Jude 1:3 in Assamese 3 হে প্ৰিয় সকল, আমাৰ সকলোৰে পৰিত্ৰাণৰ বিষয়ে লিখিবলৈ মই প্রয়োজন বোধ কৰোঁতে, ঈশ্বৰৰ পবিত্ৰ লোকসকলৰ ওপৰত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ দৃঢ় আহ্বান কৰি আপোনালোকলৈ লিখিলোঁ।
Other Translations King James Version (KJV) Beloved, when I gave all diligence to write unto you of the common salvation, it was needful for me to write unto you, and exhort you that ye should earnestly contend for the faith which was once delivered unto the saints.
American Standard Version (ASV) Beloved, while I was giving all diligence to write unto you of our common salvation, I was constrained to write unto you exhorting you to contend earnestly for the faith which was once for all delivered unto the saints.
Bible in Basic English (BBE) My loved ones, while my thoughts were full of a letter which I was going to send you about our common salvation, it was necessary for me to send you one requesting you with all my heart to go on fighting strongly for the faith which has been given to the saints once and for ever.
Darby English Bible (DBY) Beloved, using all diligence to write to you of our common salvation, I have been obliged to write to you exhorting [you] to contend earnestly for the faith once delivered to the saints.
World English Bible (WEB) Beloved, while I was very eager to write to you about our common salvation, I was constrained to write to you exhorting you to contend earnestly for the faith which was once for all delivered to the saints.
Young's Literal Translation (YLT) Beloved, all diligence using to write to you concerning the common salvation, I had necessity to write to you, exhorting to agonize for the faith once delivered to the saints,
Cross Reference Deuteronomy 9:10 in Assamese 10 যিহোৱাই নিজৰ আঙুলিৰে লিখা এনে দুখন শিলৰ ফলি মোক দিলে; যিদিনা আপোনালোক সকলোৱে যিহোৱাৰ সন্মুখত গোট খাইছিল, সেইদিনা তেওঁ পাহাৰৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক যি যি আজ্ঞা ঘোষণা কৰিছিল, সেইবোৰ সেই ফলি দুখনত লিখা আছিল।
Deuteronomy 21:9 in Assamese 9 এইদৰে আপোনালোকে যিহোৱাৰ দৃষ্টিত যি ভাল, তাকেই কৰি আপোনালোকৰ মাজৰ পৰা নিৰ্দোষীৰ ৰক্তপাতৰ দোষ দূৰ কৰিব।
Nehemiah 13:25 in Assamese 25 তাতে মই তেওঁলোকৰ লগত বিবাদ কৰিলোঁ আৰু তেওঁলোকক শাও দিলোঁ। তেওঁলোকৰ কিছুমান লোকক কোবাই তেওঁলোকৰ চুলি চিঙিলোঁ। মই তেওঁলোকক ঈশ্ৱৰৰ নামেৰে শপত দি কলোঁ, “আপোনালোকে আপোনালোকৰ ছোৱালীক তেওঁলোকৰ পুত্রলৈ বিয়া নিদিব, আৰু আপোলোকৰ পুত্রলৈ বা নিজৰ বাবেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।”
Isaiah 45:17 in Assamese 17 কিন্তু ইস্ৰায়েলে যিহোৱাৰ দ্বাৰাই অনন্তকলীয়া পৰিত্ৰাণেৰে ৰক্ষিত হ’ব; তোমালোক পুনৰ লজ্জিত বা অপমানিত নহ’বা।
Isaiah 45:22 in Assamese 22 পৃথিবীৰ অন্তলৈকে থকা সকল, মোলৈ ঘুৰি আহা আৰু পৰিত্ৰাণপ্ৰাপ্ত হোৱা; কাৰণ ময়েই ঈশ্বৰ, আৰু ইয়াত আন কোনো দেৱতা নাই।
