John 12:42 in Assamese 42 তথাপি শাসনকৰ্তা সকলৰ মাজৰ অনেকে যীচুত বিশ্বাস কৰিলে; কিন্তু তেওঁলোকক নাম-ঘৰৰ পৰা নিষিদ্ধ কৰাৰ ভয়তে ফৰীচী সকলৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰিলে;
Other Translations King James Version (KJV) Nevertheless among the chief rulers also many believed on him; but because of the Pharisees they did not confess him, lest they should be put out of the synagogue:
American Standard Version (ASV) Nevertheless even of the rulers many believed on him; but because of the Pharisees they did not confess `it', lest they should be put out of the synagogue:
Bible in Basic English (BBE) However, a number even of the rulers had belief in him, but because of the Pharisees they did not say so openly for fear that they might be shut out from the Synagogue:
Darby English Bible (DBY) Although indeed from among the rulers also many believed on him, but on account of the Pharisees did not confess [him], that they might not be put out of the synagogue:
World English Bible (WEB) Nevertheless even of the rulers many believed in him, but because of the Pharisees they didn't confess it, so that they wouldn't be put out of the synagogue,
Young's Literal Translation (YLT) Still, however, also out of the rulers did many believe in him, but because of the Pharisees they were not confessing, that they might not be put out of the synagogue,
Cross Reference Proverbs 29:25 in Assamese 25 মানুহৰ ভয়েই তেওঁলৈ বিপদ আনে; কিন্তু যিজনে যিহোৱাত ভাৰসা কৰে, সেই জন নিৰাপদে থাকে।
Isaiah 51:7 in Assamese 7 তোমালোক যিসকলে সত্য কি জানা, মোৰ বিধান তোমালোকৰ হৃদয়ত ধৰি ৰখা লোকসকল,মোৰ কথা শুনা: মানুহৰ অপমানলৈ ভয় নকৰিবা, নাইবা তেওঁলোকৰ অপব্যৱহাৰত হতাশ নহবা ।
Isaiah 57:11 in Assamese 11 তুমি কাৰ বিষয়ে চিন্তিত আৰু ভয় কৰিছা যে, তুমি অতি প্রতাৰণাপূৰ্বক কাৰ্য কৰিছা? তুমি মোক সোঁৱৰণ কৰা নাই বা মোৰ বিষয়ে গম্ভীৰভাৱে বিবেচনা কৰা নাই। মই বহুদিনৰ পৰা নিজম দি থকা নাই নে? কিন্তু তথাপিও তুমি মোক গম্ভীৰভাৱে লোৱা নাই।
Isaiah 66:5 in Assamese 5 যিহোৱাৰ বাক্যত কম্পমান হোৱা যি তোমালোক, তোমালোক তেওঁৰ বাক্য শুনা; তোমালোকৰ যি ভাইসকল তোমালোকক ঘিণ কৰে, আৰু মোৰ নামৰ অৰ্থে তোমালোকক বহিষ্কৃত কৰে, তেওঁলোকে কয়, ‘যিহোৱা মহিমান্বিত হওক, তেতিয়া আমি তোমালোকৰ আনন্দ দেখিবলৈ পাম; কিন্তু তেওঁলোক লজ্জিত হ’ব।
Matthew 10:32 in Assamese 32 এতেকে যি কোনোৱে মানুহৰ আগত মোক স্বীকাৰ কৰে, ময়ো স্বৰ্গত থকা মোৰ পিতৃৰ আগত তেওঁক স্বীকাৰ কৰিম;
Matthew 26:69 in Assamese 69 সেই সময়ত পিতৰ বাহিৰফালে চোতালত বহি আছিল; তাতে এজনী চাকৰনী তেওঁৰ ওচৰলৈ আহিল আৰু ক’লে, “তুমিও গালীলীয়া যীচুৰ লগত আছিলা।”
Luke 6:22 in Assamese 22 ধন্য তোমালোক, যেতিয়া লোক সকলে মানুহৰ পুত্ৰৰ কাৰণে তোমালোকক ঘৃণা কৰে, সমাজচ্যুত কৰে, নিন্দা কৰে, আৰু তোমালোকৰ নাম শুনিলে পাপিষ্ঠ বুলি বাহিৰ কৰে।
Luke 12:8 in Assamese 8 মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যি জনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব।
John 3:2 in Assamese 2 এদিন ৰাতি তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে, “ৰব্বি, আমি জানো যে আপুনি ঈশ্বৰৰ ওচৰৰ পৰা অহা এজন শিক্ষক। কিয়নো আপুনি এই যি যি আচৰিত চিন দেখুৱাইছে, ঈশ্বৰ সঙ্গী নহ’লে এনে চিন কোনেও দেখুৱাব নোৱাৰে।”
John 7:13 in Assamese 13 কিন্তু ইহুদী সকলৰ ভয়ত তেওঁৰ বিষয়ে কোনেও মুকলিকৈ একো কথা নক’লে।
John 7:48 in Assamese 48 শাসনকৰ্তা বা ফৰীচী সকলৰ মাজৰ কোনোবাই জানো তাক বিশ্বাস কৰিছে?
