহে অনর্থক ষড়যন্ত্র কৰিছে?

2 যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে;

3 তেওঁলোকে কৈছে, “আঁহা আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।”

4 যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে; যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে।

5 তেওঁ ক্রোধ কৰি তেওঁলোকক ধমক দিব, তেওঁৰ প্রচণ্ড ক্রোধে তেওঁলোকৰ মনত ভয় জন্মাব।

6 যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”

7 ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম; যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ।

8 তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।

9 লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।”

10 গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা; হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা।

11 ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; কম্পনেৰে সৈতে উল্লাস কৰা।

12 তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হব, তোমালোক নিজৰ পথতে বিনষ্ট হবা; কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে। ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়।