Jeremiah 9:3 in Assamese 3 আৰু তেওঁলোকে নিজৰ জিভাৰূপ ধনুত নিজৰ মিছা কথাস্বৰূপ বাণ জোৰে, আৰু দেশত পৰাক্ৰমী হয়, কিন্তু সত্যৰ বাবে নহয়। কিয়নো তেওঁলোকে এক দুষ্টতাৰ পৰা আন দুষ্টতালৈ আগ বাঢ়ি যায় আৰু যিহোৱাই কৈছে, তেওঁলোকে মোক হ’লে নাজানে।
Acts 4:12 in Assamese 12 তেওঁৰ বাহিৰে আন ক’ত পৰিত্ৰাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।”
Acts 6:8 in Assamese 8 স্তিফানে ঈশ্বৰৰ অনুগ্ৰহ আৰু শক্তিৰে পৰিপূর্ণ হৈ লোক সকলৰ মাজত মহৎ অলৌকিক আৰু আচৰিত কার্য কৰিবলৈ ধৰিলে।
Acts 9:22 in Assamese 22 কিন্তু চৌলে অধিক শক্তিমান হৈ, এই যীচুৱেই যে খ্ৰীষ্ট হয়, ইয়াৰ প্ৰমাণ দি দম্মেচকত থকা ইহুদী সকলক নিৰুত্তৰ কৰিলে।
Acts 13:46 in Assamese 46 তাতে পৌল আৰু বাৰ্ণব্বাই সাহসেৰে ক’লে, “প্ৰথমতে আপোনালোকক ঈশ্বৰৰ বাক্য কোৱা উচিত আছিল৷ কিন্তু আপোনালোকে নিজকে দুৰ কৰি অনন্ত জীৱনৰ অযোগ্য দেখুৱালে, সেয়ে চাওক, আমি অনা-ইহুদী লোক সকলৰ মাজলৈ ঘুৰিলোঁ৷
Acts 17:3 in Assamese 3 তেওঁ শাস্ত্ৰীয় বচন মেলি বাখ্যা কৰিলে যে, খ্রীষ্টই দুখভোগ কৰা আৰু মৃত্যুৰ পৰা পুণর্জীৱিত হোৱাৰ প্রয়োজন আছিল। তেওঁ আকৌ ক’লে, “এই যি যীচুক মই আপোনালোকৰ আগত প্রচাৰ কৰিছোঁ, সেই যীচুৱেই হৈছে খ্রীষ্ট।”
Acts 18:4 in Assamese 4 প্রত্যেক বিশ্রামবাৰে পৌলে নাম-ঘৰত যুক্তি-পৰামর্শৰে ইহুদী আৰু গ্রীক সকলক বিশ্ৱাস কৰিবলৈ প্রত্যয় জন্মায়।
Acts 18:28 in Assamese 28 কিয়নো যীচু যে খ্ৰীষ্ট হয়, তেওঁ ধৰ্মশাস্ত্ৰৰ দ্বাৰাই এই বিষয়ে প্ৰমাণ কৰি দেখুৱালে, তাতে তেওঁ সবর্বসাধাৰণৰ আগত ইহুদী সকলৰ আপত্তি শক্তিশালী ৰূপে খণ্ডন কৰিলে।
Acts 20:27 in Assamese 27 কিয়নো আপোনালোকক ঈশ্বৰৰ আটাই পৰিকল্পনা জনাবলৈ মই পাছ নুহুহকিলো।
Acts 28:28 in Assamese 28 সেই কাৰণে আপোনালোকে জানিব যে, ঈশ্ৱৰৰ এই পৰিত্ৰাণ অনা-ইহুদী সকলৰ মাজলৈ পঠোৱা হৈছে আৰু তেওঁলোকে তেওঁৰ বিষয়ে শুনিবও৷”
Romans 15:15 in Assamese 15 কিয়নো ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে, আপোনালোকক পুনৰ সোঁৱৰাবলৈ কিছুমান বিষয়ত বেছি সাহসেৰে লিখিলোঁ৷
1 Corinthians 15:3 in Assamese 3 কিয়নো মই যি শিক্ষা পালোঁ, তাৰে এই প্ৰধান শিক্ষা আপোনালোকক দিলোঁ যে, ধৰ্মশাস্ত্ৰৰ বচন অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল;
Galatians 2:5 in Assamese 5 কিন্তু শুভবার্তাৰ সত্য যেন আপোনালোকৰ লগত থাকে, সেয়ে এক মুহূর্তৰ কাৰণেও সেই ভণ্ড বিশ্বাসী ভাই সকলৰ বশ্যতা স্বীকাৰ কৰি তেওঁলোকৰ বশৱর্তী নহ’লো।
Galatians 3:28 in Assamese 28 এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক।
Galatians 6:11 in Assamese 11 চাওক, মই নিজ হাতেৰে কিমান দিঘলীয়া চিঠি আপোনালোকলৈ লিখিলোঁ।
Ephesians 1:1 in Assamese 1 মই পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ পাঁচনি। খ্ৰীষ্ট যীচুত বিশ্বাস কৰা ইফিচৰ পবিত্ৰ লোক সকলৰ সমীপলৈ;
Philippians 1:1 in Assamese 1 খ্ৰীষ্ট যীচুৰ দাস পৌল আৰু তীমথিয়; খ্ৰীষ্ট যীচুত থকা যি সকল পবিত্ৰ লোক ফিলিপীত আছে, তেখেত সকলৰ সৈতে তেখেত সকলৰ অধ্যক্ষ আৰু পৰিচাৰক সকলৰ সমীপলৈ।
Philippians 1:27 in Assamese 27 মই যেতিয়া আপোনালোকক চাবলৈ যাম, নাইবা চাবলৈ নাযাম, তথাপি আপোনালোকে যেন এক আত্মাৰে থিৰ হৈ আছে আৰু এক মনেৰে শুভবাৰ্তাৰ সমন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছে, এনে বিষয়ে যেন আপোনালোকৰ পৰা শুনিবলৈ পাম, আৰু ইয়াৰ বাবেই আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য জীৱন-যাপন কৰক।
