Matthew 13:19 in Assamese 19 যেতিয়া কোনোৱে ঈশ্বৰৰ ৰাজ্যৰ কথা শুনিও নুবুজে, তেতিয়া দুষ্ট আত্মাই আহি, তেওঁৰ হৃদয়ত যিবোৰ সিচাঁ হ’ল, সেইবোৰ কাঢ়ি নিয়ে; এই জন লোক বাটৰ কাষত পৰা কঠিয়া স্বৰূপ।
Other Translations King James Version (KJV) When any one heareth the word of the kingdom, and understandeth it not, then cometh the wicked one, and catcheth away that which was sown in his heart. This is he which received seed by the way side.
American Standard Version (ASV) When any one heareth the word of the kingdom, and understandeth it not, `then' cometh the evil `one', and snatcheth away that which hath been sown in his heart. This is he that was sown by the way side.
Bible in Basic English (BBE) When the word of the kingdom comes to anyone, and the sense of it is not clear to him, then the Evil One comes, and quickly takes away that which was put in his heart. He is the seed dropped by the wayside.
Darby English Bible (DBY) From every one who hears the word of the kingdom and does not understand [it], the wicked one comes and catches away what was sown in his heart: this is he that is sown by the wayside.
World English Bible (WEB) When anyone hears the word of the Kingdom, and doesn't understand it, the evil one comes, and snatches away that which has been sown in his heart. This is what was sown by the roadside.
Young's Literal Translation (YLT) Every one hearing the word of the reign, and not understanding -- the evil one doth come, and doth catch that which hath been sown in his heart; this is that sown by the way.
Cross Reference Proverbs 1:7 in Assamese 7 যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ- অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে।
Proverbs 1:20 in Assamese 20 প্রজ্ঞাই পথত চিঞৰি ক্রন্দন কৰে, তেওঁ মুকলি ঠাইত উচ্চস্বৰে কথা কয়।
Proverbs 2:1 in Assamese 1 হে মোৰ পুত্র তুমি যদি মোৰ কথা গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা,
Proverbs 17:16 in Assamese 16 যিহেতু অজ্ঞানী লোকৰ শিক্ষা গ্রহণ কৰাৰ দক্ষতা নাই সেয়ে তেওঁ প্ৰজ্ঞা আহৰণ কৰিবলৈ কিয় ধন খৰচ কৰিব?
Proverbs 18:1 in Assamese 1 যি জনে নিজকে পৃথকে ৰাখে, তেওঁ কেৱল নিজৰ আকাঙ্ক্ষা সিদ্ধিৰ চেষ্টা কৰে, আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে যুঁজ কৰে।
Matthew 4:23 in Assamese 23 যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।
