Matthew 6:2 in Assamese 2 এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই।
Other Translations King James Version (KJV) Therefore when thou doest thine alms, do not sound a trumpet before thee, as the hypocrites do in the synagogues and in the streets, that they may have glory of men. Verily I say unto you, They have their reward.
American Standard Version (ASV) When therefore thou doest alms, sound not a trumpet before thee, as the hypocrites do in the synagogues and in the streets, that they may have glory of men. Verily I say unto you, They have received their reward.
Bible in Basic English (BBE) When then you give money to the poor, do not make a noise about it, as the false-hearted men do in the Synagogues and in the streets, so that they may have glory from men. Truly, I say to you, They have their reward.
Darby English Bible (DBY) When therefore thou doest alms, sound not a trumpet before thee, as the hypocrites do in the synagogues and in the streets, so that they may have glory from men. Verily I say unto you, They have their reward.
World English Bible (WEB) Therefore when you do merciful deeds, don't sound a trumpet before yourself, as the hypocrites do in the synagogues and in the streets, that they may get glory from men. Most assuredly I tell you, they have received their reward.
Young's Literal Translation (YLT) whenever, therefore, thou mayest do kindness, thou mayest not sound a trumpet before thee as the hypocrites do, in the synagogues, and in the streets, that they may have glory from men; verily I say to you -- they have their reward!
Cross Reference 1 Samuel 15:30 in Assamese 30 তেতিয়া চৌলে ক’লে, “মই পাপ কৰিলোঁ; তথাপি মই বিনয় কৰোঁ, বৃদ্ধ লোকসকলৰ আৰু ইস্ৰায়েলৰ আগত মোৰ মান ৰাখক। মোৰ লগত ঘুৰি আহক, তাতে মই যেন আপোনাৰ ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”
Job 31:16 in Assamese 16 মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোঁ, আৰু বিধৱাৰ চকু জলকা লগালোঁ,
Psalm 37:21 in Assamese 21 দুষ্টই ধাৰে লয়, কিন্তু তাক পৰিশোধ নকৰে; কিন্তু ধাৰ্ম্মিক লোক দয়াৱান আৰু দানশীল।
Psalm 112:9 in Assamese 9 তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে; তেওঁলোকৰ ধাৰ্ম্মিকতা চিৰকাললৈকে থাকে; তেওঁলোকৰ শিং মৰ্য্যদাৰে উন্নত হয়।
Proverbs 19:17 in Assamese 17 যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।
Proverbs 20:6 in Assamese 6 বহুতো লোকে নিজৰ সাধুতা ঘোষণা কৰে; কিন্তু বিশ্বাসী লোক কোনে বিচাৰি পায়?
