Psalm 130 in Assamese

1 হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো।

2 হে প্ৰভূ, মোৰ স্বৰ শুনা! মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া!

3 হে যিহোৱা, তুমি যদি অপৰাধৰ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?

4 কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মনুহে তোমাক ভয় কৰে।

5 মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছোঁ।

6 প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে।

7 হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে; তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে।

8 তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব, সকলো অপৰাধৰ পৰা মুক্ত কৰিব।