Nahum 2:13 in Assamese 13 বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমালোকৰ বিপক্ষ;” “মই তোমালোকৰ ৰথবোৰ ধূঁৱাত পুৰি পেলাম আৰু তৰোৱালে তোমালোকৰ যুবা সিংহবোৰক গ্ৰাস কৰিব; মই তোমালোকৰ দেশৰ পৰা তোমালোকৰ চিকাৰ উচ্ছন্ন কৰিম আৰু তোমলোকৰ দূতসকলৰ মাত আৰু শুনা নাজাব।
Other Translations King James Version (KJV) Behold, I am against thee, saith the LORD of hosts, and I will burn her chariots in the smoke, and the sword shall devour thy young lions: and I will cut off thy prey from the earth, and the voice of thy messengers shall no more be heard.
American Standard Version (ASV) Behold, I am against thee, saith Jehovah of hosts, and I will burn her chariots in the smoke, and the sword shall devour thy young lions; and I will cut off thy prey from the earth, and the voice of thy messengers shall no more be heard.
Bible in Basic English (BBE) Food enough for his young and for his she-lions was pulled down by the lion; his hole was full of flesh and his resting-place stored with meat.
Darby English Bible (DBY) Behold, I am against thee, saith Jehovah of hosts: and I will burn her chariots into smoke; and the sword shall devour thy young lions, and I will cut off thy prey from the earth; and the voice of thy messengers shall no more be heard.
World English Bible (WEB) "Behold, I am against you," says Yahweh of Hosts, "and I will burn her chariots in the smoke, and the sword will devour your young lions; and I will cut off your prey from the earth, and the voice of your messengers will no longer be heard."
Young's Literal Translation (YLT) Lo, I `am' against thee, An affirmation of Jehovah of Hosts, And I have burned in smoke its chariot, And thy young lions consume doth a sword, And I have cut off from the land thy prey, And not heard any more is the voice of thy messengers!
Cross Reference Joshua 11:9 in Assamese 9 যিহোৱাই আজ্ঞা দিয়াৰ দৰেই যিহোচূৱাই তেওঁলোকৰ প্ৰতি কাৰ্য্য কৰিলে৷ তেওঁ তেওঁলোকৰ ঘোঁৰাৰ সিৰ্ কাটিলে আৰু ৰথবোৰ জুইৰে পুৰি পেলালে।
2 Kings 18:17 in Assamese 17 তথাপিও, অচূৰৰ ৰজাই লাখীচৰ পৰা তৰ্তন, ৰবচাৰীচ, আৰু ৰবচাকিক বহু সৈন্যসামন্তৰে সৈতে যিৰূচালেমলৈ হিষ্কিয়া ৰজাৰ ওচৰলৈ পঠালে। তেওঁলোকে যাত্ৰা কৰি আহি যিৰূচালেমৰ ওচৰ পাই ওখ ঠাইৰ পুখুৰীৰ পানী বৈ অহা নলাৰ ফালে আগবাঢ়ি গৈ ঘাইপথৰ ধোবাসকলৰ পথাৰৰ কাষত থিয় হ’ল।
2 Kings 18:19 in Assamese 19 ৰবচাকিয়ে তেওঁলোকক ক’লে, ৰজা হিষ্কিয়াক গৈ কওঁক যে, মহাৰাজাধিৰাজ অর্থাৎ অচূৰৰ ৰজাই কৈছে, “আপোনাৰ আস্থাভাজনৰ উৎস কি?
2 Kings 18:27 in Assamese 27 কিন্তু ৰবচাকিয়ে তেওঁলোকক ক’লে, “মোৰ প্ৰভুৱে কেৱল আপোনালোকৰ প্ৰভু আৰু আপোনালোকৰ ওচৰলৈকে এই সকলো কথা ক’বলৈ জানো মোক পঠাইছে? তেওঁ জানো গড়ৰ ওপৰত বহা সেই সকলো লোক, যিসকলে আপোনালোকৰ দৰেই বিষ্ঠা আৰু প্রস্রাৱ খাব লাগিব, তেওঁলোকৰ ওচৰলৈকো মোক পঠোৱা নাই?”
