John 1:41 in Assamese 41 তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই ক’লে, “আমি মচীহক অৰ্থাৎ খ্ৰীষ্টক দেখা পালোঁ।”
Other Translations King James Version (KJV) He first findeth his own brother Simon, and saith unto him, We have found the Messias, which is, being interpreted, the Christ.
American Standard Version (ASV) He findeth first his own brother Simon, and saith unto him, We have found the Messiah (which is, being interpreted, Christ).
Bible in Basic English (BBE) Early in the morning he came across his brother and said to him, We have made discovery! It is the Messiah! (which is to say, the Christ).
Darby English Bible (DBY) He first finds his own brother Simon, and says to him, We have found the Messias (which being interpreted is Christ).
World English Bible (WEB) He first found his own brother, Simon, and said to him, "We have found the Messiah!" (which is, being interpreted, Christ{"Messiah" (Hebrew) and "Christ" (Greek) both mean "Anointed One".}).
Young's Literal Translation (YLT) this one doth first find his own brother Simon, and saith to him, `We have found the Messiah,' (which is, being interpreted, The Anointed,)
Cross Reference 2 Kings 7:9 in Assamese 9 পাছত তেওঁলোকে ইজনে সিজনে কোৱাকুই কৰিলে, “আমি হ’লে ভাল কাম কৰা নাই। আজিৰ এই দিনটো হৈছে এটা সুখবৰৰ দিন আৰু আমি এই বিষয়ে কাকো একো নকৈ মনে মনে আছোঁ। যদি আমি ৰাতিপুৱালৈকে পলম কৰি থাকোঁ, তেন্তে শাস্তি আমাৰ ওপৰতে আহিব; সেয়ে, ব’লা আমি এতিয়াই ৰাজগৃহত কথাটো জনাওঁগৈ।”
Psalm 2:2 in Assamese 2 যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে;
Psalm 45:7 in Assamese 7 তুমি ধাৰ্ম্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা; সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে।
Psalm 89:20 in Assamese 20 মই মোৰ দাস দায়ুদক বিচাৰি পালোঁ; মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলোঁ।
Isaiah 2:3 in Assamese 3 আনেক লোক আহিব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতলৈ, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ উঠি যাওহঁক; সেয়ে তেওঁ আমাক তেওঁৰ কিছুমান পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিব পাৰিম।” কিয়নো চিয়োনৰ পৰা বিধান আৰু যিৰুচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাই যাব।
Isaiah 11:2 in Assamese 2 যিহোৱাৰ আত্মা, প্ৰজ্ঞাৰ আত্মা, আৰু সুবিবেচনা, পৰামৰ্শ, আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু যিহোৱা বিষয়ক ভয়ৰ আত্মা, তেওঁৰ ওপৰত স্থিতি ল’ব।
Isaiah 61:1 in Assamese 1 প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ।
Daniel 9:25 in Assamese 25 সেয়ে জানি লোৱা আৰু বুজি লোৱা যে, যিৰুচালেম পুনৰ নিৰ্মাণ কৰাৰ আজ্ঞা পোৱাৰ পৰা আৰু অভিষেক কৰা এজন অহালৈকে (যি জন নেতা হ’ব) সাত সপ্তাহ আৰু বাষষ্ঠি সপ্তাহলৈকে হ’ব। যন্ত্রনাৰ সময়ৰ স্বত্তেও গড়েৰে সৈতে যিৰুচালেমৰ ৰাস্তা পুনৰ নিৰ্মাণ কৰা হ’ব।
Luke 2:17 in Assamese 17 এইদৰে দেখাৰ পাছত শিশুটিৰ বিষয়ে তেওঁলোকক যি যি কথা দূতে কৈছিল, সেই সকলো কথা সকলো লোককে জনালে।
Luke 2:38 in Assamese 38 ঠিক সেই সময়তে, তেওঁ তেওঁলোকৰ ফালে আগবাঢ়ি আহি ঈশ্বৰক ধন্যবাদ দিবলৈ আৰম্ভ কৰিলে আৰু যিৰূচালেমৰ মুক্তিৰ অপেক্ষাত থকা সকলোকে সেই শিশুটিৰ বিষয়ে ক’বলৈ ধৰিলে।
Luke 4:18 in Assamese 18 ‘প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে। তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে। চেপা খোৱা সকলক (নিৰ্যাতিতসকলক) মুকলি কৰিবলৈ পঠালে।
John 1:36 in Assamese 36 সেই সময়তে তেওঁলোকে যীচুক খোজকাঢ়ি যোৱা দেখি যোহনে ক’লে, “সৌৱা, ঈশ্বৰৰ মেষ-পোৱালিক চোৱা!”
John 1:45 in Assamese 45 ফিলিপে পাছত নথনেলক দেখা পাই ক’লে, “মোচি আৰু ভাৱবাদী সকলে যি জনৰ বিষয়ে বিধান-শাস্ত্ৰত লিখিছিল, আমি তেওঁক দেখা পালোঁ; তেওঁ নাচৰত নিবাসী যোচেফৰ পুতেক যীচু।
John 4:25 in Assamese 25 সেই মহিলাই তেওঁক ক’লে, “মচীহ, যি জনক খ্ৰীষ্ট বোলা হয়, তেওঁ যে আহি আছে, সেই বিষয়ে মই জানো। তেওঁ যেতিয়া আহিব, তেতিয়া আমাক সকলো কথা জনাব।”
John 4:28 in Assamese 28 সেই মহিলা গৰাকীয়ে তেতিয়া নিজৰ পানী লোৱা পাত্ৰ তাতে এৰি থৈ নগৰলৈ গৈ লোক সকলক মাতি ক’লে,
Acts 4:27 in Assamese 27 হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্ৰ দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী লোক সকলৰ সৈতে একেলগ হৈছিল।
Acts 10:38 in Assamese 38 সেয়ে এই যে, যেনেকৈ ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মা আৰু শক্তিৰে অভিষিক্ত কৰিলে; তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎ কৰ্ম কৰি, চয়তানৰ পৰা দুখ পোৱা সকলক সুস্হ কৰিছিল; কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল৷
Acts 13:32 in Assamese 32 গতিকে আমাৰ পূৰ্ব-পুৰুষ সকলৰ আগত ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ বিষয়ে, আমি আপোনালোকক এই শুভবাৰ্তা জনাইছো:
Hebrews 1:8 in Assamese 8 কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে, “হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী, তোমাৰ ৰাজ্যৰ শাসন, ন্যায়ৰ শাসন।
1 John 1:3 in Assamese 3 সেয়া আমি দেখিলোঁ, শুনিলোঁ আৰু আপোনালোকলৈ ঘোষণাও কৰিলোঁ, গতিকে আপোনালোকেও আমাৰ সৈতে সহভাগীতা ৰাখিব। আমাৰ যি সহভাগীতা, সেয়া পিতৃৰ সৈতে আৰু পুত্র যীচু খ্রীষ্টৰ সৈতে সহভাগিতা।