Ecclesiastes 11:2 in Assamese 2 তোমাৰ কার্যসাধনৰ উপায়বোৰ, সাত বা আঠজনৰ সৈতে ভাগ বাঁটি লোৱা; কিয়নো পৃথিবীত কি দুর্যোগ ঘটিব, তাক তুমি নাজানা।
Isaiah 9:17 in Assamese 17 প্ৰভুৱে সেই কাৰণে তেওঁলোকৰ যুবক সকলৰ ওপৰত আনন্দ নকৰিব, আৰু তেওঁলোকৰ পিতৃহীন আৰু বিধবাসকলক দয়া নকৰিব; কিয়নো তেওঁলোকৰ প্ৰত্যেক জনেই অধৰ্ম্মী আৰু কুকৰ্ম্মী, আৰু প্ৰত্যেকেই জ্ঞানহীন কথা কয়। এই সকলোৰ বাবে তেওঁৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত আঘাট কৰিবলৈ উদ্যত হৈ থাকিব।
Isaiah 10:6 in Assamese 6 মই তেওঁক এখন অহংকাৰী দেশৰ বিৰুদ্ধে, আৰু মোৰ প্রচুৰ ক্ৰোধ সহ্য কৰা লোকসকলৰ বিৰুদ্ধে পঠালো। মই তেওঁক লুটদ্রব্য ল’বৰ বাবে লুট কৰিবলৈ, আৰু বাটৰ বোকাৰ দৰে গচকিবলৈ আদেশ দিলোঁ।
Isaiah 58:7 in Assamese 7 ক্ষুধাতুৰ লোকৰ সৈতে তোমাৰ আহাৰ ভগাই লোৱা, আৰু ঘৰহীনা দুখীয়াসকলক নিজৰ ঘৰত আশ্ৰয় দিয়াই লঘোন নহয় নে? যেতিয়া তুমি চোৱা কোনোএজন বিৱস্ত্রতাত আছে, তুমি তেওঁক বস্ত্র দিয়া উচিত; আৰু তোমাৰ সম্পৰ্কীয় লোকৰ পৰা নিজকে লুকুৱাই ৰখা উচিত নহয়।
Isaiah 58:10 in Assamese 10 যদি তুমি তোমাৰ আহাৰ ক্ষুধাতুৰ লোকক দিয়া, আৰু দুখিত প্ৰাণীক সন্তুষ্ট কৰা, তেনেহ’লে আন্ধাৰৰ মাজত তোমাৰ দীপ্তি উদয় হ’ব, আৰু তোমাৰ অন্ধকাৰ দূপৰ বেলাৰ দৰে হ’ব;
Hosea 8:1 in Assamese 1 তোমাৰ মুখত এটি শিঙা ৰাখা। মোৰ অর্থাৎ যিহোৱাৰ গৃহৰ ওপৰত শত্রু এক ঈগল চৰাইৰ নিচিনাকৈ আহিছে; কিয়নো ইস্রায়েলবাসীয়ে মই দিয়া নিয়মটি লঙ্ঘন কৰিলে, আৰু মোৰ ব্যৱস্থাৰ অহিতে বিদ্রোহ কৰিলে।
Matthew 5:18 in Assamese 18 কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গ আৰু জগত লুপ্ত নহয় মানে আৰু সকলো সিদ্ধ নোহোৱালৈকে, বিধানৰ এটি ইকাৰ বা এক বিন্দুও কোনোৰূপে লুপ্ত নহব।
Matthew 6:5 in Assamese 5 তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়া সকলৰ দৰে নহবা; কিয়নো মানুহক দেখুৱাবৰ কাৰণে তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভালপায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
Matthew 6:16 in Assamese 16 যেতিয়া তোমালোকে লঘোন দিয়া, তেতিয়া কপটীয়া সকলৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
Matthew 7:5 in Assamese 5 হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চতি ডাল উলিয়াই পেলোৱা, তেতিয়াহে তোমাৰ ভাইৰ চকুৰ পৰা কুটা ডাল উলিয়াবলৈ ভালকৈ দেখিবা।
Matthew 15:7 in Assamese 7 আপোনালোক কপটীয়া! যিচয়া ভাৱবাদীয়ে আপোনালোকৰ বিষয়ে ঠিকেই ভাৱবাণী কৰিলে,
Matthew 16:3 in Assamese 3 ৰাতিপুৱা কয়, ‘আজি ডাৱঁৰীয়া হ’ব; কিয়নো আকাশ ৰঙা ও অন্ধকাৰ হৈছে।’ আপোনালোকে আকাশৰ অৱস্থাৰ প্ৰভেদ বিচাৰ কৰিব জানে, অথচ সময়ৰ চিন বুজিব নোৱাৰে।
Matthew 22:18 in Assamese 18 যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, “হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছে?
