Psalm 123 in Assamese

1 হে স্বৰ্গৰ সিংহাসনত থাকোঁতা জনা, মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ।

2 গৰাকীৰ হাতলৈ যেনেকৈ দাসসকলৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীনীৰ হাতৰ ফালে থাকে, তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে।

3 আমাক কৃপা কৰা, হে যিহোৱা, আমাক কৃপা কৰা; কিয়নো আমি লোকসকলৰ তুচ্ছ-তাচ্ছিল্যত অধিককৈ পোঁত গ’লো।

4 আমাৰ প্রাণে বহন কৰিব পৰাতকৈ অধিক হ’ল সেই সুখী লোকসকলৰ বিদ্রূপ আৰু অহঙ্কাৰীসকলৰ অপমান।