John 12:40 in Assamese 40 “তেওঁ তেওঁলোকৰ চকু অন্ধ কৰিলে আৰু তেওঁলোকৰ অন্তৰ কঠোৰ কৰিলে, নহ’লে তেওঁলোকে নিজ চকুৰে দেখিলেহেঁতেন আৰু হৃদয়েৰে নিজকে বুজিলেহেঁতেন আৰু ঘুৰিলেহেঁতেন আৰু তেওঁলোকক সুস্থ কৰিলোঁহেতেন।”
Other Translations King James Version (KJV) He hath blinded their eyes, and hardened their heart; that they should not see with their eyes, nor understand with their heart, and be converted, and I should heal them.
American Standard Version (ASV) He hath blinded their eyes, and he hardened their heart; Lest they should see with their eyes, and perceive with their heart, And should turn, And I should heal them.
Bible in Basic English (BBE) He has made their eyes blind, and their hearts hard; for fear that they might see with their eyes and get knowledge with their hearts, and be changed, and I might make them well.
Darby English Bible (DBY) He has blinded their eyes and hardened their heart, that they may not see with their eyes, and understand with their heart and be converted, and I should heal them.
World English Bible (WEB) "He has blinded their eyes and he hardened their heart, Lest they should see with their eyes, And perceive with their heart, And would turn, And I would heal them."
Young's Literal Translation (YLT) `He hath blinded their eyes, and hardened their heart, that they might not see with the eyes, and understand with the heart, and turn back, and I might heal them;'
Cross Reference Exodus 4:21 in Assamese 21 যিহোৱাই মোচিক কৈছিল, “তুমি যেতিয়া মিচৰলৈ উভটি যাবা, তেতিয়া মই তোমাৰ হাতত যি সকলো আচৰিত কাৰ্যৰ শক্তি দিলো, সেই সকলো ফৌৰণৰ সাক্ষাতে কৰিবা। কিন্তু মই তেওঁৰ মন কঠিন কৰিম, আৰু তেওঁ তেতিয়া লোকসকলক এৰি নিদিব।
Exodus 7:3 in Assamese 3 কিন্তু মই ফৰৌণৰ মন কঠিন কৰিম, আৰু মিচৰ দেশত মোৰ পৰাক্রমী চিন আৰু অদ্ভুত লক্ষণ দেখুৱাম।
Exodus 7:13 in Assamese 13 তাৰ পাছত যিহোৱাই কোৱাৰ দৰেই, ফৌৰণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা নুশুনিলে।
Exodus 14:4 in Assamese 4 মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্যসমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে।
Exodus 14:8 in Assamese 8 যিহোৱাই মিচৰৰ ৰজা ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলী লোকসকলৰ পাছে পাছে খেদি গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে যিহোৱাৰ জয়ধ্বনি কৰি ওলাই গৈছিল।
Exodus 14:17 in Assamese 17 চোৱা মই মিচৰীয়া সকলৰ মন কঠিন কৰিম; তাতে তেওঁলোকে তেওঁলোকৰ পাছে পাছে যাব। মই ফৌৰণ, তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আৰু সৈন্য সকলৰ দ্বাৰাই গৌৰৱাম্বিত হ’ম।
Deuteronomy 29:4 in Assamese 4 কিন্তু আপোনালোকক আজিলৈকে যিহোৱাই সেইবোৰ বুজিবলৈ মন, চাবলৈ চকু আৰু শুনিবলৈ কাণ দিয়া নাই।
