Micah 4:1 in Assamese 1 কিন্তু শেষৰ দিনত এইদৰে ঘটিব যিহোৱাৰ গৃহ থকা পৰ্ব্বতটো আন পৰ্ব্বতবোৰৰ ওপৰত স্থাপন কৰা হ’ব। এই গৃহটি পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু লোকসকল সোঁত বোৱাদি তালৈ যাব।
Other Translations King James Version (KJV) But in the last days it shall come to pass, that the mountain of the house of the LORD shall be established in the top of the mountains, and it shall be exalted above the hills; and people shall flow unto it.
American Standard Version (ASV) But in the latter days it shall come to pass, that the mountain of Jehovah's house shall be established on the top of the mountains, and it shall be exalted above the hills; and peoples shall flow unto it.
Bible in Basic English (BBE) But in the last days it will come about that the mountain of the Lord's house will be placed on the top of the mountains, and be lifted up over the hills; and peoples will be flowing to it.
Darby English Bible (DBY) But it shall come to pass in the end of days [that] the mountain of Jehovah's house shall be established on the top of the mountains, and shall be lifted up above the hills; and the peoples shall flow unto it.
World English Bible (WEB) But in the latter days, It will happen that the mountain of Yahweh's temple will be established on the top of the mountains, And it will be exalted above the hills; And peoples will stream to it.
Young's Literal Translation (YLT) And it hath come to pass, In the latter end of the days, The mount of the house of Jehovah Is established above the top of the mounts, And it hath been lifted up above the hills, And flowed unto it have peoples.
Cross Reference Genesis 49:1 in Assamese 1 পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ।
Genesis 49:10 in Assamese 10 চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোকসমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
Psalm 22:27 in Assamese 27 পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো জনগোষ্ঠীয়ে তেওঁক প্ৰণিপাত কৰিব।
Psalm 68:15 in Assamese 15 হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত; হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত!
Psalm 68:29 in Assamese 29 যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব।
Psalm 72:7 in Assamese 7 তেওঁৰ সময়ত ধাৰ্ম্মিক জন জকমকাব; যিমান দিনলৈ চন্দ্ৰ থাকিব তিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব।
Psalm 72:16 in Assamese 16 পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।
Psalm 86:9 in Assamese 9 হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব; তেওঁলোকে তোমাৰ মহিমা কীর্তন কৰিব।
Psalm 110:3 in Assamese 3 যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে, পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব; ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ঁৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব।
Isaiah 2:1 in Assamese 1 আমোচৰ পুত্ৰ যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন।
Isaiah 11:9 in Assamese 9 মোৰ সমগ্র পবিত্ৰ পৰ্ব্বতত সিহঁতে আঘাত বা ধ্বংস নকৰিব; কাৰণ পানীয়ে যি দৰে সমুদ্ৰক ঢাকে, সেইদৰে যিহোৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব।
Isaiah 27:13 in Assamese 13 সেই দিনা এটা ডাঙৰ শিঙা বজোৱা হ’ব; আৰু অচূৰ দেশত নষ্ট হ’ব লগাসকল আৰু মিচৰ দেশলৈ বন্দী কৰি নিয়া লোকসকল আহিব; তেওঁলোকে যিৰূচালেমত থকা পবিত্ৰ পৰ্ব্বতত যিহোৱাৰ আৰাধনা কৰিব।
