Matthew 6:5 in Assamese 5 তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়া সকলৰ দৰে নহবা; কিয়নো মানুহক দেখুৱাবৰ কাৰণে তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভালপায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
Other Translations King James Version (KJV) And when thou prayest, thou shalt not be as the hypocrites are: for they love to pray standing in the synagogues and in the corners of the streets, that they may be seen of men. Verily I say unto you, They have their reward.
American Standard Version (ASV) And when ye pray, ye shall not be as the hypocrites: for they love to stand and pray in the synagogues and in the corners of the streets, that they may be seen of men. Verily I say unto you, They have received their reward.
Bible in Basic English (BBE) And when you make your prayers, be not like the false-hearted men, who take pleasure in getting up and saying their prayers in the Synagogues and at the street turnings so that they may be seen by men. Truly I say to you, They have their reward.
Darby English Bible (DBY) And when thou prayest, thou shalt not be as the hypocrites; for they love to pray standing in the synagogues and in the corners of the streets so that they should appear to men. Verily I say unto you, They have their reward.
World English Bible (WEB) "When you pray, you shall not be as the hypocrites, for they love to stand and pray in the synagogues and in the corners of the streets, that they may be seen by men. Most assuredly, I tell you, they have received their reward.
Young's Literal Translation (YLT) `And when thou mayest pray, thou shalt not be as the hypocrites, because they love in the synagogues, and in the corners of the broad places -- standing -- to pray, that they may be seen of men; verily I say to you, that they have their reward.
Cross Reference Job 27:8 in Assamese 8 কিয়নো, যেতিয়া অধৰ্ম্মীৰ প্ৰাণ ঈশ্বৰে হৰণ কৰি নিব, তেতিয়া সি ধন লাভ কৰিলেও তাৰ কি আশা থাকিব?
Psalm 5:2 in Assamese 2 হে মোৰ ৰজা, মোৰ ঈশ্বৰ, তুমি মোৰ কাতৰোক্তিৰ স্বৰ শুনা; কিয়নো মই তোমাৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ।
Psalm 55:17 in Assamese 17 গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম; তাতে তেওঁ মোৰ মাত শুনিব।
Proverbs 15:8 in Assamese 8 দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়।
Proverbs 16:5 in Assamese 5 অহঙ্কাৰী হৃদয়ৰ প্ৰত্যেক লোকক যিহোৱাই ঘিণ কৰে; যদিও তেওঁলোকে হাতত ধৰাধৰিকৈ থাকে, তথাপিও তেওঁলোকে দণ্ড নোপোৱাকৈ নাথাকিব।
Isaiah 1:15 in Assamese 15 সেয়ে তোমালোকে যেতিয়া প্রাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলা, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আতৰাওঁ; এনে কি, তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম; তোমালোকৰ হাত তেজেৰে পৰিপূৰ্ণ হৈছে।
Isaiah 55:6 in Assamese 6 যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা।
Jeremiah 29:12 in Assamese 12 আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা; তেতিয়া মই তোমালোকৰ কথা শুনিম।
Daniel 6:10 in Assamese 10 যেতিয়া দানিয়েলে সেই বিধানৰ নথী-পত্ৰ চহী হোৱা বুলি জানিলে, তেতিয়া তেওঁ নিজৰ ঘৰলৈ গল; (সেই সময়ত তেওঁৰ ওপৰ-কোঁঠালিৰ খিৰিকীবোৰ যিৰূচালেমৰ ফালে খোলা আছিল), আৰু তেওঁ আগেয়ে দিনটোত তিনিবাৰ আঁঠু কাঢ়ি নিজৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ দৰেই তেওঁ প্রাৰ্থনা কৰিলে আৰু ধন্যবাদ দিলে।
Daniel 9:4 in Assamese 4 মই মোৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰৰ্থনা কৰিলো, আৰু পাপ স্বীকাৰ কৰি কলোঁ, “হে প্ৰভু আবেদন কৰো, আপুনি মহান আৰু অসাধাৰণ, আপোনাক ভাল পোৱা আৰু আপোনাৰ আজ্ঞা পালন কৰা সকললৈ আপুনি বিশ্বাসযোগ্য নিয়ম স্থিৰ কৰা ঈশ্বৰ,
Matthew 6:2 in Assamese 2 এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই।
Matthew 6:16 in Assamese 16 যেতিয়া তোমালোকে লঘোন দিয়া, তেতিয়া কপটীয়া সকলৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
Matthew 7:7 in Assamese 7 খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব।
Matthew 9:38 in Assamese 38 এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্রার্থনা কৰা, যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠাই দিয়ে।”
Matthew 21:22 in Assamese 22 তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।”
Matthew 23:6 in Assamese 6 ভোজত প্ৰধান ঠাই, আৰু নাম-ঘৰত প্ৰধান আসন,
Matthew 23:13 in Assamese 13 কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।
Mark 11:25 in Assamese 25 আৰু স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে যাতে তোমালোকৰো অপৰাধ ক্ষমা কৰিব, সেই বাবে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওতে, যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা কবলগীয়া থাকে, তেনেহলে তেওঁক নিশ্চয় ক্ষমা কৰা।
Mark 12:38 in Assamese 38 তেতিয়া তেওঁৰ উপদেশৰ মাজত ক’লে, “বিধানৰ অধ্যাপক সকললৈ আপোনালোক সাৱধান হওক; তেখেত সকলে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ,
Luke 11:43 in Assamese 43 হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে নাম-ঘৰত প্ৰধান আসন আৰু হাট-বজাৰত সন্মানপূর্ণ সম্ভাষণবোৰক প্ৰেম কৰে।
Luke 14:12 in Assamese 12 তেতিয়া তেওঁক নিমন্ত্ৰণ কৰা জনকো তেওঁ ক’লে, “দুপৰ বা নিশাৰ ভোজ পাতিলে, তুমি নিজৰ বন্ধু বা ভাই সকলক বা জ্ঞাতি-কুটুম্ব বা ধনৱন্ত চুবুৰীয়া সকলক নামাতিবা; তেওঁলোকে তোমাকো নিমন্ত্ৰণ কৰিব, আৰু তোমাৰ প্ৰতিদান ঘূৰাই দিব।
Luke 18:1 in Assamese 1 নিৰাশ নোহোৱাকৈ তেওঁলোকে যে সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে বুজি পাবৰ কাৰণে যীচুৱে তেওঁলোকক এই দৃষ্টান্ত দি ক’লে,
Luke 18:10 in Assamese 10 “দুজন মানুহে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গ’ল; তেওঁলোকৰ এজন ফৰীচী, আন জন কৰ সংগ্রহকৰী।
Luke 18:13 in Assamese 13 কিন্তু কৰ সংগ্রহকাৰী জনে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক’লে, ‘হে দয়ালু ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰায়শ্চিত্তৰ দ্বাৰাই প্ৰসন্ন হওক’।
Luke 20:47 in Assamese 47 আৰু বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, তেওঁলোকে অৱশ্যে অধিক দণ্ড পাব।”
John 16:24 in Assamese 24 এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হ’ব।
Ephesians 6:18 in Assamese 18 সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।
Colossians 4:2 in Assamese 2 আপোনালোকে প্ৰাৰ্থনাত লাগি থাকক আৰু ধন্যবাদেৰে সচেতন থাকিব৷
1 Thessalonians 5:17 in Assamese 17 নিৰন্তৰে প্ৰার্থনা কৰি থাকক।
James 4:6 in Assamese 6 কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”
James 5:15 in Assamese 15 তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক ৰক্ষা কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।