Nehemiah 6:12 in Assamese 12 মই অনুভৱ কৰিছিলোঁ যে, ঈশ্বৰে তেওঁক পঠোৱা নাছিল, কিন্তু টোবিয়া আৰু চনবল্লটে তেওঁক ভাড়া দিছিল, সেয়ে তেওঁ মোৰ অহিতে ভাববাণী প্ৰচাৰ কৰিছিল।
Other Translations King James Version (KJV) And, lo, I perceived that God had not sent him; but that he pronounced this prophecy against me: for Tobiah and Sanballat had hired him.
American Standard Version (ASV) And I discerned, and, lo, God had not sent him; but he pronounced this prophecy against me: and Tobiah and Sanballat had hired him.
Bible in Basic English (BBE) Then it became clear to me that God had not sent him: he had given this word of a prophet against me himself: and Tobiah and Sanballat had given him money to do so.
Darby English Bible (DBY) And I perceived, and behold, God had not sent him; for he pronounced this prophecy against me; and Tobijah and Sanballat had hired him.
Webster's Bible (WBT) And lo, I perceived that God had not sent him; but that he pronounced this prophecy against me: for Tobiah and Sanballat had hired him.
World English Bible (WEB) I discerned, and, behold, God had not sent him; but he pronounced this prophecy against me: and Tobiah and Sanballat had hired him.
Young's Literal Translation (YLT) And I discern, and lo, God hath not sent him, for in the prophecy he hath spoken unto me both Tobiah and Sanballat hired him,
Cross Reference Isaiah 56:11 in Assamese 11 সেই কুকুৰবোৰৰ অধিক ভোক লাগে; সিহঁতৰ কেতিয়াও যথেষ্ট নহয়; তেওঁলোক নিৰ্ণয় ল’ব নোৱাৰা ভেড়া-ৰখীয়া, তেওঁলোক সকলোৱে নিজৰ বাটে ঘূৰি গ’ল, আৰু অন্যায় লাভৰ বাবে প্রতিজনেই লোভী।
Jeremiah 14:14 in Assamese 14 তেতিয়া যিহোৱাই মোক ক’লে, ‘সেই ভাববাদীবোৰে মিছাকৈয়ে মোৰ নাম কৰি ভাববাণী প্ৰচাৰ কৰে। মই তেওঁলোকক পঠোৱা, কি কোনো আজ্ঞা দিয়া নাই, নাইবা তেওঁলোকক কোনো কথা কোৱা নাই। তেওঁঁলোকক তোমালোকৰ আগত মিছা দৰ্শন, মঙ্গল চোৱা কথা, অসাৰ কথা, আৰু নিজ নিজ মনৰ প্ৰবঞ্চনামূলক ভাববাণী প্ৰচাৰ কৰে।
Jeremiah 23:16 in Assamese 16 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীবোৰৰ বাক্য নুশুনিবা। তেওঁলোকে তোমালোকক অসাৰতা শিকায়! আৰু যিহোৱাৰ মুখৰ পৰা নোহোৱা নিজ নিজ মনৰ দৰ্শনৰ কথা কয়।’
Jeremiah 23:25 in Assamese 25 ‘মই সপোন দেখিলোঁ! মই সপোন দেখিলোঁ!’ এই বুলি কৈ মোৰ নামেৰে মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাবাবদীসকলে কোৱা কথা মই শুনিলোঁ।
Jeremiah 28:15 in Assamese 15 পাছত যিৰিমিয়া ভাববাদীয়ে হননিয়া ভাববাদীক ক’লে, “হে হননিয়া, শুনা; যিহোৱাই তোমাক পঠোৱা নাই, কিন্তু তুমি এই লোকসকলক মিছা কথাতে বিশ্বাস কৰাইছা।
Ezekiel 13:7 in Assamese 7 তোমালোকে জানো অনৰ্থক দৰ্শন পোৱা নাই? আৰু মিছা মঙ্গলৰ কথা জানো কোৱা নাই? “তথাপি মই নোকোৱাকৈয়ে যিহোৱাই কৈছে বুলি তোমালোকে কোৱা?”