Matthew 23:6 in Assamese 6 ভোজত প্ৰধান ঠাই, আৰু নাম-ঘৰত প্ৰধান আসন,
Matthew 23:13 in Assamese 13 কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।
Matthew 24:51 in Assamese 51 তাক দুডোখৰ কৰি কপটীয়া সকলৰ লগত তাৰ পাবলগীয়া ভাগ নিৰূপণ কৰিব; তেতিয়া ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।
Mark 7:6 in Assamese 6 তেতিয়া তেওঁ ক’লে, “আপোনালোক কপটীয়া সকলৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিছিল, তেওঁ লিখিছিল, ‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ মন মোৰ পৰা দুৰৈত থাকে।
Mark 12:39 in Assamese 39 আৰু হাত-বজাৰত নমস্কাৰ, নাম-ঘৰত প্ৰধান আসন, ভোজত প্ৰধান ঠাই,
Luke 6:24 in Assamese 24 কিন্তু হায় ধনৱন্ত লোক, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে নিজৰ সুখ পাইছা।
Luke 6:42 in Assamese 42 তুমি নিজৰ চকুত থকা চতি ডাললৈ নাচাই, কেনেকৈ তোমাৰ ভাইক ক’ব পাৰা যে, ‘ভাই, তোমাৰ চকুত যি কুটা আছে, আহা সেই ডাল উলিয়াই দিওঁ’। হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা চতি ডাল উলিয়াই পেলোৱা, তেতিয়া তোমাৰ ভায়েৰাৰ চকুত থকা কুটা ডাল উলিয়াবলৈ ভালদৰে দেখা পাবা।”
Luke 11:41 in Assamese 41 ভিতৰত যি আছে, সেইখিনিকে দান কৰা; তেতিয়া সকলো বস্তু আপোনালোকলৈ শুচি হ’ব।
Luke 11:43 in Assamese 43 হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে নাম-ঘৰত প্ৰধান আসন আৰু হাট-বজাৰত সন্মানপূর্ণ সম্ভাষণবোৰক প্ৰেম কৰে।
Luke 12:33 in Assamese 33 তোমালোকৰ যি যি সম্পত্তি আছে, সেইবোৰ বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰা আৰু যি ঠাইত চোৰ নাযায়, পোকেও নষ্ট নকৰে; এনে স্ৱর্গত নিজৰ কাৰণে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা৷
Luke 12:56 in Assamese 56 হে কপটীয়া সকল, আপোনালোকে পৃথিৱী আৰু আকাশৰ ৰূপ নির্ণয় কৰিব জানে; কিন্তু এই কালৰ বিষয়ে কিয় আপোনালোকে বিচাৰ কৰিব নাজানে?
Luke 13:15 in Assamese 15 প্ৰভুৱে তেওঁক উত্তৰ দি ক’লে, “কপটীয়া সকল! বিশ্ৰামবাৰে আপোনালোক সকলোৱে জানো নিজৰ গাধ বা গৰু গোহালিৰ পৰা মেলি পানী খোৱাবলৈ নিনিয়ে?
Luke 20:46 in Assamese 46 “এতেকে তেওঁলোকলৈ সাৱধান হোৱা, যি সকল বিধানৰ অধ্যাপকে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ ইচ্ছা কৰে আৰু হাট-বজাৰত নমস্কাৰ বিচাৰে, নাম-ঘৰত প্ৰধান আসন আৰু ভোজনত প্ৰধান ঠাইবোৰ ভালপায়;
John 5:41 in Assamese 41 মই মানুহৰ প্রশংসা (মহিমা) পাবলৈ চেষ্টা নকৰোঁ;
John 5:44 in Assamese 44 আপোনালোকে এজনে আন জনৰ পৰা প্রশংসা (মহিমা) পাবলৈ আশা কৰে, কিন্তু যি প্রশংসা (মহিমা) একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব?
John 7:18 in Assamese 18 যি জনে নিজৰ পৰা কথা কয়, তেওঁ নিজৰ মৰ্যদা বিচাৰে; কিন্তু যি জনে পঠোৱা জনৰ গৌৰৱ বিচাৰে, তেওঁ সত্য, আৰু তেওঁৰ অন্তৰত একো অধাৰ্মিকতা নাই।
John 13:29 in Assamese 29 কিয়নো কিছুমানে ভাবিলে যে, যিহূদাৰ লগত ধনৰ জোলোঙা থকাৰ কাৰণে, ‘পৰ্বলৈ যি যি লাগে সেইবোৰ কিনিবলৈ নাইবা দৰিদ্ৰ সকলক কোনো বস্তু দিবলৈ’ যীচুৱে তেওঁক এই কথা ক’লে।
