Leviticus 17 in Assamese

1 পাছত যিহোৱাই মোচিক ক’লে,

2 “তুমি হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ সন্তানসকলক এই কথা কোৱা; এই বিষয়ে যিহোৱাই আজ্ঞা কৰি কৈছে,

3 ‘ইস্ৰায়েলৰ বংশৰ যি কোনো লোক এজনে গৰু, ভেড়া বা ছাগলী, ছাউনিৰ ভিতৰত বা ছাউনিৰ বাহিৰত, যিহোৱাৰ উদ্দেশ্যে উপহাৰ স্বৰূপে উৎসৰ্গ কৰে-

4 কিন্তু তেওঁ যদি সেই উপহাৰ যিহোৱাৰ আবাসৰ সন্মুখত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ নানে, তেতিয়া সেই লোকজনলৈ ৰক্তপাতৰ দোষ গণিত হ’ব; সেই লোকজনে ৰক্তপাত কৰাত, তেওঁক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।

5 ইয়াৰ অভিপ্ৰায় এই, যে, ইস্ৰায়েলৰ সন্তানসকলে মুকলি পথাৰত যি যি পশু বলিদান কৰে, সেই সকলোকে তেওঁলোকে যেন সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ উদ্দেশ্যে পুৰোহিতৰ ওচৰলৈ আনি, যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰে।

6 পুৰোহিতে সেই মঙ্গলাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখত যিহোৱাৰ বেদীৰ ওপৰত ছটিয়াব আৰু তাৰ তেলখিনি সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে দগ্ধ কৰিব।

7 তেওঁলোকে যি বন দেৱতাবোৰৰ অনুগামী হৈ ব্যভিচাৰ কৰি আহিছে, সেইবোৰৰ উদ্দেশ্যে আৰু বলিদান কৰিব নালাগে। এয়ে তেওঁলোকৰ পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব’।

8 আৰু তুমি তেওঁলোকক কোৱা, ‘ইস্ৰায়েল-বংশীয় যি কোনো লোক বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যি কোনো বিদেশী জনে নিজৰ হোম-বলি বা মঙ্গলাৰ্থক বলি,

9 যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ ননাকৈ উৎসৰ্গ কৰিব, সেই লোকজন নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব।

10 ইস্ৰায়েল বংশীয় যিকোনো লোক এজনে বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যি কোনো বিদেশীয়ে কোনো প্ৰকাৰৰ তেজ খাব, মই সেই তেজ খোৱা জনৰ পৰা বিমুখে থাকিম আৰু তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম।

11 কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে; আৰু তোমালোকৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে মই সেই তেজ বেদীৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ; কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত্ত সাধক!

12 এই হেতুকে মই ইস্ৰায়েলৰ সন্তানসকলক ক’লো বোলে, তোমালোকৰ মাজৰ কোনেও তেজ খাব নালাগে আৰু তোমালোকৰ মাজত প্ৰবাস কৰা কোনো বিদেশীয়েও তেজ খাব নালাগে।

13 আৰু ইস্ৰায়েলৰ সন্তানসকলৰ মাজত যি কোনো লোক বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যি কোনো বিদেশীয়ে কোনো খাব পৰা পশু বা চৰাই চিকাৰত মাৰিব, তেওঁ তাৰ তেজ উলিয়াই ধুলিৰে ঢাকি থ’ব।

14 কিয়নো প্ৰত্যেক প্ৰাণীৰ প্ৰাণ তেজত থাকে; এই হেতুকে মই ইস্ৰায়েলৰ সন্তানসকলক ক’লোঁ, “তোমালোকে কোনো প্ৰাণীৰ তেজ নাখাবা; কিয়নো প্ৰত্যেক প্ৰাণীৰ তেজেই তাৰ প্ৰাণ; যিকোনোৱে তাক খাব, তেওঁ উচ্ছন্ন হ’ব।”

15 স্বদেশীয় বা বিদেশীয় লোকসকলৰ মাজৰ যি কোনোৱে নিজে নিজেই মৰা, বা হিংসুক জন্তুৱে ছিৰা পশু ভোজন কৰিব তেওঁ নিজ বস্ত্ৰ ধুই পানীত গা ধুব আৰু সন্ধ্যালৈকে তেওঁ অশুচি হৈ থাকিব; তাৰ পাছত তেওঁ শুচি হ’ব।

16 কিন্তু যদি তেওঁ নিজ বস্ত্ৰ বা গা নুধোৱে, তেতিয়া তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।