John 18 in Assamese

1 যীচুৱে এইবোৰ কথা কৈ, কিদ্ৰোণ উপত্যকাৰ সিপাৰে য’ত এখন বাগিছা আছিল, সেই ঠাইলৈ তেওঁ শিষ্য সকলৰ সৈতে তালৈ ওলাই গ’ল; আৰু সেই বাগিচাত তেওঁ আৰু তেওঁৰ শিষ্য সকল সোমাল।

2 শত্ৰুৰ হাতত শোধাই দিয়া যিহূদায় সেই ঠাই চিনি পাইছিল; কিয়নো যীচুৱে তেওঁৰ শিষ্য সকলক লগত লৈ বহুত বাৰ সেই ঠাইলৈ গৈছিল।

3 তেতিয়া যিহূদায় প্ৰধান পুৰোহিত, ফৰীচী সকলৰ ৰখীয়া আৰু সৈন্যৰ এটা দলৰ সৈতে জোঁৰ, আৰিয়া আৰু অস্ত্ৰ-শস্ত্ৰ লৈ, সেই ঠাইত উপস্থিত হ’ল।

4 তেতিয়া যীচুৱে, তেওঁৰ প্ৰতি কি ঘটিবলৈ গৈ আছে সেই বিষয়ে আগেয়ে জনাৰ বাবে, তেওঁলোকৰ আগলৈ ওলাই গৈ তেওঁ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?”

5 তেওঁলোকে উত্তৰ দিলে, “নাচৰতীয়া যীচুক।” যীচুৱে তেওঁলোকক ক’লে, “ময়েই সেই জন।” তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া যিহুদাও তেওঁলোকৰ সৈতে থিয় হৈ আছিল।

6 যেতিয়া তেওঁ তেওঁলোকক ক’লে, “ময়েই সেই জন”, তেতিয়া তেওঁলোক পাছ হুঁহকি আহিল আৰু মাটিত পৰি গ’ল।

7 তেতিয়া তেওঁ তেওঁলোকক আকৌ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?” তেওঁলোকে ক’লে, “নাচৰতীয়া যীচুক।”

8 যীচুৱে উত্তৰ দিলে, “মই তোমালোকক কৈছোঁ, ময়েই সেই জন; এতেকে যদি মোক বিচাৰিছা, তেনেহলে এওঁলোকক যাবলৈ দিয়া।”

9 তেওঁ আগেয়ে কোৱা কথা সম্পূৰ্ণ হবলৈ এইবোৰ ঘটিল; তেওঁ কৈছিল ‘মোক যি সকলক দিলা, তেওঁলোকৰ এজনকো মই হেৰুওৱা নাই’।

10 তেতিয়া চিমোন পিতৰৰ, এখন তৰোৱাল আছিল, তেওঁ সেই তৰোৱাল ফাঁকৰ পৰা উলিয়াই, মহা-পুৰোহিতৰ দাসক ঘাপ মাৰি, তাৰ সোঁ কাণ খন কাটি পেলালে। সেই দাসৰ নাম আছিল ‘মল্ক’।

11 তেতিয়া যীচুৱে পিতৰক ক’লে, “তৰোৱাল ফাকত সুমুৱাই থোৱা; পিতৃয়ে মোক যি পান-পাত্ৰ দিলে, মই তাতে পান নকৰিম নে?”

12 তেতিয়া সৈন্য দল আৰু তেওঁলোকৰ সেনাপতি আৰু ইহুদী সকলৰ ৰখীয়াবোৰে যীচুক ধৰি বান্ধি,

13 প্ৰথমতে হাননৰ ওচৰলৈ লৈ গ’ল; কিয়নো তেওঁ সেই বছৰত মহা-পুৰোহিত হোৱা কায়াফাৰ শহুৰেক আছিল।

14 এই কায়াফাই ইহুদী সকলক পৰামৰ্শ দিছিল যে, ‘লোক সকলৰ কাৰণে এজন মানুহ মৰা ভাল’।

15 তেতিয়া চিমোন পিতৰ আৰু আন এজন শিষ্য যীচুৰ পাছে পাছে গ’ল। সেই শিষ্যৰ মহা-পুৰোহিতৰ সৈতে চিনাকি থকাত, যীচুৰে সৈতে মহা-পুৰোহিতৰ চোতাললৈ সোমাই গ’ল।

16 কিন্তু পিতৰ দুৱাৰৰ বাহিৰত থিয় হৈ থাকিল। এই হেতুকে মহা-পুৰোহিতৰ চিনাকি সেই আন শিষ্যই আকৌ বাহিৰলৈ আহি, দুৱাৰত ৰৈ থকা দাসী গৰাকীক কৈ, পিতৰক ভিতৰলৈ আনিলে।

17 তাতে সেই দুৱাৰত ৰৈ থকা দাসী গৰাকীয়ে পিতৰক ক’লে, “তুমিও এই মানুহ জনৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ ক’লে “মই নহয়।”

18 সেই ঠাইতে দাস আৰু ৰখীয়াবোৰে ঠাণ্ডাৰ কাৰণে জুই জ্বলাইছিল আৰু থিয় হৈ জুই পুৱাই আছিল; পিতৰেও সিহঁতৰ লগত থিয় হৈ জুই পুৱাই আছিল।