Colossians 1:2 in Assamese 2 কলচীত থকা খ্ৰীষ্টত বিশ্বাসী ভাই আৰু পবিত্ৰ লোক সকলৰ সমীপলৈ। আমাৰ পিতৃ ঈশ্বৰৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
1 Thessalonians 2:2 in Assamese 2 আপোনালোকে এই কথাও জানে যে, আমি আগেয়ে ফিলিপী নগৰত অনেক দুখভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। তেতিয়া নানা বিৰোধিতাৰ মাজতো আমি আপোনালোকৰ আগত শুভবাৰ্তা কবলৈ আমাৰ ঈশ্বৰত সাহস পালোঁ।
1 Timothy 1:18 in Assamese 18 মই তোমাক এই আদেশ দিওঁ, হে মোৰ পুত্ৰ তীমথিয়; মই তোমাৰ সম্বন্ধে জনোৱা ভাৱবাণীৰ দৰে, তুমি তাতে একমত হৈ সেই অনুসাৰে যেন উত্তম যুজঁত প্ৰাণপণ কৰা৷
1 Timothy 6:12 in Assamese 12 বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা৷ যি অনন্ত জীৱনৰ বাবে তুমি আমন্ত্ৰিত হ’লা আৰু অনেক সাক্ষীৰ আগত যি উত্তম বিশ্বাস স্বীকাৰ কৰিলা, তাক তুমি ধাৰণ কৰি থাকা৷
2 Timothy 1:13 in Assamese 13 মোৰ যি যি কথা শুনিলা, সেইবোৰ নিৰাময় বাক্যৰ আর্হি হিচাপে লৈ খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা।
2 Timothy 4:7 in Assamese 7 মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ।
Titus 1:4 in Assamese 4 সাধৰণ বিশ্বাসৰ দৰে প্ৰকৃত পুত্ৰ তীতৰ সমীপলৈ। পিতৃ ঈশ্বৰ আৰু আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।
Hebrews 13:22 in Assamese 22 হে ভাই সকল, মই আপোনালোকক উৎসাহিত কৰোঁ, আপোনালোকে এই উদগণিৰ বাক্য সহন কৰিব; কিয়নো মই সংক্ষেপে আপোনালোকৰ বাবে লিখিলোঁ।
1 Peter 5:12 in Assamese 12 মই চীলক বিশ্বাসী ভাই হিচাপে গণ্য কৰোঁ আৰু তেওঁৰ যোগেদি সংক্ষেপে এই পত্ৰ আপোনালোকলৈ লিখিলোঁ৷ আপোনালোকক প্ৰবোধ দিলোঁ আৰু এয়ে ঈশ্বৰৰ প্ৰকৃত অনুগ্ৰহ বুলি সাক্ষ্যও দিলোঁ৷ মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ আৰু ঈশ্ৱৰৰ প্ৰকৃত অনুগ্ৰহৰ সাক্ষ্য দান কৰি, এই পত্ৰ লিখিলোঁ৷ ইয়াতে আপোনালোক দৃঢ় হৈ থাকক৷
2 Peter 1:1 in Assamese 1 মই চিমোন পিতৰ, যীচু খ্ৰীষ্টৰ এজন দাস আৰু পাঁচনি। যি সকলে আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ ধাৰ্মিকতাৰ মাধ্যমত আমি লাভ কৰাৰ দৰে একেই অমূল্য বিশ্বাস লাভ কৰিছে, সেই সকলৰ সমীপলৈ।
2 Peter 1:12 in Assamese 12 এই হেতুকে, যদিও আপোনালোকে এই সকলোবোৰ জানে আৰু যি সত্য, তাত থিৰে আছে, তথাপি মই সকলো সময়তে আপোনালোকক এই বিষয়বোৰ মনত পেলাই দিবলৈ প্রস্তুত থাকিম;
2 Peter 3:1 in Assamese 1 হে প্ৰিয় সকল, মই আপোনালোকলৈ লিখা এইখন দ্বিতীয় পত্ৰ; এই উভয়ৰ দ্বাৰাই সোঁৱৰণ কৰাই আপোনালোকৰ নিৰ্মল মনক চেতনা দিছোঁ;
Jude 1:17 in Assamese 17 কিন্তু, হে প্ৰিয় সকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পাঁচনি সকলে পূৰ্বতে কোৱা কথা আপোনালোকে সোঁৱৰণ কৰক;
Jude 1:20 in Assamese 20 কিন্তু, হে প্ৰিয় সকল, আপোনালোকে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁথি লওঁক আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰক;
Revelation 2:10 in Assamese 10 তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্যন্ত বিশ্বাসযোগ্য হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।
Revelation 12:11 in Assamese 11 তেওঁলোকে মেষ পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে, তেওঁলোকে মৃত্যু পৰ্যন্ত নিজৰ প্ৰাণক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।