Psalm 120 in Assamese

1 মোৰ সঙ্কটৰ কালত মই যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ; তাতে তেওঁ মোক উত্তৰ দিলে।

2 “হে যিহোৱা, মিছলীয়া ওঁঠ আৰু ছলনাকাৰী জিভাৰ পৰা তুমি মোক মুক্ত কৰা।”

3 হে ছলনাকাৰী জিভা, তোমাক তেওঁ কি দিব? তোমাক অধিক শাস্তি দিবলৈ কি কৰা হ’ব?

4 তেওঁ তোমাক বীৰৰ তীক্ষ্ন কাঁড়সমূহ আৰু ৰোতম গছৰ জ্বলা আঙঠাসমূহ দিব।

5 হায়, কি দুর্ভাগ্য মোৰ! মই মেচেকত প্ৰবাস কৰিছোঁ; কেদৰৰ তম্বুবোৰৰ মাজত বসতি কৰিছোঁ।

6 যি সকলে শান্তিক ঘৃণা কৰে, সেই লোকসকলৰ সৈতে মই বহুকাল বাস কৰিছো।

7 মই শান্তি ভাল পাওঁ; কিন্তু মই শান্তিৰ কথা ক’লে, তেওঁলোকে যুদ্ধ কৰিবলৈ বিচাৰে।