Micah 1 in Assamese

1 যিহূদাৰ ৰজা যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত চমৰিয়া আৰু যিৰূচালেমৰ বিষয়ে দৰ্শনত পোৱা, মোৰেষ্টীয়া মীখালৈ অহা যিহোৱাৰ বাক্য।

2 হে লোকসকল, সকলোৱে শুনক। হে পৃথিবী আৰু তাত থকা সকলোৱে শুনক। প্ৰভু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰৰ পৰা আপোনালোকৰ বিৰুদ্ধে সাক্ষী হওক;

3 চাওক, যিহোৱা নিজৰ স্থানৰ পৰা ওলাই আহিছে; তেওঁ নামি আহিব আৰু পৃথিবীত থকা মুৰ্ত্তি পূজা কৰা মন্দিৰবোৰ ধ্বংস কৰিব।

4 জুইৰ তাপত মম গলাৰ দৰে পৰ্ব্বতবোৰ তেওঁৰ আগত পমি যাব, এঢলীয়া ঠাইৰ পৰা যেনেকৈ পানী ঢালিলে তললৈ বৈ আহে তেনেকৈ তেওঁৰ আগত উপত্যকাবোৰ ভাঙি ছিন্ন ভিন্ন হৈ যাব।

5 যাকোবৰ বিদ্ৰোহ, আৰু ইস্ৰায়েল-বংশৰ পাপৰ কাৰণেই এই সকলো হ’ব; যাকোবৰ বিদ্রোহৰ কাৰণ কি আছিল? চমৰিয়া নহয়নে নে? যিহূদাৰ মন্দিৰবোৰৰ কাৰণ কি? যিৰূচালেম নহয় নে ?

6 মই পথাৰত চমৰীয়াক দ্ৰাক্ষাবাৰীত গছ ৰোৱা ঠাইৰ দৰে, ধ্বংস স্তূপ কৰিম। মই তেওঁৰ গৃহৰ শিলবোৰ উপত্যকালৈ বগৰাই পেলাম, মই তেওঁৰ ভিত্তিমূল অনাবৃত কৰিম।

7 তেওঁৰ সকলো কটা-মূৰ্ত্তিবোৰ ভাঙি ডোখৰ ডোখৰ কৰা হ’ব, আৰু তেওঁৰ সকলো উপহাৰ জুইৰে পোৰা যাব। তেওঁৰ সকলো প্ৰতিমাবোৰ মই উচ্ছন্ন কৰিম; কাৰণ তেওঁ বেশ্যাবৃত্তিৰ পৰা সেই সকলো উপহাৰৰ গোটাইছিল, আৰু বেশ্যাই পৰিশোধ কৰাৰ দৰে, তেওঁলোকে ঘূৰাই দিব।”

8 এই কাৰণে মই বিলাপ আৰু ক্রন্দন কৰি চিঞৰিম; মই খালি ভৰি আৰু বিবস্ত্র হৈ যাম; মই শিয়ালৰ দৰে চিঞৰিম, আৰু ফেঁচাৰ দৰে শোক প্রকাশ কৰিম।

9 তেওঁৰ ঘাবোৰ সুস্থ হ’ব নোৱাৰাৰ কাৰণে; সেইবোৰ যিহূদালৈকে আহিল। সেই ঘাবোৰ যিৰূচালেমলৈ মোৰ লোকসকলৰ দুৱাৰলৈ আহি পালে।

10 গাত নগৰত এই বিষয়ে নকবা, আৰু একেবাৰে নাকান্দিবা, বৈৎলি-অফ্ৰাত মই নিজকে ধূলিত বাগৰাম।

11 বিবস্ত্ৰ আৰু লজ্জিত হৈ চাফীৰৰ নিবাসী সকলৰ মাজেৰে যোৱা। চাননৰ নিবাসী সকল বাহিৰলৈ ওলাই নাহিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ বঞ্চিত কৰাৰ বাবে বৈৎ-এচেলে বিলাপ কৰিলে।

12 কাৰণ মাৰোৎ-নিবাসী সকলে শুভ সম্বাদৰ বাবে আগ্রহেৰে অপেক্ষা কৰি আছিল, কিন্তু যিৰূচালেমৰ দুৱাৰলৈ, যিহোৱাৰ পৰা দুৰ্যোগ নামি আহিল।

13 লাখীচ নিবাসী সকলৰ ঘোঁৰাৰ দলত ৰথ লগোৱা; চিয়োন জীয়াৰী বাবে লাখীচেই পাপৰ আৰম্ভণ; কিয়নো ইস্ৰায়েলৰ অধৰ্ম কাৰ্যবোৰ তোমাৰ মাজত পোৱা গল।

14 সেয়ে আপুনি মোৰেচৎ-গতক বিদায় উপহাৰ দিব; ইস্ৰায়েলৰ ৰজাসকলক অকজীবৰ নগৰে নিৰাশ কৰিব।

15 মাৰেচা-নিবাসী সকলক মই আপোনাৰ ওচৰলৈ আনিম, তাৰে এজনে আপোনাৰ অধিকাৰ ল’ব; ইস্ৰায়েলৰ মূখ্যলোকসকল অদুল্লম গুহালৈকে যাব।

16 চুলি কাটক, আৰু মূৰ খুৰাওক। যি সন্তান সকলৰ কাৰণে আপুনি আনন্দ কৰে; ঈগল চৰাইৰ দৰে নিজকে টপা কৰক; কাৰণ আপোনাৰ সন্তান সকল আপোনাৰ পৰা বহিষ্কৃত হ’ব।