John 20:31 in Assamese 31 কিন্তু যীচু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা, বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই কাৰণে এইবোৰ কথা লিখা হ’ল।
Other Translations King James Version (KJV) But these are written, that ye might believe that Jesus is the Christ, the Son of God; and that believing ye might have life through his name.
American Standard Version (ASV) but these are written, that ye may believe that Jesus is the Christ, the Son of God; and that believing ye may have life in his name.
Bible in Basic English (BBE) But these are recorded, so that you may have faith that Jesus is the Christ, the Son of God, and so that, having this faith you may have life in his name.
Darby English Bible (DBY) but these are written that ye may believe that Jesus is the Christ, the Son of God, and that believing ye might have life in his name.
World English Bible (WEB) but these are written, that you may believe that Jesus is the Christ, the Son of God, and that believing you may have life in his name.
Young's Literal Translation (YLT) and these have been written that ye may believe that Jesus is the Christ, the Son of God, and that believing ye may have life in his name.'
Cross Reference Psalm 2:7 in Assamese 7 ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম; যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ।
Psalm 2:12 in Assamese 12 তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হব, তোমালোক নিজৰ পথতে বিনষ্ট হবা; কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে। ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়।
Matthew 4:3 in Assamese 3 তেতিয়া চয়তানে আহি তেওঁক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হ’বলৈ আজ্ঞা দিয়ক।”
Matthew 16:16 in Assamese 16 তেতিয়া চিমোন পিতৰে উত্তৰ দি ক’লে, “আপুনি সেই অভিষিক্ত জন অৰ্থাৎ খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।”
Matthew 27:54 in Assamese 54 পাছত এশৰ সেনাপতি আৰু তেওঁৰ লগত যীচুক পহৰা দি থকা সকলে, এইদৰে ভুমিকম্প আদি ঘটনা হোৱা দেখি বৰ ভয় পাই ক’লে, “এওঁ সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ।”
Mark 16:16 in Assamese 16 তাতে যি জনে বিশ্বাস কৰি বাপ্তিস্ম গ্ৰহন কৰে, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷
Luke 1:4 in Assamese 4 মই ইচ্ছা কৰোঁ, আপুনিও যেন এই বিষয়বোৰৰ শিক্ষা পায়, আৰু সেইবোৰৰ সত্যতা জানিব পাৰে।
Luke 24:47 in Assamese 47 আৰু যিৰূচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন-পালটন আৰু পাপ-মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হ’ব।
John 1:49 in Assamese 49 নথনেলে তেওঁক উত্তৰ দিলে, “ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!”
John 3:15 in Assamese 15 যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে।
John 3:18 in Assamese 18 তেওঁত বিশ্বাস কৰা জনৰ সোধ-বিচাৰ কৰা নহয়; বিশ্বাস নকৰা জনক দোষী কৰা হ’ল, কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই।
John 3:36 in Assamese 36 পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে; পুত্ৰক অমান্য কৰা জনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে।”
John 5:24 in Assamese 24 মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।
John 5:39 in Assamese 39 আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে যে, সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। কিন্তু সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে;
John 6:40 in Assamese 40 মোৰ পিতৃৰ ইচ্ছা এই যে, যি কোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায়; আৰু শেষৰ দিনা মই তেওঁক তুলিম।”
John 6:69 in Assamese 69 আমি বিশ্বাস কৰিছোঁ আৰু জানিছোঁ যে, আপুনিয়েই ঈশ্বৰৰ পবিত্ৰ জন।”
John 9:35 in Assamese 35 যীচুৱে শুনিলে যে ইহুদী নেতা সকলে সেই লোক জনক নাম-ঘৰৰ পৰা বাহিৰ কৰি দিলে। পাছত যীচুৱে তেওঁক দেখা পাই সুধিলে, “তুমি মানুহৰ পুত্ৰক বিশ্বাস কৰিছা নে?”
John 10:10 in Assamese 10 চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।
John 19:35 in Assamese 35 এই ঘটনা যি জনে দেখিলে সেই জনে আহি এই বিষয়ে সাক্ষ্য দিলে, তেওঁৰ সাক্ষ্য সত্য; আৰু তেওঁ জানে যে তেওঁ সত্য কথা কৈছে, এই কাৰণে তোমালোকেও যেন বিশ্বাস কৰা।
John 20:28 in Assamese 28 থোমাই উত্তৰ দি তেওঁক ক’লে, “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ!”
