John 8:6 in Assamese 6 তেওঁলোকে যীচুক পৰীক্ষা কৰিবলৈ এই কথা ক’লে, যাতে তেওঁৰ নামত দোষাৰোপ কৰিবলৈ কিবা সূত্র পাব পাৰে। কিন্তু যীচুৱে তললৈ মূৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে।
Other Translations King James Version (KJV) This they said, tempting him, that they might have to accuse him. But Jesus stooped down, and with his finger wrote on the ground, as though he heard them not.
American Standard Version (ASV) And this they said, trying him, that they might have `whereof' to accuse him. But Jesus stooped down, and with his finger wrote on the ground.
Bible in Basic English (BBE) They said this, testing him, so that they might have something against him. But Jesus, with his head bent down, made letters on the floor with his finger.
Darby English Bible (DBY) But this they said proving him, that they might have [something] to accuse him [of]. But Jesus, having stooped down, wrote with his finger on the ground.
World English Bible (WEB) They said this testing him, that they might have something to accuse him of. But Jesus stooped down, and wrote on the ground with his finger.
Young's Literal Translation (YLT) and this they said, trying him, that they might have to accuse him. And Jesus, having stooped down, with the finger he was writing on the ground,
Cross Reference Genesis 49:9 in Assamese 9 যিহূদা যুবা সিংহ; হে মোৰ বোপা, তুমি পশু ছিৰি পেলোৱাৰ পৰা উঠি আহিলা। সি সিংহৰ দৰে পৰি শুইছে, এনে কি, সিংহিনীৰ দৰে শুইছে; কোনে তাক জগাব?
Numbers 14:22 in Assamese 22 তেন্তে তেওঁলোকৰ মাজত যিমান লোকে মোৰ প্ৰতাপ আৰু মিচৰত ও মৰুভূমিত দেখুউৱা মোৰ চিন দেখিও, এই দহবাৰ মোক পৰীক্ষা কৰিছে আৰু মোৰ বাক্যলৈ কাণ নকৰা হৈছে।
Psalm 38:12 in Assamese 12 যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে, যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়; তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে।
Psalm 39:1 in Assamese 1 মই কৈছিলোঁ, “মই মোৰ পথত সাৱধানে চলিম; যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ; যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মূৰ মুখত সোপা দি ৰাখিম।”
Proverbs 26:17 in Assamese 17 কুকুৰৰ কাণত ধৰা লোকৰ যেনে, বাটৰুৱাই আনৰ বিবাদত ক্রোধিত হোৱা তেনে।
Ecclesiastes 3:7 in Assamese 7 কাপোৰ ফালিবৰ সময় আৰু চিলাই কৰাৰ সময় আছে; মনে মনে থকাৰ সময় আৰু কথা কবৰ সময় আছে।
Jeremiah 17:13 in Assamese 13 যিহোৱাই ইস্ৰায়েলৰ আশা-ভুমি। যিসকলে তোমাক ত্যাগ কৰে, তেওঁলোক সকলোৱেই লজ্জিত হব; যিসকলে সেই ঠাইত তোমাৰ পৰা আঁতৰি যায় তেওঁলোক বঞ্চিত হ’ব। কিয়নো তেওঁলোকে জীৱিত জলৰ ভুমুকস্বৰূপ যিহোৱাক ত্যাগ কৰিলে।
Daniel 5:5 in Assamese 5 সেই মুহূৰ্ত্ততে মানুহৰ হাতৰ আঙুলি ওলাই দীপাধাৰৰ সন্মুখত দেখা দিলে, আৰু ৰাজ প্রাসাদৰ দেৱালত লিপা চূণৰ ওপৰত লিখিলে। লিখি থকাৰ সময়ত ৰজাই হাতৰ এটা অংশ দেখা পালে।
Amos 5:10 in Assamese 10 নগৰৰ দুৱাৰত অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাজনক, তোমালোকে ঘিণ কৰা আৰু সত্য কথা কোৱা জনক তুচ্ছ কৰা।
Amos 5:13 in Assamese 13 সেয় বাবে এই, এই সময়ত বিজ্ঞ লোক মনে মনে থাকে; কিয়নো ই এক দু:সময় ।
Matthew 10:16 in Assamese 16 “শুনা! মই ৰাংকুকুৰবোৰৰ মাজলৈ তোমালোকক মেষ পোৱালিৰ নিচিনাকৈ পঠিয়াইছো; এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা অমায়িক হোৱা।
Matthew 15:23 in Assamese 23 কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে। শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “তাইক বিদায় দিয়ক; কিয়নো তাই চিঞৰি চিঞৰি আমাৰ পাছে পাছে আহি আছে।”
Matthew 16:1 in Assamese 1 ফৰীচী আৰু চদ্দূকী সকলে যীচুক পৰীক্ষা কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আহিল আৰু আকাশৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন তেওঁলোকক দেখুৱাবলৈ ক’লে।
Matthew 19:3 in Assamese 3 সেই সময়ত কেইজনমান ফৰীচীয়ে আহি যীচুক পৰীক্ষা কৰিবৰ কাৰণে সুধিলে, “কোনো লোকৰ পক্ষে যি কোনো কাৰণত পত্নীক ত্যাগ কৰাটো বিধান সন্মত হয় নে?”