2 Kings 19:9 in Assamese 9 তাৰ পাছতে অচূৰৰ ৰজা চনহেৰীবে খবৰ পালে যে মিচৰ আৰু কুচ (ইথিওপিয়া) দেশৰ ৰজা তিৰ্হাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ওলাই আহিছে। তেতিয়া অচূৰৰ ৰজাই পুনৰ হিষ্কিয়াৰ ওচৰলৈ লোকসকলৰ যোগেদি এক বার্তা পঠাই দিলে:
2 Kings 19:23 in Assamese 23 তুমি নিজ দূতবোৰৰ দ্বাৰাই প্ৰভুৰ নিন্দা কৰি ক’লা, ‘মোৰ অধিক ৰথবোৰেৰে সৈতে পৰ্ব্বতবোৰৰ উচ্চ শিখৰলৈ, লিবানোনৰ আটাইতকৈ ওখ ওখ শিখৰলৈকে উঠি গলোঁ; মই তাৰ ওখ ওখ এৰচ গছবোৰ কাটি পেলাম আৰু তাৰ উত্তম উত্তম দেৱদাৰু গছবোৰ কাটি পেলাম; আৰু মই তাৰ বহুত দূৰলৈকে সোমাই যাম, সকলোতকৈ উত্তম ফলৱতী অৰণ্যৰ ভিতৰলৈ সোমাই যাম।
2 Chronicles 32:9 in Assamese 9 তাৰ পাছত অচুৰৰ ৰজা চনহেৰীব যেতিয়া সৈন্য সামন্তই সৈতে লাখীচৰ ওচৰত আছিল, তেতিয়া যিৰূচালেমলৈ যিহূদাৰ ৰজা হিষ্কিয়াৰ আৰু যিৰূচালেমত থকা সকলো যিহূদাৰ লোকসকলৰ ওচৰলৈ তেওঁৰ দাসসকলৰ দ্বাৰাই তেওঁ এইবোৰ কথা কৈ পঠিয়ালে৷
2 Chronicles 32:19 in Assamese 19 আৰু পৃথিবীত থকা আন জাতিসকলৰ যি দেৱতাবোৰ মানুহৰ হাতেৰে সজা, সেইবোৰৰ বিষয়ে কোৱাৰ দৰে তেওঁলোকে যিৰূচালেমৰ ঈশ্বৰৰ বিষয়েও কথা ক’লে।
Psalm 46:9 in Assamese 9 তেওঁ পৃথিবীৰ সকলো যুদ্ধ বন্ধ কৰে, তেওঁ ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে, ৰথবোৰ জুইত পোৰে।
Isaiah 31:8 in Assamese 8 সেই সময়ত অচুৰীয়া লোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব,আৰু মানুহৰ দ্বাৰাই চালিত নোহোৱা তৰোৱালে তেওঁক গ্রাস কৰিব। তেওঁ তৰোৱালৰ পৰা পলাব, আৰু তেওঁৰ যুবকসকলক কঠিন পৰিশ্রম কৰিবলৈ বাধ্য কৰাব।
Isaiah 33:1 in Assamese 1 নিজৰ ধ্বংস নোহোৱাকৈ ধ্বংস কৰা যি তুমি! বিশ্বাসঘাতকতা নোহোৱাকৈ বিশ্বাসঘাতকতা কৰা যি তুমি, তোমাৰ সন্তাপ হ’ব! যেতিয়া তুমি ধ্বংস কৰিব এৰিবা তেতিয়া তোমাৰ ধ্বংস হ’ব। যেতিয়া তুমি বিশ্বাস ঘাতকতা কৰিব এৰিবা, তেতিয়া তেওঁলোকে তোমাক বিশ্বাস ঘাতকতা কৰিব।
Isaiah 37:36 in Assamese 36 তাৰ পাছত যিহোৱাৰ দূতসকলে ওলাই গৈ অচূৰীয়াসকলৰ চাউনিত আক্রমণ কৰিলে, আৰু এক লাখ পঞ্চাশী হাজাৰ লোকক মাৰিলে। তাতে লোকসকলে ৰাতিপুৱা উঠি তেওঁলোকৰ চাৰিওফালে মৰা শৱ পৰি থকা দেখিলে।
Isaiah 49:24 in Assamese 24 যুদ্ধাৰোসকলে লুন্ঠন কৰি অনা বস্তু জানো তেওঁলোকৰ হাতৰ পৰা ল’ব পাৰি; বা বন্দীসকলক অত্যাচাৰীৰ পৰা উদ্ধাৰ?
Jeremiah 21:13 in Assamese 13 যিহেৱাই কৈছে, চোৱা, হে উপত্যকাত থকা লোক! হে সমথলৰ পৰ্ব্বত-নিবাসীনী, চোৱা, মই তোমাৰ বিপক্ষ “আমাৰ বিৰুদ্ধে কোন নামি আহিব? ‘আমাৰ বাসস্থানবোৰত কোন সোমাব?” এই বুলি কোৱা যি তোমালোক, মই তোমালোকৰ বিপক্ষ?’
