Psalm 137 in Assamese

1 বাবিলৰ নদীবোৰৰ তীৰত বহি আমি কান্দিছিলো, যেতিয়া আমাৰ চিয়োনলৈ মনত পৰিছিল।

2 সেই ঠাইৰ মাজত থকা বাইচী গছত, আমি আমাৰ বীণাবোৰ আৰি থৈছিলোঁ।

3 কিয়নো তাত আমাক বন্দী কৰি নিয়াসকলে আমাক গান গাবলৈ কৈছিল, সেই উপদ্রৱকাৰীসকলে আমাৰ পৰা আনন্দৰ গান শুনিবলৈ বিচাৰিছিল; তেওঁলোকে কৈছিল, “আমাৰ আগত চিয়োনৰ এটি গীত গোৱা।”

4 আমি কেনেকৈ বিদেশী ভূমিত যিহোৱাৰ গীত-গান কৰিম?

5 হে যিৰূচালেম, মই যদি তোমাক পাহৰোঁ, তেন্তে মোৰ সোঁ হাত যেন নিজে অকেজা হৈ যায়।

6 যদি মই তোমাক সোঁৱৰণ নকৰোঁ, যদি যিৰূচালেমক মোৰ সবাতোকৈ বেচি আনন্দৰ বিষয় বুলি নাভাৱো,, তেন্তে, মোৰ জিভা তালুত লাগি ধৰক।

7 হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াসকলে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোৱঁৰণ কৰা; তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা, একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।”

8 হে বাবিল কন্যা, তোমাক বিনাশ কৰা হ’ব; তুমি আমাৰ প্রতি যেনে ৰূপে ব্যৱহাৰ কৰিলা, ধন্য সেইজন, যিজনে তোমাকো তেনে ৰূপে প্ৰতিফল দিব।

9 ধন্য সেইজন, যি জনে তোমাৰ শিশুসকলক ধৰি শিলত আছাৰিব।