19 তেতিয়া মহা-পুৰোহিতে যীচুক, তেওঁৰ শিষ্য সকলৰ আৰু শিক্ষাৰ বিষয়ে সুধিলে।

20 যীচুৱে তেওঁক উত্তৰ দিলে, “মই জগতৰ আগত মুকলিকৈ ক’লোঁ; মই নাম-ঘৰত আৰু মন্দিৰত, ইহুদী সকলৰ গোট খোৱা ঠাইত সদায় শিক্ষা দিলোঁ আৰু কেতিয়াও গুপুতে একো কোৱা নাই।

21 তোমালোকে মোক কিয় সুধিছা? তেওঁলোকক সোধা যি সকলে মোৰ কথা শুনিলে, তেওঁলোকক মই কি ক’লো, সেই বিষয়ে তেওঁলোকে জানে।”

22 যীচুৱে এইবোৰ কথা কোৱাত, ওচৰত থিয় হৈ থকা ৰখীয়াবোৰৰ মাজৰ এজনে যীচুক চৰ মাৰিলে আৰু ক’লে, “এনে ধৰণৰ উত্তৰ মহা-পুৰোহিতক কিয় দিছা?”

23 যীচুৱে তেওঁক উত্তৰ দিলে, “যদি মই কিবা অন্যায় কথা কৈছোঁ, তেতিয়াহলে অন্যায় কথাৰ প্ৰমাণ দিয়া; কিন্তু যদি ভাল কথা কৈছোঁ, তেনেহলে মোক কিয় মাৰিছা?”

24 তাৰ পাছত হাননে যীচুক, মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ পঠাই দিলে, যীচুক তেতিয়া বান্ধি থোৱা আছিল।

25 তাতে চিমোন পিতৰে থিয় হৈ জুই পুৱাই আছিল। তাত থকা মানুহবোৰে তেওঁলোকক সুধিলে, “তুমিও তেওঁৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ অস্বীকাৰ কৰি ক’লে, “মই নহয়।”

26 মহা-পুৰোহিতৰ এজন দাসে, যি জনৰ কাণ পিতৰে কাটি পেলাইছিল, তেওঁৰ সমন্ধীয় এজনে ক’লে, “মই তোমাক তেওঁৰ লগত বাগিছাত দেখা নাছিলো নে?”

27 তেতিয়া পিতৰে আকৌ অস্বীকাৰ কৰিলে; আৰু সেই সময়তে তৎক্ষণাত কুকুৰাই ডাক দিলে।

28 ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰপৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷

29 এতেকে পীলাতে বাহিৰলৈ গৈ তেওঁলোকক সুধিলে, “তোমালোকে এই মানুহ জনৰ বিপক্ষে কি গোচৰ আনিছা?”

30 তেওঁলোকে উত্তৰ দি পীলাতক ক’লে, “এই লোক জন দুষ্কৰ্ম্মী নোহোৱা হ’লে, আপোনাৰ হাতত এওঁক শোধাই নিদিলোহেঁতেন।”

31 তেতিয়া পীলাতে তেওঁলোকক ক’লে, “এওঁক লৈ যোৱা তোমালোকৰ বিধানৰ মতে তেওঁৰ সোধ-বিচাৰ কৰা।” ইহুদী সকলে তেওঁক ক’লে, “কাকো প্ৰাণদণ্ড দিবলৈ বিধান অনুসৰি আমাৰ ক্ষমতা নাই।”

32 কিদৰে তেওঁৰ মৃত্যু হ’ব এই বিষয়ে যীচুৱে যি কথা ইঙ্গিত দিছিল, সেই ধৰণৰে মৰিবলৈ এই ইঙ্গিত সিদ্ধ হ’বলৈ এনে হ’ল।

33 এতেকে পীলাতে আকৌ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই গৈ, যীচুক সুধিলে “তুমি ইহুদী সকলৰ ৰজা নে?”

34 যীচুৱে উত্তৰ দিলে, “তুমি নিজেই এই কথা সুধিছা নে নাইবা অন্য লোকে মোৰ বিষয়ে তোমাক এই কথা সুধিবলৈ ক’লে?”

35 পীলাতে উত্তৰ দিলে, “মই জানো ইহুদী মানুহ? তোমাৰ নিজৰ জাতিৰ লোক আৰু প্ৰধান পুৰোহিত সকলে মোৰ হাতত তোমাক শোধাই দিলে; তুমি কি কর্ম কৰিলা?”

36 যীচুৱে উত্তৰ দিলে, “মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হ’লে ইহুদী সকলৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে, তাৰ কাৰণে মোৰ সেৱক সকলে মোক ৰক্ষা কৰিবলৈ প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াত নহয়।”

37 তেতিয়া পীলাতে তেওঁক ক’লে, “তেনেহলে তুমি ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে৷”

38 পীলাতে তেওঁক ক’লে, “সত্য নো কি?” এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা ইহুদী সকলৰ ওচৰলৈ গৈ তেওঁলোকক ক’লে, “মই এই মানুহ জনৰ একো দোষ দেখা পোৱা নাই৷

39 তোমালোকৰ এটা নিয়ম আছে, সেই নিয়ম অনুসাৰে নিস্তাৰপৰ্বৰ সময়ত মই তোমালোকলৈ এজনক এৰি দিব লাগে, তোমালোকৰ যদি ইচ্ছা হয়, তেনেহলে মই তোমালোকলৈ ইহুদী সকলৰ ৰজাক এৰি দিম নে?”

40 তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “এই মানুহ জনক নহয় কিন্তু বাৰাব্বাক এৰি দিয়ক।” সেই বাৰাব্বা এটা ডকাইত আছিল।