Jude 1:25 in Assamese 25 তেৱেঁই একমাত্র ঈশ্বৰ, আমাৰ ত্রাণকর্তা; প্রভু যীচু খ্ৰীষ্টৰ দ্বাৰা তেওঁৰেই মহিমা, মহত্ব, অধিকাৰ আৰু ক্ষমতা, যুগৰ পূৰ্বতে আৰু এতিয়া আৰু চিৰকাললৈ হওক। আমেন।
Other Translations King James Version (KJV) To the only wise God our Saviour, be glory and majesty, dominion and power, both now and ever. Amen.
American Standard Version (ASV) to the only God our Saviour, through Jesus Christ our Lord, `be' glory, majesty, dominion and power, before all time, and now, and for evermore. Amen.
Bible in Basic English (BBE) To the only God our Saviour, through Jesus Christ our Lord, let us give glory and honour and authority and power, before all time and now and for ever. So be it.
Darby English Bible (DBY) to the only God our Saviour, through Jesus Christ our Lord, [be] glory, majesty, might, and authority, from before the whole age, and now, and to all the ages. Amen.
World English Bible (WEB) to God our Savior, who alone is wise, be glory and majesty, dominion and power, both now and forever. Amen.
Young's Literal Translation (YLT) to the only wise God our Saviour, `is' glory and greatness, power and authority, both now and to all the ages! Amen.
Cross Reference 1 Chronicles 29:11 in Assamese 11 হে যিহোৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী, আৰু প্ৰতাপী। কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱেই আপোনাৰ। ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তা ৰূপে যিহোৱা আৰু আপুনি মৰ্য্যদাপূৰ্ণ।
Psalm 72:18 in Assamese 18 ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক; যি জন কেৱল আচৰিত কৰ্ম্ম কৰোঁতা।
Psalm 78:20 in Assamese 20 তেওঁ শিলক প্ৰহাৰ কৰিলে আৰু তাৰ পৰা উপচি পৰাকৈ পানীৰ সোঁত ওলাই আহিল; সেই বুলি জানো তেওঁ আমাক আহাৰো দিব পাৰে? তেওঁ জানো নিজৰ লোকসকলৰ কাৰণে মাংস যোগাব পাৰে?”
Psalm 104:24 in Assamese 24 হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মান কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
Psalm 147:5 in Assamese 5 আমাৰ প্ৰভু মহান; তেওঁৰ পৰাক্রম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই।
Isaiah 12:2 in Assamese 2 চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”
Isaiah 45:21 in Assamese 21 ওচৰলৈ আহা আৰু মোৰ আগত এইতো ঘোষনা কৰা, প্রমান আনা! তেওঁলোকক একেলগে মিলিত হবলৈ দিয়া। কোনে আগৰ পৰা এইসকলো দেখুৱাই আহিছে? কোনে ঘোষনা কৰিছে? মই যিহোৱাই নহয়নে? মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, মই ন্যায়ৱান ঈশ্বৰ, আৰু ত্ৰাণকৰ্ত্তা; মোৰ বাহিৰে আন কোনো নাই।
Daniel 4:37 in Assamese 37 এতিয়া মই নবুখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছো; কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়। যি সকলে নিজৰ অহঙ্কাৰত চলে, তেওঁ তেওঁলোকক নম্র কৰিব পাৰে।
Matthew 6:13 in Assamese 13 আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ৰক্ষা কৰা (ধৰি ৰাখা)৷ কিয়নো ৰাজ্য, মহিমা আৰু পৰাক্ৰম চিৰকাল তোমাৰেই হওক৷ আমেন৷’
John 4:22 in Assamese 22 তোমালোকে যিহক নাজানা, তাৰ আৰাধনা কৰা; আমি যিহক জানো, তাৰ আৰাধনা কৰোঁ; কিয়নো পৰিত্রাণ ইহুদী লোকৰ মাজৰ পৰাই আহিছে।
John 5:44 in Assamese 44 আপোনালোকে এজনে আন জনৰ পৰা প্রশংসা (মহিমা) পাবলৈ আশা কৰে, কিন্তু যি প্রশংসা (মহিমা) একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব?
Romans 11:33 in Assamese 33 ঈশ্বৰ জ্ঞান আৰু বুদ্ধিত গভীৰ ভাবে ধনৱান! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!