Acts 3:16 in Assamese 16 আৰু সেই যীচুৰ নামত বিশ্বাস কৰাৰ কাৰণে, এই যি মানুহ জনক আপোনালোকে চিনি পাইছে, এওঁক তেওঁৰ নামেই বলৱান কৰিলে আৰু তেওঁৰ পৰা জন্মোৱা বিশ্বাসে আপোনালোকৰ সন্মূখত এওঁক সম্পূৰ্ণ সুস্থ কৰি খোজ কঢ়ালে।
Acts 8:36 in Assamese 36 এইদৰে বাটত যাওঁতে যাওঁতে এডোখৰ জলাশয়ৰ ওচৰ পোৱাত নপুংসকে ক’লে, “চাওক, ইয়াতে পানী আছে; গতিকে বাপ্তিস্ম লোৱাত এতিয়া মোৰ কি বাধা আছে?”
Acts 9:20 in Assamese 20 আৰু যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, এই কথা নাম-ঘৰবোৰত তেওঁ ঘোষণা কৰিবলৈ ধৰিলে।
Acts 10:43 in Assamese 43 তেওঁৰ পক্ষে সকলো ভাববাদীয়েও সাক্ষ্য দিয়ে যাতে তেওঁত বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ-মোচন পায়৷”
Acts 13:38 in Assamese 38 এই কাৰণে, হে ভাইসকল, সেই জন যীচুৰ দ্বাৰাই আপোনালোকৰ আগত পাপ-মোচনৰ ন্যায় বিষয়ৰ গ্ৰহণীয়তা প্ৰচাৰ কৰা হৈছে৷
Romans 1:3 in Assamese 3 সেয়ে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ৰ শুভবাৰ্তা; যি জনে মানৱ ৰূপে দায়ুদৰ বংশত জন্মিছিল৷
1 Peter 1:9 in Assamese 9 এতিয়া আপোনালোকৰ নিজৰ বিশ্ৱাসৰ ফল আপোনালোকে গ্ৰহণ কৰিছে, সেয়া আপোনালোকৰ প্ৰাণৰ পৰিত্ৰাণ৷
1 John 2:23 in Assamese 23 যি জনে পুত্ৰক অস্বীকাৰ কৰে, তেওঁ পিতৃকো পোৱা নাই; কিন্তু যি জনে পুত্ৰক স্বীকাৰ কৰে, তেওঁ পিতৃকো পালে।
1 John 4:15 in Assamese 15 যীচু যে ঈশ্বৰৰ পুত্ৰ; ইয়াক যি জনে স্বীকাৰ কৰে, ঈশ্বৰ তেওঁৰ অন্তৰত থাকে আৰু তেৱোঁ ঈশ্বৰত থাকে।
1 John 5:1 in Assamese 1 যীচু যে সেই অভিষিক্ত(খ্ৰীষ্ট) জন হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা; আৰু যি জনে জন্ম দিওঁতাক প্ৰেম কৰে, তেওঁ তেওঁৰ পৰা জন্ম পোৱা জনকো প্ৰেম কৰে।
1 John 5:10 in Assamese 10 যি জনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত থাকে; যি জনে ঈশ্বৰত বিশ্বাস নকৰে, ঈশ্ৱৰে তেওঁক মিছলীয়া পাতিলে; কিয়নো নিজৰ পুত্ৰৰ বিষয়ে ঈশ্ৱৰে যি সাক্ষ্য দিলে, তেওঁ সেই কথাত বিশ্বাস কৰা নাই।
1 John 5:20 in Assamese 20 আমি ইয়াকো জানো যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানো কোন সত্য আৰু এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।
2 John 1:9 in Assamese 9 যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে।
Revelation 2:18 in Assamese 18 থুয়াতীৰাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনৰ চকু অগ্নিশিখাৰ নিচিনা আৰু চৰণ ঘঁহি চক্চকীয়া কৰা পিতলৰ নিচিনা, সেই জনা ঈশ্বৰৰ পুত্ৰই এই কথা কয়,