Mark 1 in Assamese

1 ঈশ্বৰৰ পুত্র যীচু খ্রীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ।

2 যিচয়া ভাববাদীৰ পুস্তকত যেনেকৈ লিখা আছে, ‘চোৱা, মই মোৰ বার্তাবাহকক তোমাৰ আগত পঠিয়াইছো, তেওঁ তোমাৰ বাট যুগুত কৰিব’৷

3 “মৰুপ্ৰান্তত এজনৰ কণ্ঠস্বৰ শুনা গৈছে, ‘তোমালোকে প্রভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা’৷”

4 এইদৰে মৰুপ্ৰান্তত বাপ্তিস্ম দিওতা আৰু পাপ-মোচনৰ অৰ্থে মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল।

5 গোটেই যিহুদীয়া আৰু যিৰূচালেমৰ সকলো লোক তেওঁৰ ওচৰ চাপিবলৈ ওলাই আহিল আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে।

6 সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত চামৰাৰ টঙালি বান্ধিছিল৷ তেওঁ কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল।

7 তেওঁ ঘোষণা কৰি ক’লে, “মোতকৈ শক্তিমান এজন মোৰ পাছত আহিছে আৰু মই, তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ তল মূৰ কৰি খুলিবৰো যোগ্য নহওঁ।

8 মই আপোনালোকক পানীত বাপ্তিস্ম দিলোঁ; কিন্তু তেওঁ পবিত্ৰ আত্মাত বাপ্তিস্ম দিব৷”

9 সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে।

10 তেওঁ পানীৰ পৰা উঠি আহোতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে।

11 আৰু এইদৰে স্বৰ্গীয়-বাণী হ’ল যে, “তুমি মোৰ প্রিয় পুত্র৷ তোমাত মই পৰম সন্তুষ্ট।”

12 তেতিয়া আত্মাই তেওঁক মৰুপ্ৰান্তলৈ চালিত কৰি নিলে।

13 সেই মৰুপ্ৰান্তত তেওঁ চল্লিশ দিন আছিল, আৰু চয়তানৰ দ্বাৰাই পৰীক্ষিত হ’ল। তেওঁ বনৰীয়া জন্তুৰ লগত আছিল আৰু স্বৰ্গৰ দূত সকলে তেওঁৰ সেৱা শুশ্রূষা কৰিছিল।

14 যোহনক বন্দীশালত থোৱাৰ পাছত, যীচু গালীল দেশলৈ গ’ল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷

15 যীচুৱে প্ৰচাৰ কৰিলে আৰু ক’লে, “কাল সম্পূৰ্ণ হ’ল, আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হ’ল৷ তোমালোকে মন-পালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা।”

16 পাছত তেওঁ গালীল সাগৰৰ তীৰেদি গৈ থাকোতে, চিমোন আৰু চিমোনৰ ভায়েক আন্দ্রিয়ক সাগৰত জাল বাই থকা দেখিলে; কিয়নো তেওঁলোক মাছমৰীয়া আছিল।

17 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মোৰ পাছত আহা; মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম।”

18 তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীচুৰ পাছে পাছে গ’ল।

19 পাছত যীচুৱে অলপ দূৰ আগুৱাই গৈ থাকোতে, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে; তেওঁলোকেও নাৱত জাল মেৰামতি কৰি আছিল।

20 তেওঁ তেতিয়াই তেওঁলোকক মাতিলে; তেতিয়া তেওঁলোকে নিজৰ বাপেক চিবদিয়ক কাম কৰা চাকৰৰ লগত নাৱতে এৰিলে, আৰু যীচুৰ পাছে পাছে গ’ল।

21 পাছত তেওঁলোকে কফৰনাহূমলৈ গ’ল আৰু তাতে গৈ বিশ্রামবাৰে নাম-ঘৰত সোমাই উপদেশ দিলে।

22 তেওঁৰ উপদেশত লোক সকলে বিস্ময় মানিলে, কিয়নো তেওঁ ক্ষমতাপন্ন ব্যক্তিৰ দৰে তেওঁলোকক উপদেশ দিলে; বিধানৰ অধ্যাপক সকলে উপদেশ দিয়াৰ নিচিনাকৈ তেওঁ উপদেশ দিয়া নাছিল।

23 সেই সময়ত তেওঁলোকৰ সেই নাম-ঘৰতে অশুচি আত্মাই ধৰা এজন মানুহ আছিল। তেওঁ আটাহ পাৰি ক’লে,

24 “হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জন।”

25 কিন্তু যীচুৱে তাক ডবিয়াই ক’লে, “মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!”

26 তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ’ল।

27 তেতিয়া সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি কলে, “এইটো কি? ক্ষমতাপন্ন জনৰ সৈতে এক নতুন উপদেশ! এওঁ অশুচি আত্মাক আজ্ঞা দিয়াত, সিহঁতেও দেখোন এওঁক মানে।”

28 তেতিয়া তেওঁৰ খ্যাতি গালীল প্ৰদেশৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গ’ল।

29 পাছত তেওঁলোকে নাম-ঘৰৰ পৰা ওলাই আহি চিমোন আৰু আন্দ্রিয়ৰ ঘৰত সোমাল। তেওঁলোকৰ লগত যাকোব আৰু যোহনো আছিল।

30 তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক ক’লে।

31 তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক উঠাই দিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা শুশ্রূষা কৰিবলৈ ধৰিলে।

32 পাছত বেলি মাৰ গ’ল, তেতিয়া সন্ধিয়া সময়; লোক সকলে সকলো ৰোগীক আৰু ভূতে পোৱা লোক সকলক তেওঁৰ ওচৰলৈ আনিলে।

33 নগৰৰ লোক সকল আহি দুৱাৰ-মুখতে গোট খালে।

34 তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্থ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভূত খেদালে৷ কিন্তু ভূতবোৰক একো কথা ক’বলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷

35 তেওঁ অতি ৰাতিপুৱা উঠিছিল, তেতিয়া প্ৰায় আন্ধাৰ হৈ আছিল; সেই সময়তে যীচুৱে বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্রার্থনা কৰি আছিল।

36 পাছত চিমোন আৰু লগৰবোৰে তেওঁক বিচাৰি গ’ল৷

37 তেওঁক লগ পোৱাৰ পাছত তেওঁলোকে ক’লে, “সকলোৱে আপোনাক বিচাৰি আছে।”

38 তেতিয়া তেওঁ তেওঁলোকক ক’লে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই ঘোষণা কৰিম; কিয়নো এই বাবেই মই ওলাই আহিলোঁ।”

39 পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে।

40 তাতে এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ ক’লে, “আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”

41 তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা।”

42 তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল আৰু তেওঁ শুচি হ’ল।

43 যীচুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে।

44 যীচুৱে তেওঁক ক’লে, “সাৱধান হোৱা; কোনো ব্যক্তিক একো নকবা; কিন্তু যোৱা, পুৰোহিতৰ ওচৰত গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হ’বৰ অৰ্থে মোচিয়ে যি যি উ‌‌ৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উ‌‌ৎসৰ্গ কৰাগৈ।”

45 কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে; আৰু এই কথা এনে ধৰণে প্রকাশ হ’বলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।