Romans 11:36 in Assamese 36 কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।
Romans 16:27 in Assamese 27 যি একমাত্ৰ প্ৰজ্ঞাৱান ঈশ্বৰ, যীচু খ্ৰীষ্টৰ দ্বাৰাই, তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।
Ephesians 1:8 in Assamese 8 সেই অনুগ্ৰহ তেওঁ আমালৈ সকলো জ্ঞান আৰু বুদ্ধিত উপচাই দিলে।
Ephesians 3:10 in Assamese 10 ঈশ্বৰৰ ইচ্ছা এই যে, মণ্ডলীৰ যোগেদি স্বর্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতা প্রাপ্ত শাসনকৰ্তা সকলৰ ওচৰত ঈশ্বৰৰ নানাবিধ জ্ঞান জনোৱা হয়;
Ephesians 3:21 in Assamese 21 মণ্ডলীত আৰু খ্ৰীষ্ট যীচুত যুগে যুগে সদাসর্ব্বদায় তেওঁৰেই মহিমা হওক। আমেন।
1 Timothy 1:17 in Assamese 17 এতিয়া অনন্ত কালৰ ৰজালৈ, অাৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন।
1 Timothy 2:3 in Assamese 3 এয়ে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ দৃষ্টিত উত্তম আৰু গ্ৰহণীয়৷
Titus 1:3 in Assamese 3 ঈশ্বৰে তেওঁৰ বাক্য ঠিক ঠিক সময়ত প্ৰচাৰ কৰাৰ দ্বাৰাই প্ৰকাশ কৰিলে৷ ঈশ্বৰে সেই কাৰ্যৰ ভাৰ মোৰ হাতত তুলি দিলে আৰু আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ আজ্ঞা অনুসাৰে মই সেই বাক্য প্ৰচাৰ কৰোঁ৷
Titus 2:10 in Assamese 10 আৰু হাত লৰ নহৈ, বৰং সকলোতে প্ৰকৃত বিশ্বাস দেখুৱাবৰ বাবে তেওঁলোকক উদগোৱা, তাতে আমাৰ ত্ৰাণকর্তা ঈশ্বৰৰ শিক্ষাই সকলো বিষয়তে তেওঁলোকক ভূষিত কৰক৷
Titus 2:13 in Assamese 13 এতিয়া আমি যেন পৰমধন্য আশা সিদ্ধিৰ অৰ্থে মহান ঈশ্বৰ আৰু ত্ৰাণকর্তা যীচু খ্ৰীষ্টৰ প্ৰতাপৰ আবির্ভাৱৰ বাবে অপেক্ষা কৰি থাকো৷
Titus 3:4 in Assamese 4 কিন্তু যেতিয়া আমাৰ ত্ৰাণকর্তা ঈশ্বৰৰ মধুৰ স্নেহ স্বভাব আৰু মনুষ্য জাতিলৈ তেওঁৰ প্ৰেম প্ৰকাশিত হ’ল,
Hebrews 13:8 in Assamese 8 যীচু খ্ৰীষ্ট কালি, আজি, আৰু চিৰকাললৈকে সেই একে হৈ আছে।
1 Peter 4:11 in Assamese 11 যদি কোনোৱে কথা কয়, তেনেহলে ঈশ্বৰৰ বাক্যৰদৰে কওক; যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে, তেনেহলে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক; এইদৰে সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়; তেওঁৰেই মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন।
1 Peter 5:10 in Assamese 10 আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।
2 Peter 1:1 in Assamese 1 মই চিমোন পিতৰ, যীচু খ্ৰীষ্টৰ এজন দাস আৰু পাঁচনি। যি সকলে আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ ধাৰ্মিকতাৰ মাধ্যমত আমি লাভ কৰাৰ দৰে একেই অমূল্য বিশ্বাস লাভ কৰিছে, সেই সকলৰ সমীপলৈ।
2 Peter 3:18 in Assamese 18 আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।
Revelation 1:6 in Assamese 6 আৰু তেওঁ আমাক ৰাজ্য স্বৰূপ কৰিলে, ঈশ্বৰৰ আৰু তেওঁৰ পিতৃৰ উদ্দেশ্যে পুৰোহিত কৰিলে, তেওঁৰ মহিমা আৰু পৰাক্রম সদা-সর্বদায় হওক। আমেন।
Revelation 4:9 in Assamese 9 যেতিয়া সেই প্ৰাণীবোৰে চিৰকাল সিংহাসনত বহা সেই জীৱিত জনৰ মহিমা, সমাদৰ আৰু ধন্যবাদ কৰিব,
Revelation 5:13 in Assamese 13 আৰু স্বৰ্গত, এই জগতত, এই জগতৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আছে, সেই সকলোৱে কোৱা শুনিলোঁ, “সিংহাসনত বহি থকা জন আৰু মেষ-পোৱালি জনৰ প্ৰশংসা, মৰ্যদা, মহিমা আৰু পৰাক্ৰম চিৰকাল হওক”।