Ezekiel 13:19 in Assamese 19 মিছা কথালৈ কাণ দিওঁতা মোৰ প্ৰজাসকলৰ আগত তোমালোকে মিছা কথা কৈ, মৰিব নলগাসকলৰ প্ৰাণ বধ কৰিবলৈ আৰু জীয়াই থাকিব নলগাসকলৰ প্ৰাণ জীয়াই ৰাখিবলৈ কেই-খামোচমান যৱৰ আৰু কেইডোখৰ মান পিঠাৰ কাৰণে মোৰ প্ৰজাসকলৰ মাজত মোক অপবিত্ৰ কৰিলা।
Ezekiel 13:22 in Assamese 22 মই দুখ নিদিয়া ধাৰ্ম্মিকসকলৰ হৃদয়ত তোমালোকে মিছা কথাৰে দুখ দিয়াৰ কাৰণে আৰু দুষ্টই নিজ প্ৰাণ জীয়াই ৰাখিবলৈ নিজ কু-পথৰ পৰা নুঘূৰিবৰ কাৰণে সেই দুষ্টৰ হাত সবল কৰাৰ কাৰণে,
Micah 3:11 in Assamese 11 তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;
Acts 20:33 in Assamese 33 মই কাৰো ৰূপ বা সোণ বা কাপোৰত লোভ কৰা নাই।
1 Corinthians 2:15 in Assamese 15 কিন্তু আত্মিক ব্যক্তি জনে সকলো বিষয়কে বিচাৰ কৰে; তেওঁ আন কাৰো বিচাৰৰ অধীন নহয়।
1 Corinthians 12:10 in Assamese 10 আন কোনো জনক পৰাক্ৰম কাৰ্য সাধন কৰিবলৈ, আন কোনোক ভাববাণী ক’বৰ, আন কোনোক আত্মাবোৰ বিচাৰ কৰিবৰ, আন কোনোক নানা বিধ ভাষা ক’বৰ, আৰু আন কোনোক নানা ভাষাৰ অৰ্থ প্ৰকাশ কৰিবলৈ বৰ দিয়া হৈছে;
1 Timothy 3:3 in Assamese 3 আৰু মদপী বা প্ৰহাৰক নহৈ, ক্ষান্ত স্বভাৱী, নিৰ্ব্বিৰোধী, নিৰ্ল্লোভী, অৰ্থাৎ ধনক প্ৰেম নকৰা উচিত৷
Titus 1:7 in Assamese 7 অধ্যক্ষৰ বাবে এয়া প্ৰয়োজনীয়, কিয়নো তেওঁ ঈশ্বৰৰ লোক সকলৰ পৰিচাৰক; সেয়েহে, তেওঁ নিষ্কলংক হোৱা উচিত৷ তেওঁ অহংকাৰী, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক আৰু কুচ্ছিত লাভ বিচৰা হ’ব নালাগে৷
1 Peter 5:2 in Assamese 2 গতিকে, মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ, হে পৰিচাৰক সকল, ঈশ্ৱৰৰ মেষৰ জাকক আপোনালোকে যত্ন লওঁক৷ তেওঁলোকক প্ৰতিপালন কৰক, অৱশ্যে আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছা অনুসাৰে কৰক। তেওঁলোকৰ যত্ন, অসৎ ধনৰ বাবে নকৰিব কিন্তু স্ৱ-ইচ্ছাৰে কৰক৷
2 Peter 2:3 in Assamese 3 তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
1 John 4:1 in Assamese 1 হে প্ৰিয় সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল।
Revelation 18:13 in Assamese 13 ডালচেনি, মচলা, ধুপ, সুগন্ধি তেল, ধুনা-এঁঠা, দ্ৰাক্ষাৰস, তেল, মিহি আটাগুড়ি, ঘেঁহু ধান, মেষ, ঘোঁৰা আৰু ৰথ, দাস, আৰু মানুহৰ প্ৰাণবোৰ, এতিয়া কোনেও নিকিনে৷