Matthew 5:37 in Assamese 37 কিন্তু তোমালোকৰ কথা ‘হয়’ যদি হয় বা ‘নহয়’ যদি নহয় হওক। ইয়াতকৈ অধিক যি, সেয়া পাপ আত্মাৰ পৰাহে হয়।
Matthew 13:38 in Assamese 38 পথাৰ খন এই জগত আৰু ভাল কঠিয়া হৈছে স্বৰ্গৰাজ্যৰ সন্তান সকল। সেই বিনৈ বনবোৰ হৈছে দুষ্ট সন্তান।
Mark 4:15 in Assamese 15 য’ত বাক্য সিচাঁ হয়, সেই আলিবাটৰ কাষত থকা এওঁলোক এনেকুৱা লোক, এওঁলোকে বাক্য শুনি উঠাৰ লগে লগে চয়তানে আহি তেওঁলোকৰ পৰা সিচাঁ বাক্য কাঢ়ি নিয়ে।
Luke 8:11 in Assamese 11 দৃষ্টান্তটোৰ অৰ্থ এই; বীজেই ঈশ্বৰৰ বাক্য।
Luke 9:2 in Assamese 2 ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু অসুস্থ লোক সকলক সুস্থ কৰিবলৈ তেওঁলোকক পঠিয়ালে৷
Luke 10:9 in Assamese 9 সেই ঠাইত থকা ৰোগী সকলক সুস্থ কৰিবা আৰু ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে’ বুলি তেওঁলোকক ক’বা।
John 3:19 in Assamese 19 সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।
John 8:43 in Assamese 43 আপোনালোকে মোৰ কথাবোৰ কিয় নুবুজে? তাৰ কাৰণ এই যে আপোনালোকে মোৰ কথাবোৰ শুনি সহন কৰিব পৰা নাই।
John 18:38 in Assamese 38 পীলাতে তেওঁক ক’লে, “সত্য নো কি?” এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা ইহুদী সকলৰ ওচৰলৈ গৈ তেওঁলোকক ক’লে, “মই এই মানুহ জনৰ একো দোষ দেখা পোৱা নাই৷
Acts 17:32 in Assamese 32 আথিনীৰ লোক সকলে যেতিয়া মৃত সকলৰ পুনৰুত্থানৰ কথা শুনিলে, কেইজনমানে পৌলক ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে; কিন্তু আন কোনো কোনোৱে ক’লে, “এই বিষয়ে আমি আকৌ এবাৰ আপোনাৰ পৰা শুনিম।”
Acts 18:15 in Assamese 15 কিন্তু এই সকলো প্ৰশ্ন তোমালোকৰ বাক্য, নাম বা বিধানৰ বাদ-বিচাৰৰ কাৰণেহে ব্যৱহাৰ হয়, তেনেহলে এই বিষয়ে তোমালোকে নিজে বিচাৰ কৰি চাবা, এই বিষয়ে বিচাৰ কৰিবলৈ মই উৎসাহিত নহওঁ৷”
Acts 20:25 in Assamese 25 এতিয়া চাওক, যি সকলৰ মাজত মই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰি ফুৰিলোঁ, সেই সকলৰ মাজত, আপোনালোকে মোৰ মুখ ইয়াৰ পাছত যে দেখিবলৈ নাপাবা, ইয়াকো মই জানিছোঁ।
Acts 24:25 in Assamese 25 তেওঁ ধাৰ্মিকতা, ইন্দ্ৰিয়-দমন, আৰু ভবিষ্যত সোধ-বিচাৰৰ বিষয়ে যুক্তি দেখুৱাওঁতে, ফীলিক্সে ত্ৰাসযুক্ত হৈ উত্তৰ দিলে; “এতিয়া সম্প্ৰতি যোৱা; মই আজৰি পালে পাছত তোমাক মতাই আনিম৷”
Acts 25:19 in Assamese 19 কিন্তু তেখেত সকলে নিজৰ ধৰ্মৰ বিষয়ে আৰু পৌলে যি জনক জীয়াই উঠা বুলি কৈছিল, এনে যীচু নামৰ কোনো মৃত এজনৰ বিষয়কলৈহে তেখেত সকলৰ মত-পাৰ্থক্য আছিল।
Acts 26:31 in Assamese 31 বিচাৰ কক্ষৰ আতৰত গৈ পৰস্পৰে কথা-বাৰ্ত্তা কৰি ক’লে, “এই মানুহ জনে বন্ধন বা প্ৰাণদণ্ডৰ যোগ্য একো কর্ম কৰা নাই৷”