Joshua 11:20 in Assamese 20 কিয়নো তেওঁলোকক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ বাবে যিহোৱাই তেওঁলোকৰ হৃদয় কঠিন কৰিছিল; সেই বাবে তেওঁলোকে আহি ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকৰ দয়াৰ নিবেদন শুনা নগ’ল; বৰং তেওঁলোক সম্পূর্ণৰূপে উচ্ছন্ন হ’ল৷
1 Kings 22:20 in Assamese 20 তাৰ পাছত যিহোৱাই ক’লে, ‘আহাবক গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক উত্তেজিত কৰিব?’ তেতিয়া এজনে একেভাবে আৰু আনজনে আন ভাবে উত্তৰ দিবলৈ ধৰিলে।
Psalm 6:2 in Assamese 2 হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই দুর্বল; হে যিহোৱা মোক সুস্থ কৰা, কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে।
Psalm 41:4 in Assamese 4 মই ক’লো, “হে যিহোৱা, মোক কৃপা কৰা, মোক সুস্থ কৰা, কিয়নো মই তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।”
Psalm 135:10 in Assamese 10 তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে।
Psalm 147:3 in Assamese 3 তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।
Isaiah 6:10 in Assamese 10 এই লোকসকলৰ অন্তৰ অনুভুতিহীন কৰা, তেওঁলোকৰ কাণ কলা কৰা, আৰু তেওঁলোকৰ চকু অন্ধ কৰা; সেয়ে তেওঁলোকে চকুৰে নেদেখিব, কাণেৰে নুশুনিব, আৰু অন্তৰেৰে বুজি নাপাব, আৰু তেতিয়াহে পুনৰ ঘুৰি আহিব, আৰু সুস্থ হ’ব।”
Isaiah 26:11 in Assamese 11 হে যিহোৱা, আপোনাৰ হাত দঙা আছে, তথাপি তেওঁলোক দৃষ্টি নকৰে; কিন্তু তেওঁলোকে লোকসকলৰ বাবে আপোনাৰ উৎসাহ দেখি লজ্জিত হ’ব; কাৰণ অগ্নিয়ে আপোনাৰ শত্রুবোৰক গ্ৰাস কৰিব।
Isaiah 29:10 in Assamese 10 কিয়নো যিহোৱাই তোমালোকৰ ওপৰত ঘোৰ নিদ্ৰাজনক আত্মা ঢালি দিলে, তেওঁ তোমালোকৰ ভাববাদীৰূপ চকুবোৰ মুদালে, আৰু তোমালোকৰ দৰ্শকৰ মূৰ ঢাকিলে।
Isaiah 42:19 in Assamese 19 কিন্তু মোৰ দাসৰ দৰে অন্ধ কোন? আৰু মই পঠোৱা দূতৰ দৰে কলা কোন? মোৰে সৈতে শান্তিৰে থকা লোকৰ দৰে অন্ধ কোন? যিহোৱাৰ দাসৰ দৰে অন্ধ কোন?
Isaiah 53:5 in Assamese 5 কিন্তু আমাৰ বিদ্রোহী কার্যবোৰৰ বাবে তেওঁক খোঁচা হ’ল, আমাৰ পাপবোৰৰ বাবে গুড়ি কৰা হ’ল। আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ’ল, আৰু তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হলোঁ।
Isaiah 57:18 in Assamese 18 মই তেওঁৰ পথ দেখিলোঁ, কিন্তু মই তেওঁক সুস্হ কৰিম; মই তেওঁক চলাম, আৰু শোক কৰাসকলক শান্ত্বনা পুনৰায় দিম।
Jeremiah 3:22 in Assamese 22 যিহোৱাই তেওঁলোকক ক’ব, “হে বিপথগামী ইস্রায়েলৰ সন্তানসকল, মোলৈ উলটি আহাঁ! তেনে কৰিলে মই তোমালোকৰ বিপথগমনস্বৰূপ ৰোগ সুস্থ কৰিম।” তেতিয়া লোকসকলে উত্তৰ দি ক’ব, “চোৱা, আমি তোমাৰ ওচৰলৈ আহিছোঁ; কিয়নো তুমিয়েই আমাৰ ঈশ্বৰ যিহোৱা।
Jeremiah 5:21 in Assamese 21 যে, ‘হে অজ্ঞান আৰু নিৰ্ব্বোধ জাতি! কাৰণ এই মুৰ্ত্তিবোৰত কোনো ইন্দ্রিয়ানুভূতি নাই; চকু থকাতো অন্ধ। আৰু কাণ থকাতো কলা।
Ezekiel 12:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি বিদ্ৰোহী বংশৰ মাজত বাস কৰিছা; দেখিবলৈ চকু থকাতো তেওঁলোকে নেদেখে, শুনিবলৈ কাণ থকাতো তেওঁলোকে নুশুনে, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
Ezekiel 14:9 in Assamese 9 যদি কোনো ভাববাদীয়ে ভ্ৰান্ত হৈ আৰু কোনো বাক্য কয়, তেতিয়া মই, যিহোৱাই, সেই ভাববাদীজনক ভ্ৰান্ত কৰিম; আৰু মই তেওঁৰ বিৰুদ্ধে হাত মেলি, মোৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ মাজৰ পৰা তেওঁক বিনষ্ট কৰিম।