John 9:22 in Assamese 22 ইহুদী সকলৰ ভয়তে তেওঁৰ মাক-বাপেকে এই কথা ক’লে। কিয়নো ইহুদী সকলে আগেয়ে স্থিৰ কৰিছিল যে কোনোৱে যদি যীচুক মচীহ(খ্ৰীষ্ট) বুলি স্বীকাৰ কৰে, তেনেহলে তেওঁক নাম-ঘৰৰ পৰা বাহিৰ কৰা হ’ব।
John 9:34 in Assamese 34 তেওঁলোকে উত্তৰ দি তেওঁক ক’লে, “তইতো সম্পূর্ণ পাপতে জন্ম পাইছ! এতিয়া তই আমাকে শিকাও নে?” তাৰ পাছত ইহুদী সকলে তেওঁক নাম-ঘৰৰ পৰা বাহিৰ কৰি দিলে।
John 11:45 in Assamese 45 মৰিয়মৰ ওচৰলৈ যি সকল ইহুদী লোক আহিছিল, সেই লোক সকলৰ মাজৰ অনেকে যীচুৱে যি কৰিলে তাকে দেখি তেওঁক বিশ্বাস কৰিলে।
John 12:11 in Assamese 11 কিয়নো সেই কাৰণে বহুতো ইহুদী লোকে যীচুত বিশ্বাস কৰিছিল।
John 16:2 in Assamese 2 মানুহবোৰে নাম-ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেই কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহি আছে।
John 19:38 in Assamese 38 ইয়াৰ পাছত অৰিমাথিয়া নগৰৰ যোচেফ নামেৰে যীচুৰ এজন শিষ্যই, যি জন ইহুদী সকলৰ ভয়ত গোপনে আছিল, সেই জনে যীচুৰ দেহ নিবৰ বাবে পীলাতৰ ওচৰত গৈ সুধিলে; তাতে পীলাতে অনুমতি দিয়াত, তেওঁ গৈ যীচুৰ দেহটো নমাই লৈ গ’ল।
Acts 5:41 in Assamese 41 পাঁচনি সকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গ’ল।
Romans 10:10 in Assamese 10 কাৰণ ধাৰ্মিকতাৰ বাবে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্ৰাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয়।
1 Peter 4:12 in Assamese 12 হে প্ৰিয় লোক সকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, আৰু ইয়াক কোনো অদ্ভুত বিষয় বুলিয়ো মনত নাভাবিব৷
1 John 4:2 in Assamese 2 অাপোনালোকে ঈশ্বৰৰ আত্মাক এনেদৰে জানিব পাৰিব- যীচু খ্ৰীষ্ট যে মাংসত আহিল, এই কথা যিবোৰ আত্মাই স্বীকাৰ কৰে, সেই আত্মা ঈশ্বৰৰ;
1 John 4:15 in Assamese 15 যীচু যে ঈশ্বৰৰ পুত্ৰ; ইয়াক যি জনে স্বীকাৰ কৰে, ঈশ্বৰ তেওঁৰ অন্তৰত থাকে আৰু তেৱোঁ ঈশ্বৰত থাকে।