Acts 28:23 in Assamese 23 পাছত তেওঁলোকে তেওঁলৈ এটা দিন নির্ধাৰণ কৰিলে আৰু বহুলোকে তেওঁক লগ পাবলৈ তেওঁ বসতি কৰা ঠাইলৈ আহিল৷ তেওঁ সেই মানুহবোৰৰ আগত এই বিষয়ে ঘোষণা কৰিলে, আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে সাক্ষ্য প্ৰদান কৰিলে। এইদৰে তেওঁ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মোচিৰ বিধান-শাস্ত্ৰ আৰু ভাৱবাদীৰ পুস্তকৰ পৰা কথা উলিয়াই যীচুৰ বিষয়ে তেওঁলোকক নিশ্চিত প্ৰত্যয় জন্মাবলৈ চেষ্টা কৰিলে৷
Romans 1:28 in Assamese 28 তেওঁলোকে ঈশ্ৱৰৰ অৱগত হ’বলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷
Romans 2:8 in Assamese 8 কিন্তু স্বাৰ্থপৰ লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ’ব;
Romans 14:17 in Assamese 17 কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; কিন্তু ধাৰ্মিকতা, শান্তি আৰু আনন্দ, পবিত্ৰ আত্মাৰ এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ।
2 Corinthians 4:2 in Assamese 2 ইয়াৰ পৰিৱৰ্তে সকলো লজ্জাজন পথ আৰু গোপন কাৰ্য ত্যাগ কৰিলোঁ। আমি শঠতাৰে (ধুৰ্ত্তাচাৰী হৈ) জীৱন যাপন নকৰিলো, আৰু ঈশ্বৰৰ বাক্যত কোনো ভাঁজ নিদিলো। সত্যতা প্ৰকাশৰ যোগেদি আমি ঈশ্বৰৰ দৃষ্টিত আৰু প্ৰতিজন মানুহৰ বিবেকৰ ওচৰতো নিজকে যোগ্য-পাত্ৰ দেখুৱাইছোঁ।
Ephesians 3:8 in Assamese 8 ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই অনুগ্ৰহ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-ইহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ;
2 Thessalonians 2:12 in Assamese 12 যি সকলে সত্যতাত বিশ্বাস নকৰাকৈ অধার্মিকতাত আনন্দিত হ’ল, সেই লোক সকলৰ সোধ-বিচাৰ হ’ব।
Hebrews 2:1 in Assamese 1 এই কাৰণে আমি যি শুনিছো, তাত পুনৰ অধিককৈ মনোযোগ দিয়া উচিত, যাতে আমি ঘাটলৈ চাপি আহি, পুনৰ ঘাটৰ পৰা কোনো প্ৰকাৰে দূৰলৈ ভটিয়াই নাযাওঁ।
1 John 2:13 in Assamese 13 হে পিতৃ সকল, মই আপোনালোকলৈ লিখিছোঁ, কাৰণ যি জন আৰম্ভণিৰে পৰা আছে, তেওঁক আপোনালোকে জানিলে; হে যুৱক সকল, মই তোমালোকলৈ লিখিছোঁ, কাৰণ তোমালোকে পাপ আত্মাক জয় কৰিলা৷ হে শিশু সকল, মই তোমালোকলৈ লিখিলোঁ, কাৰণ তোমালোকে পিতৃক জানিলা৷
1 John 3:12 in Assamese 12 আপোনালোক কয়িনৰ নিচিনা নহব। কয়িন চয়তানৰ লোক আছিল আৰু তেওঁ পাপ আত্মাৰ পৰা হ’ল আৰু নিজ ভায়েকক বধ কৰিলে, পাছে তেওঁ কি কাৰণে তেওঁক বধ কৰিলে? কাৰণ তেওঁৰ কৰ্ম মন্দ আছিল, কিন্তু তেওঁৰ ভায়েক ধাৰ্মিক আছিল।
1 John 5:18 in Assamese 18 আমি জানো যে, ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে; কিন্তু যি জনে ঈশ্ৱৰৰ পৰা জন্ম পালে, ঈশ্ৱৰে তেওঁক পাপ আত্মাৰ পৰা ধৰি ৰাখে; আৰু পাপ-আত্মাই তেওঁক স্পৰ্শ কৰিব নোৱাৰে।
1 John 5:20 in Assamese 20 আমি ইয়াকো জানো যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানো কোন সত্য আৰু এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।