Matthew 22:18 in Assamese 18 যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, “হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছে?
Matthew 22:35 in Assamese 35 তেওঁলোকৰ মাজৰ এজন বিধানৰ অধ্যাপকে তেওঁক পৰীক্ষা কৰি সুধিলে,
Matthew 26:63 in Assamese 63 কিন্তু যীচুৱে নিজম দি থাকিল। তেতিয়া মহা-পুৰোহিতে তেওঁক ক’লে, “তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হোৱা নে নোহোৱা, আমাক কোৱা।”
Mark 8:11 in Assamese 11 তেতিয়া ফৰীচী সকল ওলাই আহিল আৰু তেওঁৰে সৈতে তর্ক-বিতর্ক কৰিবলৈ ধৰিলে। তেওঁলোকে তেওঁক পৰীক্ষা কৰাৰ উদ্দেশ্যে স্বর্গৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে।
Mark 10:2 in Assamese 2 তেতিয়া ফৰীচী সকল আহি তেওঁক সুধিলে, “পুৰুষে নিজৰ তিৰোতাক ত্যাগ কৰাতো বিধান সন্মত হয় নে?” এই প্রশ্ন তেওঁক পৰীক্ষা কৰিবৰ বাবে সুধিছিল।
Mark 12:15 in Assamese 15 কিন্তু তেওঁলোকৰ কপট ভাব বুজি পাই তেওঁ ক’লে, “আপোনালোকে কিয় মোক পৰীক্ষা কৰিছে? মোৰ ওচৰলৈ এটা আধলি (দীনাৰ) আনক, মই চাওঁ৷”
Luke 10:25 in Assamese 25 ইয়াৰ পাছত এজন বিধানৰ অধ্যাপকে উঠি যীচুক পৰীক্ষা কৰি চোৱাৰ ছলেৰে সুধিলে, “হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?”
Luke 11:16 in Assamese 16 আন কিছুমানে তেওঁক পৰীক্ষা কৰিবলৈ স্বৰ্গৰ পৰা কোনো পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে।
Luke 11:53 in Assamese 53 যীচুৱে সেই ঠাই এৰি যোৱাৰ পাছত, বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে তেওঁৰ কথাত প্ৰতিৰোধ কৰিলে আৰু তেওঁক লৈ বহু কথাত বিতর্ক কৰি,
Luke 20:20 in Assamese 20 তাতে তেওঁলোকে তেওঁৰ ধাৰ্মিকতাত সাৱধানতাৰে সতৰ্ক দৃষ্টি ৰাখি, তেওঁৰ কথাত যেন দায় ধৰিব পাৰে আৰু তেওঁক দেশৰ অধিকাৰী আৰু শাসনকৰ্তাৰ হাতত যেন শোধাই দিব পাৰে, এই কাৰণে সাধুৰ বেশ ধৰা কিছুমান চোৰাংচোৱা পঠাই দিলে।
John 8:2 in Assamese 2 অতি ৰাতিপুৱাতে তেওঁ পুনৰ মন্দিৰলৈ আহিল; তেতিয়া সকলো মানুহ তেওঁৰ ওচৰলৈ অহাত তেওঁ বহি তেওঁলোকক উপদেশ দিবলৈ ধৰিলে।
1 Corinthians 10:9 in Assamese 9 তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হ’ল, তেনেকৈ আমি যেন প্ৰভুক পৰীক্ষা নকৰোঁ।