Isaiah 43:6 in Assamese 6 মই উত্তৰ দিশক ক’ম, ‘তেওঁলোকক এৰি দিয়া, আৰু দক্ষিণ দিশক ক’ম, ধৰি নাৰাখিবা, মোৰ পুত্রসকলক দূৰৰ পৰা, আৰু মোৰ জীয়েকসকলক পৃথিৱীৰ সীমাৰ পৰা আনি দিয়া।
Isaiah 49:6 in Assamese 6 তেওঁ কৈছে, যাকোবৰ ফৈদসকলক পুন:স্হাপন কৰিবলৈ, আৰু ইস্ৰায়েলৰ জীৱিত লোকসকলক পুনৰায় স্থাপন কৰিবৰ অৰ্থে তুমি মোৰ দাস হোৱা অতি সৰু বিষয়। মই তোমাক ধর্মহীন লোকৰ আগত দ্বীপ্তিস্বৰূপ কৰিম। সেয়ে হ’য়তো পৃথিবীৰ অন্ত:লৈকে তুমি মোৰ পৰিত্রানৰ উপায় হ’বা
Isaiah 49:19 in Assamese 19 ধ্বংস হোৱা দেশত যদিও তোমালোক পতিত আৰু উচ্ছন্ন হৈছিলা, এতিয়া বাসিন্দা হ’বৰ বাবে তোমালোক অতি তাকৰ, আৰু যিসকলে তোমালোকক গ্ৰাস কৰিছিল তেওঁলোক এতিয়া বহু দূৰত।
Isaiah 54:2 in Assamese 2 তোমালোকৰ তম্বু ডাঙৰ কৰা, আৰু তম্বুবোৰ পর্দাবোৰ যেমান পাৰা বহলাই দিয়া; তোমালোকৰ জৰীবোৰ দীঘল কৰা আৰু খুঁটিবোৰ শক্তিশালী কৰা।
Isaiah 60:3 in Assamese 3 লোকসমূহ তোমাৰ পোহৰৰ ওচৰলৈ আহিব, আৰু ৰজাসকলে তোমাৰ উদয় হোৱা দীপ্তিৰ ওচৰলৈ আহিব।
Isaiah 66:18 in Assamese 18 কাৰণ মই তেওঁলোকৰ কাৰ্য আৰু কল্পনাবোৰ জানো। যি সময়ত সকলো জাতিক; আৰু সকলো ভাষা কোৱা লোকসকলক মই গোট খোৱাম, এনে সময় আহিছে। তেওঁলোকে আহিব আৰু মোৰ প্ৰতাপ দেখিবলৈ পাব।
Jeremiah 3:17 in Assamese 17 সেই সময়ত লোকসকলে ক’ব, “যিৰূচালেম যিহোৱাৰ সিংহাসন বুলি প্ৰখ্যাত হব, আৰু সকলো জাতিয়ে তাৰ ওচৰত যিৰূচালেমত যিহোৱাৰ নামেৰে গোট খাব আৰু তেওঁলোকে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে আৰু নচলিব।
Jeremiah 16:19 in Assamese 19 হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্ব্ব-পুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
Jeremiah 48:47 in Assamese 47 তথাপি, যিহোৱাই কৈছে, “মই শেষকালত মোৱাবৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।” মোৱাবৰ দণ্ড ইমানলৈকে।
Ezekiel 17:22 in Assamese 22 প্ৰভু যিহোৱাই এই কথা কৈছে: “ময়েই এৰচ গছজোপাৰ ওখত থকা আগডোখৰৰ এটা ডাল লৈ তাক ৰোম; এনে কি, সকলোতকৈ ওপৰত থকা তাৰ পোখাবোৰৰ মাজৰ পৰাই মই এটি পোখা ছিঙি এখন ওখ আৰু উন্নত পৰ্ব্বতত ৰোম!
Ezekiel 38:16 in Assamese 16 তুমি এডোখৰ মেঘৰ দৰে দেশ ঢাকি মোৰ প্ৰজা ইস্ৰায়েলৰ অহিতে উঠি যাবা; হে গোগ, মই জাতিবোৰৰ সাক্ষাতে তোমাৰ মাজত পবিত্ৰীকৃত হ’লে জাতিবোৰে মোক জানিবৰ কাৰণে শেষ কালত মোৰ দেশৰ বিৰুদ্ধে মই তোমাক লৈ যাম।’
Ezekiel 40:2 in Assamese 2 তেওঁ মোক ঈশ্বৰীয় দৰ্শনত ইস্ৰায়েল দেশলৈ নি এখন অতিশয় ওখ পৰ্ব্বতত বহুৱালে; তাৰ ওপৰত দক্ষিণফালে এক নগৰস্বৰূপ গৃহ দেখা গৈছিল।
Ezekiel 43:12 in Assamese 12 এয়ে গৃহটিৰ ব্যৱস্থা, পৰ্ব্বতখনৰ টিঙত তাৰ সমুদায় সীমা চাৰিওফালে পবিত্ৰ হ’ব। চোৱা! গৃহটিৰ ব্যৱস্থা এয়ে।
Daniel 2:28 in Assamese 28 কিন্তু মহাৰাজ, স্বৰ্গত থকা এজন ঈশ্বৰ আছে; যিজনে গোপন কথা প্ৰকাশ কৰে, আৰু আহিব লগা দিনবোৰত কি ঘটিব, সেই সকলোকে তেওঁ আপোনাক জানিব দিব; আপুনি শয্যাত শুই থকা সময়ত দেখা সপোন আৰু দৰ্শন এইবোৰ:
Daniel 2:35 in Assamese 35 তেতিয়া সেই লোহা, মাটি, পিতল, ৰূপ আৰু সোণ একেসময়তে ডোখৰ ডোখৰ হৈ ভাঙিলে, আৰু গ্রীষ্ম কালৰ মৰণা মৰা ঠাইৰ ধূলিৰ দৰে হ’ল। বতাহে সেইবোৰ উড়ুৱাই লৈ গ’ল, আৰু তাৰ কোনো চিন পোৱা নগল; কিন্তু যি শিলটোৱে মূৰ্তিটোক খুন্দা মাৰিছিল, সেয়ে বৃহৎ পৰ্ব্বত হ’ল, আৰু গোটেই পৃথিৱী ভৰি পৰিল।
Daniel 2:44 in Assamese 44 আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
Daniel 7:14 in Assamese 14 তেওঁক শাসন ক্ষমতা, মহিমা, আৰু ৰাজকীয় পৰাক্রম দিয়া হ’ল; সেয়ে সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ পৰিচৰ্যা কৰা উচিত। তেওঁৰ শাসন ক্ষমতা চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য এনেকুৱা যে, সেই ৰাজ্য কেতিয়াও ধ্বংস নহ’ব।
Daniel 7:18 in Assamese 18 কিন্তু সৰ্ব্বোপৰিজনাৰ পবিত্ৰ লোকসকলে ৰাজ্যভাৰ পাব, আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব।
Daniel 7:22 in Assamese 22 প্রাচীন কালৰ দিনবোৰ নহালৈকে, সৰ্ব্বোপৰিজনা পবিত্ৰ লোক এজনক ন্যায়বিচাৰ দিলে। তাৰ পাছত পবিত্ৰ লোক এজনে ৰাজ্য পোৱাৰ সময় আহি উপস্থিত হ’ল।