Acts 9:36 in Assamese 36 আৰু যাক ভাষাত দৰ্কা অৰ্থাৎ হৰিণী বুলি মাতে, দান দিয়া আৰু সৎকৰ্ম্মেৰে পূৰ্ণ হৈ থকা টাবিথা নামৰ শিষ্যা এজনী যাফোত আছিল৷
Acts 10:2 in Assamese 2 তেওঁ এজন ভক্ত লোক আছিল, তেওঁৰ ঘৰৰ সকলোৱে ঈশ্বৰলৈ ভয় ৰাখিছিল৷ তেওঁ আন লোক লোকক দান কৰিছিল আৰু সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল৷
Acts 10:4 in Assamese 4 তেতিয়া কৰ্ণীলিয়ই দূতলৈ তধা লাগি চাই ভয় খাই ক’লে, ‘কি কয় প্ৰভু’? দূতে তেওঁক ক’লে, ‘তোমাৰ প্ৰাৰ্থনা আৰু দান সোৱঁৰণীয় ৰূপে ঈশ্বৰৰ আগত গ্ৰহণীয় হ’ল৷
Acts 10:31 in Assamese 31 তেওঁ ক’লে, ‘হে কৰ্ণীলিয়, তোমাৰ প্ৰাৰ্থনা শুনা গ’ল আৰু তুমি দুখীয়াক দিয়া দান ঈশ্বৰৰ আগত সোঁৱৰণ কৰা হ’ল৷
Acts 11:29 in Assamese 29 তাতে শিষ্য সকলৰ প্ৰতিজনে শক্তি অনুসাৰে, যিহুদীয়াত নিবাস কৰা ভাই সকলৰ পৰিচৰ্যাৰ কাৰণে সহায় পঠিয়াবলৈ সিদ্ধান্ত ল’লে৷
Acts 24:17 in Assamese 17 এতিয়া কিছু বছৰৰ মূৰত মই যিৰূচালেমলৈ নিজৰ জাতিৰ মানুহক দান আনি দিবৰ বাবে আৰু নৈবেদ্য উৎসর্গ কৰিবলৈ আহিছিলোঁ।
Romans 12:8 in Assamese 8 উদগাওঁতাই উদগোৱা কাৰ্যত থাকক; দান দিওঁতাই দানশীলতাৰে দান কৰক; শাসন কৰা জনে যত্নেৰে শাসন কৰক; দয়া কৰা জনে হৰ্ষিত মনেৰে দয়া কৰক।
2 Corinthians 9:6 in Assamese 6 কিন্তু সেই বিষয়ে সাৰ কথা এই: যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।
Galatians 2:10 in Assamese 10 তেওঁলোকৰ কেৱল মাত্র এটা অনুৰোধ আছিল যে, আমি যেন দৰিদ্র সকলৰ কথা মনত ৰাখো। অৱশ্যে, এই কার্য কৰিবলৈ মোৰো ইচ্ছা আছিল।
Ephesians 4:28 in Assamese 28 যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হ’ বৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক।
1 Thessalonians 2:6 in Assamese 6 আমি আপোনালোকৰে হওক বা আনৰে হওক, কোনো মানুহৰ পৰা পাঁচনি হিচাপে মান মৰ্যদা বিচৰা নাই; অৱশ্যে খ্ৰীষ্টৰ পাঁচনি হোৱা বাবে আমি এই ক্ষমতা দাবী কৰিব পাৰিলোহেঁতেন৷
1 Timothy 6:18 in Assamese 18 তেওঁলোকক ভাল কর্ম কৰিবলৈ; ভাল কর্মবোৰত ধনী হৈ উদাৰ আৰু ভগাই ল’বলৈকো ইচ্ছুক হ’বলৈ কোৱা উচিত।
Philemon 1:7 in Assamese 7 হে ভাই, তোমাৰ প্রেমত মই অতি আনন্দ আৰু সান্ত্বনা পালোঁ, কিয়নো তোমাৰ দ্বাৰা ঈশ্বৰৰ পবিত্র লোক সকলৰ হৃদয় পুনৰাই সজীৱ কৰা হ’ল।
Hebrews 13:16 in Assamese 16 কিন্তু উপকাৰ আৰু সহভাগিতাৰ কাৰ্য নাপাহৰিব; কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়।
James 2:15 in Assamese 15 কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰৰ অভাৱত থাকিলে,
1 Peter 4:11 in Assamese 11 যদি কোনোৱে কথা কয়, তেনেহলে ঈশ্বৰৰ বাক্যৰদৰে কওক; যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে, তেনেহলে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক; এইদৰে সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়; তেওঁৰেই মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন।
1 John 3:17 in Assamese 17 কিন্তু যি জনৰ জগতত জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখিও যদি স্নেহ নকৰি হৃদয় বন্ধ কৰি থয় আৰু তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেনেহলে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকিব?