Joel 3:2 in Assamese 2 মই সকলো জাতিক গোটাই যিহোচাফটৰ যি(হোৱাৰ বিচাৰ) উপত্যকালৈ নমাই আনিম। সেই ঠাইত মই তেওঁলোকৰ বিচাৰ কৰিম, কিয়নো মোৰ প্ৰজাবোৰক আৰু মোৰ যি উত্তৰাধিকাৰ স্বৰূপ ইস্ৰায়েলক তেওঁলোকে জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিলে, আৰু তেওঁলোকে মোৰ দেশ ভাগ বাঁটি ল’লে।
Other Translations King James Version (KJV) I will also gather all nations, and will bring them down into the valley of Jehoshaphat, and will plead with them there for my people and for my heritage Israel, whom they have scattered among the nations, and parted my land.
American Standard Version (ASV) I will gather all nations, and will bring them down into the valley of Jehoshaphat; and I will execute judgment upon them there for my people and for my heritage Israel, whom they have scattered among the nations: and they have parted my land,
Bible in Basic English (BBE) And on the servants and the servant-girls in those days I will send my spirit.
Darby English Bible (DBY) I will also gather all the nations, and will bring them down into the valley of Jehoshaphat, and I will enter into judgment with them there on account of my people and mine inheritance, Israel, whom they have scattered among the nations: and they have parted my land;
World English Bible (WEB) I will gather all nations, And will bring them down into the valley of Jehoshaphat; And I will execute judgment on them there for my people, And for my heritage, Israel, whom they have scattered among the nations. They have divided my land,
Young's Literal Translation (YLT) Then I have gathered all the nations, And caused them to go down unto the valley of Jehoshaphat, And I have been judged with them there, Concerning My people and Mine inheritance -- Israel, Whom they scattered among nations, And My land they have apportioned.
Cross Reference 2 Chronicles 20:26 in Assamese 26 তাৰ পাছত চতুৰ্থ দিনা তেওঁলোকে বৰাখা উপত্যকাত গোট খালে৷ সেই ঠাইত তেওঁলোকে যিহোৱাৰ ধন্যবাদ কৰিলে আৰু সেই কাৰণে আজিলৈকে সেই ঠাই বৰাখা (ধন্যবাদ) উপত্যকা বুলি প্ৰখ্যাত আছে।
Isaiah 66:16 in Assamese 16 কাৰণ যিহোৱাই অগ্নিৰে আৰু নিজৰ তৰোৱালৰ দ্বাৰাই সকলো মৰ্ত্ত্যলোকৰ বিচাৰ নিষ্পত্তি কৰিব; আৰু যিহোৱাৰ দ্বাৰাই হত হোৱা লোক অনেক হ’ব।
Jeremiah 12:14 in Assamese 14 মই মোৰ প্ৰজা ইস্ৰায়েলক অধিকাৰ কৰোৱা অধিপত্যক স্পৰ্শ কৰা মোৰ আটাই দুষ্ট ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে যিহোৱাই এইদৰে কৈছে: চোৱা, মই তেওঁলোকৰ মাটিৰ পৰা তেওঁলোকক উঘালিম, আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা বংশকো উঘালিম।
Jeremiah 25:31 in Assamese 31 পৃথিৱীৰ সীমালৈকে ধ্বনিয়ে ব্যাপিব; কিয়নো জাতিসমূহে সৈতে যিহোৱাৰ বিবাদ আছে, তেওঁ মৰ্ত্ত্যসকলে সৈতে প্ৰতিবাদ কৰিব; দুষ্টহঁতক হ’লে, তেওঁ তৰোৱালত শোধাই দিব।” এয়ে যিহোৱাৰ বচন।
Jeremiah 49:1 in Assamese 1 অম্মোনৰ সন্তানবিলাকৰ বিষয়। যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ জানো পুত্ৰ নাই? তেওঁৰ উত্তৰাধিকাৰী জানো কোনো নাই? তেন্তে মিল্কমে কিয় গাদক অধিকাৰ কৰিছে? আৰু তাৰ প্ৰজাবিলাকে কিয় গাদৰ নগৰবোৰত বাস কৰিছে?
Ezekiel 25:8 in Assamese 8 প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা! যিহূদা-বংশ আন সকলো জাতিৰ দৰেই হ’ল!”