Daniel 7:27 in Assamese 27 ৰাজ্য আৰু ৰাজশাসন, আৰু গোটেই আকাশ মণ্ডলৰ তলত থকা ৰাজ্যবোৰৰ মহিমা, যিসকল লোক সৰ্ব্বোপৰি পবিত্রজনাৰ সেই লোকসকলক দিয়া হ’ব; তেওঁৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য, আৰু আন সকলো ৰাজ্যই তেওঁক সেৱা কৰিব, আৰু তেওঁক মানি চলিব।
Daniel 10:14 in Assamese 14 এতিয়া শেষ সময়ত তোমাৰ লোকসকললৈ যি ঘটিব, তাকে তোমাক বুজাবলৈ মই আহিলোঁ। কিয়নো এই দৰ্শন আহিব লগা দিনবোৰৰ বাবে হয়।”
Hosea 3:5 in Assamese 5 তাৰপাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।
Micah 3:12 in Assamese 12 এই হেতুকে তোমালোকৰ কাৰণে পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব, যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব, আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ’ব।
Zephaniah 3:9 in Assamese 9 তাৰ পাছত মই জাতিবোৰক পবিত্র ওঁঠ দিম যাতে তেওঁলোকে সকলোৱে কান্ধত কান্ধ মিলাই একে মনেৰে মোৰ প্রার্থনা কৰিব পাৰে।
Zechariah 2:11 in Assamese 11 তেতিয়া সেই দিনা অনেক জাতিয়ে যিহোৱাৰ লগ ল’ব। তেওঁ ক’ব, “তোমালোক মোৰ প্ৰজা হ’বা; আৰু মই তোমাৰ মাজত বাস কৰিম।” তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমাৰ ওচৰলৈ পঠালে, ইয়াকে তুমি জানিবা।
Zechariah 8:3 in Assamese 3 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মই চিয়োনলৈ উলটি আহিলোঁ আৰু যিৰূচালেমৰ মাজত বাস কৰিম, কাৰণ যিৰূচালেম সত্যপুৰী বুলি আৰু বাহিনীসকলৰ যিহোৱাৰ পৰ্ব্বতখন পবিত্ৰ বুলি প্ৰখ্যাত হ’ব’!”
Zechariah 14:16 in Assamese 16 আৰু যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিৰ অৱশিষ্ট থকা প্ৰতিজনে বছৰে বছৰে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু পূজা পৰ্ব্ব পালন কৰিবলৈ উঠি আহিব।
Malachi 1:11 in Assamese 11 কিয়নো সূৰ্য্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,
Acts 2:17 in Assamese 17 ‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা (পবিত্ৰ আত্মা) বাকি দিম, তেতিয়া তোমালোকৰ সতি-সন্ততি সকলে ভবিষ্যত বাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব।
Romans 11:25 in Assamese 25 কিয়নো, হে ভাইসকল, আপোনালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানে, এই কাৰণে, যেতিয়ালৈকে অনা-ইহুদী লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
Hebrews 1:2 in Assamese 2 কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হ’বলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি সমগ্ৰ জগত খনো সৃষ্টি কৰিলে।
2 Peter 3:3 in Assamese 3 প্ৰথমে ইয়াকে জানিব যে, শেষ-কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰী লোকবোৰ উপস্থিত হ’ব; তেওঁলোকে নিজ নিজ কু-অভিলাষ অনুসাৰে চলিব৷
Revelation 11:15 in Assamese 15 পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইদৰে মহা-বাণীবোৰ হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব।”
Revelation 15:4 in Assamese 4 আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় প্ৰকাশিত কৰা হ’ল৷”
Revelation 20:4 in Assamese 4 পাছত মই কেইখন মান সিংহাসন দেখিলোঁ৷ সেইবোৰৰ ওপৰত যি লোক সকল বহি আছিল, তেওঁলোকক সোধ-বিচাৰৰ ভাৰ দিয়া হ’ল; আৰু মই সেই লোক সকলৰ জীৱাত্মা দেখিলোঁ; যি সকলক যীচুৰ সাক্ষ্যৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে মূৰ ছেদন কৰা হৈছিল আৰু যি সকলে সেই পশু বা তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা নাছিল আৰু নিজৰ কপালত আৰু হাতত তাৰ ছাব লোৱা নাছিল, তেওঁলোকে জীৱিত হ’ল আৰু এহেজাৰ বছৰ খ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিলে।
Revelation 21:1 in Assamese 1 তাৰ পাছত মই নতুন আকাশমণ্ডল আৰু এখন নতুন জগত দেখিলোঁ; কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম জগত খন গুচি গ’ল; সমুদ্ৰও নাছিল।