Jeremiah 50:31 in Assamese 31 বাহিনীবিলাকৰ প্ৰভূ যিহোৱাই কৈছে, হে গৰ্ব্বী, দেখ, মই তোৰ বিপক্ষ; কিয়নো তোৰ দিন, মই তোক দণ্ড দিয়াৰ সময় আহিল।
Jeremiah 51:25 in Assamese 25 যিহোৱাই কৈছে, হে সমস্ত পৃথিৱী বিনষ্ট কৰোঁতা বিনাশক পৰ্ব্বত, মই তোমাৰ বিপক্ষ, মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি শিলবোৰৰ পৰা তোমাক বগৰাম, আৰু তোমাক জ্বলি যোৱা পৰ্ব্বত কৰিম।
Ezekiel 5:8 in Assamese 8 এই কাৰণে” প্ৰভু যিহোৱাই এই কথা কৈছে, “চোৱা! মই ময়েই তোমাৰ বিপক্ষ! আৰু মই জাতি সমূহৰ সাক্ষাতে তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম।
Ezekiel 26:3 in Assamese 3 এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে তূৰ, চোৱা! মই তোমাৰ বিপক্ষ; সমুদ্ৰই নিজৰ ঢৌৱে উটুওৱাদি মই তোমাৰ বিৰুদ্ধে অনেক জাতিক তুলিম!
Ezekiel 28:22 in Assamese 22 আৰু কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে, হে চীদোন! মই তোমাৰ বিপক্ষ; মই তোমাৰ মাজত গৌৰৱান্বিত হ’ম, যেতিয়া মই তাক দণ্ড দিম আৰু তাৰ মাজত পবিত্ৰীকৃত হ’ম। তেতিয়া মই যে পবিত্র, সেয়ে তোমাত প্রকাশিত হ’ম!
Ezekiel 29:3 in Assamese 3 ঘোষণা কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে মিচৰৰ ৰজা ফৰৌণ, চোৱা! মই তোমাৰ বিপক্ষ! তুমি, যি নিজ নৈবোৰৰ মাজত পৰি থকা সাগৰৰ বৃহৎ প্রাণী, যিহে মোক এই বুলি কৈ, “মোৰ নৈ মোৰ নিজৰেই! নিজৰ কাৰণেই মই তাক কৰিলোঁ।”
Ezekiel 29:10 in Assamese 10 এই কাৰণে, চোৱা! মই তোমাৰ আৰু তোমাৰ নৈবোৰৰৰ বিপক্ষ; মই মিচৰ দেশ সম্পূৰ্ণকৈ উচ্ছন্ন আৰু ধ্বংসস্থান কৰিম আৰু মিগ্দোলৰ পৰা চিবেনিলৈকে, এনে কি, কূচৰ সীমালৈকে তুমি ধ্বংসস্থান হৈ পৰিবা।
Ezekiel 35:3 in Assamese 3 আৰু তাক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! হে চেয়ীৰ পৰ্ব্বত, মই তোমাৰ বিপক্ষ, আৰু মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক ধ্বংস কৰিম আৰু বিস্ময়ৰ ঠাই কৰিম।
Ezekiel 38:3 in Assamese 3 ‘প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! ৰোচ, মেচেক আৰু তূবলৰ অধিপতি হে গোগ, মই তোমাৰ বিপক্ষ।
Ezekiel 39:1 in Assamese 1 “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোগৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু যিহোৱাই এই দৰে কৈছে: ৰোচ, মেচেক, আৰু তূবলৰ অধিপতি হে গোগ চোৱা! মই তোমাৰ বিপক্ষ।
Nahum 3:1 in Assamese 1 পৰিপূৰ্ণ ৰক্তৰে নগৰীৰ সন্তাপ হওঁক! তাই মিছা কথা আৰু লুন্ঠনৰ সম্পত্তিৰে পৰিপূৰ্ণ; তাইৰ ওচৰত ক্ষতিগ্ৰস্তসকল সদায় থাকে।
Nahum 3:5 in Assamese 5 বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমাৰ বিপক্ষে; মই তোমাৰ কাপোৰৰ আঁচল তোমাৰ মুখৰ ওপৰলৈকে দাঙি তোমাক অনাবৃতা কৰিম; মই জাতিসকলক তোমাৰ বিবস্ত্ৰতা আৰু ৰাজ্যক তোমাৰ লাজ দেখুৱাম।
Nahum 3:12 in Assamese 12 তোমাৰ আটাই কোঁঠ আগতিয়া গুটি লগা ডিমৰু গছৰ নিচিনা হ’ব; যেতিয়া সেইবোৰত জোকাৰণি লাগে, তেতিয়া সেইবোৰ খাওঁতাৰ মুখত পৰে।