Hosea 6:1 in Assamese 1 “আঁহা, আমি যিহোৱাৰ ওচৰলৈ ঘূৰি যাওঁ; তেঁৱেই আমাক চিন্ন-ভিন্ন কৰিলে আৰু তেওঁ আমাক সুস্থও কৰিব; তেঁৱেই আমাক আঘাত কৰিলে আৰু তেওঁ আমাৰ ঘাঁ পটিৰে বান্ধিও দিব।
Hosea 14:4 in Assamese 4 যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।
Matthew 13:13 in Assamese 13 সেই বাবেই মই তেওঁলোকৰ আগত দৃষ্টান্ত দি কওঁ। কিয়নো, তেওঁলোকে দেখিও নেদেখে, শুনিও নুশুনে আৰু নুবুজেও।
Matthew 15:14 in Assamese 14 তেওঁলোকৰ কথা এৰি দিয়া; তেওঁলোক অন্ধ পথ প্ৰদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”
Mark 4:12 in Assamese 12 ‘যাতে তেওঁলোকে যেতিয়া চাই, হয়, তেওঁলোকে চাই; কিন্তু দেখা নাপায়, আৰু যাতে তেওঁলোকে যেতিয়া শুনে; হয়, শুনে, কিন্তু বুজি নাপায়, অন্যথা তেওঁলোকে ঘূৰি আহিলেহেঁতেন, আৰু ঈশ্বৰেও ক্ষমা দিলেহেঁতেন৷”
Mark 6:52 in Assamese 52 কিয়নো তেওঁলোকে পিঠাৰ বিষয়ে বুজি নাপালে, কাৰণ বুজি নাপাবলৈ তেওঁলোকৰ মন কঠিন কৰা হ’ল।
Mark 8:17 in Assamese 17 যীচুৱে এই বিষয়ে জানিবলৈ পোৱাত তেওঁলোকক ক’লে, “তোমালোকৰ পিঠা নোহোৱা হেতুকে, তোমালোকে কিয় যুক্তি-তৰ্ক কৰিছা? তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই নে? এতিয়ালৈকে তোমালোকৰ হৃদয় কঠিন কৰি ৰাখিছা নে?
Luke 4:18 in Assamese 18 ‘প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে। তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে। চেপা খোৱা সকলক (নিৰ্যাতিতসকলক) মুকলি কৰিবলৈ পঠালে।
Luke 8:10 in Assamese 10 তেতিয়া তেওঁ ক’লে, “ঈশ্বৰৰ ৰাজ্যৰ গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে, কিন্তু আন লোক সকলক দৃষ্টান্তৰেহে কেৱল শিক্ষা দিয়া হ’ব, কাৰণ তেওঁলোকে দেখিও নেদেখে আৰু শুনিও তেওঁলোকে নুবুজে৷
John 9:39 in Assamese 39 যীচুৱে ক’লে, “মই এই জগতলৈ সোধ-বিচাৰ কৰিবলৈ আহিছোঁ, যাতে যি সকলে দেখা নাপায়, তেওঁলোকে দেখা পায় আৰু যি সকলে দেখা পায়, তেওঁলোক যেন অন্ধ হয়।”
Acts 3:19 in Assamese 19 এই কাৰণে আপোনালোকে মন-পালটাই প্ৰভুলৈ ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে;
Acts 15:3 in Assamese 3 এই সিদ্ধান্তৰে মণ্ডলীয়ে তেওঁলোকক যিৰূচালেমলৈ পঠাই দিলে। তেওঁলোকে ফৈনীকিয়া আৰু চমৰীয়া দেশৰ মাজেদি গ’ল আৰু অনা-ইহুদী সকল যে খ্রীষ্ট বিশ্বাসী হৈছে, সেই বিষয়ে ঘোষণা কৰিলে। এনেদৰে তেওঁলোকে বিশ্বাসী ভাই সকলক অতি আনন্দিত কৰিলে।
Acts 28:26 in Assamese 26 তেওঁ কৈছিল, ‘এই মানুহবোৰৰ ওচৰলৈ গৈ কোৱা, ‘তোমালোকে শুনাত শুনিবা, কিন্তু নুবুজিবা; দেখোতে দেখিবা, কিন্তু নাজানিবা;
Romans 9:18 in Assamese 18 এতেকে যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ দয়া কৰে আৰু যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ কঠিন কৰে।
Romans 11:7 in Assamese 7 তেনেহলে কি? ইস্ৰায়েলে যি বিচাৰিছে, সেই পোৱা নাই, কিন্তু মনোনীত লোকেহে তাক পালে; অৱশিষ্ট সকলক কঠিন কৰা হ’ল।
James 5:19 in Assamese 19 হে মোৰ ভাই সকল, আপোনালোকৰ মাজৰ কোনো এজন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে,