Matthew 13:44 in Assamese 44 “স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা; এজন মানুহে সেইবোৰ বিচাৰি পোৱাৰ পাছত পুনৰ লুকুৱাই থলে। তাৰ পাছত তেওঁ আনন্দ মনেৰে গুছি গ’ল আৰু তেওঁৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই পথাৰ কিনি ল’লে।”
Other Translations King James Version (KJV) Again, the kingdom of heaven is like unto treasure hid in a field; the which when a man hath found, he hideth, and for joy thereof goeth and selleth all that he hath, and buyeth that field.
American Standard Version (ASV) The kingdom of heaven is like unto a treasure hidden in the field; which a man found, and hid; and in his joy he goeth and selleth all that he hath, and buyeth that field.
Bible in Basic English (BBE) The kingdom of heaven is like a secret store of wealth in a field, which a man came across and put back again; and in his joy he goes and gives all he has, to get that field.
Darby English Bible (DBY) The kingdom of the heavens is like a treasure hid in the field, which a man having found has hid, and for the joy of it goes and sells all whatever he has, and buys that field.
World English Bible (WEB) "Again, the Kingdom of Heaven is like a treasure hidden in the field, which a man found, and hid. In his joy, he goes and sells all that he has, and buys that field.
Young's Literal Translation (YLT) `Again, the reign of the heavens is like to treasure hid in the field, which a man having found did hide, and from his joy goeth, and all, as much as he hath, he selleth, and buyeth that field.
Cross Reference Proverbs 2:2 in Assamese 2 প্রজ্ঞাৰ কথা শুনা, আৰু বুজিব পৰা শক্তিলৈ তোমাৰ হৃদয় আকৃষ্ট হব।
Proverbs 16:16 in Assamese 16 সোণতকৈ প্ৰজ্ঞা লাভ কৰা কেনে উত্তম! আৰু সুবিবেচনা নিৰ্বাচন কৰা ৰূপতকৈ কেনে উত্তম।
Proverbs 17:16 in Assamese 16 যিহেতু অজ্ঞানী লোকৰ শিক্ষা গ্রহণ কৰাৰ দক্ষতা নাই সেয়ে তেওঁ প্ৰজ্ঞা আহৰণ কৰিবলৈ কিয় ধন খৰচ কৰিব?
Proverbs 18:1 in Assamese 1 যি জনে নিজকে পৃথকে ৰাখে, তেওঁ কেৱল নিজৰ আকাঙ্ক্ষা সিদ্ধিৰ চেষ্টা কৰে, আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে যুঁজ কৰে।
Proverbs 23:23 in Assamese 23 সত্যক কিনা, কিন্তু ইয়াক বিক্রী নকৰিবা; প্ৰজ্ঞা, অনুশাসন, আৰু সুবিবেচনা কিনা।
Isaiah 55:1 in Assamese 1 “হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই, সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা।
Matthew 6:21 in Assamese 21 কিয়নো য’তে তোমালোকৰ ধন থাকিব, ত’তে তোমালোকৰ মনো হ’ব।
Matthew 13:24 in Assamese 24 এবাৰ যীচুৱে লোক সকলৰ আগত আৰু এটা দৃষ্টান্ত দিলে। “স্বর্গৰাজ্য এজন খেতিয়কৰ নিচিনা, যি জনে নিজৰ পথাৰত ভাল কঠিয়া সিচিঁলে।
Matthew 19:21 in Assamese 21 যীচুৱে তেওঁক ক’লে, “যদি তুমি নিখুঁত হ’বলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তেতিয়া স্বৰ্গত তোমাৰ ধন হ’ব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা।”
Matthew 19:27 in Assamese 27 তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক’লে, “চাওক, আমি সকলোকে এৰি আপোনাৰ পাছত আহিছোঁ, তেনেহলে আমি পাম নে?”
Matthew 19:29 in Assamese 29 যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই, ভনী, পিতৃ, মাতৃ, সন্তান, বা মাটি ত্যাগ কৰি আহে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হ’ব।
Luke 14:33 in Assamese 33 এতেকে আপোনালোকৰ যি কোনোৱে নিজৰ সর্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।
Luke 18:23 in Assamese 23 তেওঁ যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ শোকাতুৰ হ’ল, কিয়নো তেওঁ বৰ ধনী আছিল।
Luke 19:6 in Assamese 6 তেতিয়া তেওঁ বেগাই নামি আহি, আনন্দেৰে তেওঁক আলহী কৰি ৰাখিবলৈ লৈ গ’ল।
John 6:35 in Assamese 35 যীচুৱে তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।
Acts 2:44 in Assamese 44 আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে।
Acts 4:32 in Assamese 32 বিশ্বাসী সকল মনে চিত্তে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে।
Romans 15:4 in Assamese 4 কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল, সেইবোৰ আমি ধৈৰ্যৰে আৰু ধৰ্মশাস্ত্ৰৰ সান্ত্বনাৰে ভাৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল।
1 Corinthians 2:9 in Assamese 9 কিন্তু এইদৰে লিখা আছে, ‘চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে, সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’,
Philippians 3:7 in Assamese 7 কিন্তু মোৰ পক্ষে যি যি লাভ আছিল, সেই সকলোকে খ্ৰীষ্টৰ কাৰণে মই মূল্যহীন যেন মানিলো;
Colossians 2:3 in Assamese 3 সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে।
Colossians 3:3 in Assamese 3 কিয়নো আপোনালোকৰ মৃত্যু হ’ল আৰু ঈশ্ৱৰে আপোনালোকৰ জীৱন খ্ৰীষ্টৰ সৈতে গুপ্ত ৰাখিছে।
Hebrews 10:34 in Assamese 34 যি সকল কাৰাগাৰত বন্দী আছিল, আপোনালোক তেওঁলোকৰ সহানুভুতিশীল কৰিছিল। আপোনালোকৰ কোনো বস্তু কোনোবাই বাজেয়াপ্ত কৰিলেও, আপোনালোকে আনন্দ কৰিছে; কাৰণ আপোনালোকে জানিব পাৰিছে যে, এইবোৰ বস্তুতকৈ উৎকৃষ্ট আৰু চিৰস্থায়ী এটা সম্পদ আপোনালোকৰ বাবে আছে৷
Hebrews 11:24 in Assamese 24 বিশ্বাসৰ দ্বাৰাই মোচি বয়সত বৃদ্ধি পায় বাঢ়িবলৈ ধৰিলে, আৰু ফৰৌণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ’বলৈ অস্বীকাৰ কৰিলে;
Revelation 3:18 in Assamese 18 এতেকে মই তোমাক এই পৰামৰ্শ দিছোঁ যে, তুমি ধনী হ’বলৈ, জুইত খপা সোণ আৰু তোমাৰ উলঙ্গতাৰ লাজ প্ৰকাশিত নহ’বলৈ, বস্ত্ৰান্বিত হ’বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে, চকুত সানিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা৷