Ezekiel 35:10 in Assamese 10 তুমি কৈছা, “সেই দুই জাতিৰ মাজত আৰু সেই দুখন দেশত যিহোৱা থাকিলেও সেইবোৰ মোৰেই হ’ব, আৰু আমি সেইবোৰ অধিকাৰ কৰিম।”
Ezekiel 36:5 in Assamese 5 সেইবোৰ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা হেতুকে প্ৰভু যিহোৱাই এইদৰে কৈছে: লুটৰ আশাৰে মোৰ দেশ শূণ্য কৰিবলৈ, জাতিবোৰৰ যি অৱশিষ্ট ভাগে আৰু গোটেই ইদোমে হৃদয়ৰ সম্পূৰ্ণ আনন্দেৰে আৰু প্ৰাণৰ হিংসাৰে নিজৰ বাবে অধিকাৰৰ অৰ্থে মোৰ দেশ নিৰূপণ কৰিলে, তেওঁলোকৰ অহিতে মোৰ অন্তৰ্জ্জ্বালাৰ অগ্নিত মই কৈছোঁ।
Ezekiel 38:22 in Assamese 22 আৰু মই মহমাৰী আৰু ৰক্তপাতেৰে তেওঁলোকৰ বিচাৰ উচিত দণ্ড দিম: আৰু মই তেওঁলোকৰ, তেওঁলোকৰ দলসমূহৰ আৰু তাৰ লগত থকা অনেক জাতিৰ ওপৰত প্লাৱন কৰোঁতা বৰষুণ, মহাশিলাবৃষ্টি, অগ্নি, আৰু গন্ধক বৰষাম।
Ezekiel 39:11 in Assamese 11 তেতিয়া আৰু মই সেই দিনা ইস্ৰায়েলৰ মাজত সমুদ্ৰৰ পূৱ ফালৰ বাটৰুৱাসকলৰ উপত্যকাটোত গোগক পুতিবলৈ ঠাই দিম; সেয়ে বাটৰুৱাৰ বাট বন্ধ কৰিব; সেই ঠাইতে তেওঁলোকে গোগ আৰু তাৰ আটাই লোকসমুহক পুতিব; আৰু তেওঁলোকে তাৰ নাম হামোন-গোগৰগোগৰ লোকসমুহৰ উপত্যকা থ’ব।
Joel 3:12 in Assamese 12 জাতি সমূহ নিজে জাগি উঠক, আৰু যিহোচাফটৰ উপত্যকালৈ আহক; কিয়নো মই সেই ঠাইত চাৰিওফালে থকা জাতিসকলৰ বিচাৰ কৰিবলৈ বহিম।
Amos 1:11 in Assamese 11 যিহোৱাই এই কথা কৈছে: “ইদোমৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সকলো দয়া-মমতা ত্যাগ কৰি ইদোমে হাতত তৰোৱাল লৈ নিজ ভাইবোৰক খেদিলে; তেওঁলোকৰ ভয়ঙ্কৰ ক্ৰোধ অবিৰামে চলি আছিল আৰু তেওঁলোকে তাক চিৰকাল ধৰি ৰাখিছিল ।
Obadiah 1:10 in Assamese 10 তোমাৰ ভাই যাকোবক কৰা অত্যাচাৰৰ বাবে তুমি লাজত পৰিবা, আৰু তুমি সৰ্বকালৰ বাবে উচ্ছন্ন হবা।
Zephaniah 2:8 in Assamese 8 “মই মোৱাবে কৰা উপহাস আৰু অম্মোনৰ সন্তানবোৰে কৰা গালি-শপনিবোৰ শুনিলো; তেওঁলোকে মোৰ লোকসকলক তিৰস্কাৰ কৰিলে আৰু নিজৰ দেশ বঢ়াবলৈ লোকসকলৰ অহিতে সীমা উলঙ্ঘন কৰিলে।”
Zephaniah 3:8 in Assamese 8 যিহোৱাই এইদৰে কৈছে, “সেইবাবে তোমালোক সেই দিন পর্যন্ত মোৰ অপেক্ষাত থাকা, যি দিনা মই লুটপাত কৰিবলৈ উঠিম! কিয়নো মই এয়ে ঠিক কৰিছো যে, জাতিবোৰক মই একগোট কৰিম, ৰাজ্যবোৰক একত্রিত কৰিম আৰু তেওঁলোকৰ ওপৰত মোৰ কোপ, মোৰ জ্বলন্ত ক্রোধ ঢালি দিম। মোৰ অন্তৰ্জ্বালাৰ অগ্নিৰে গোটেই পৃথিৱী গ্ৰাসিত হ’ব।
Zechariah 12:3 in Assamese 3 সেই দিনা মই যিৰূচালেমক সকলো জাতিৰ পক্ষে তুলিবলৈ কষ্টকৰ শিলস্বৰূপ কৰিম; আৰু যিসকলে তাক তুলিব, তেওঁলোকে নিজকে বৰকৈ আঘাত কৰিব আৰু পৃথিৱীৰ আটাই জাতিয়ে তাইৰ অহিতে গোট খাব।
Zechariah 14:2 in Assamese 2 কিয়নো মই যুঁজৰ অৰ্থে যিৰূচালেমৰ অহিতে আটাই জাতিক গোটাম; তাতে নগৰখন আটক কৰা হ’ব! ঘৰবোৰ লুট কৰা হ’ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ’ব! নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ’ব।
Revelation 11:18 in Assamese 18 আৰু অনা-ইহুদী সকলৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ’ল, আৰু মৃত সকলৰ সোধ-বিচাৰৰ আৰু তোমাৰ দাস ভাববাদী সকলক, পবিত্ৰ লোক সকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিয়াৰ আৰু পৃথিৱী নাশকবোৰক নাশ কৰিবৰ সময় উপস্থিত হ’ল।”
Revelation 16:6 in Assamese 6 যিহেতু তেওঁলোকে তোমাৰ পবিত্ৰ লোক আৰু ভাৱবাদী সকলৰ ৰক্তপাত কৰিলে, আৰু তুমিও তেওঁলোকক পান কৰিবলৈ তেজ দিলা; তেওঁলোক ইয়াৰ যোগ্য৷”
Revelation 16:14 in Assamese 14 কিয়নো সিহঁত ভূতবোৰৰ আত্মা, আচৰিত চিন দেখুৱাওঁতা; সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজা সকলক গোট খুৱাবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ ওলাই গ’ল।
Revelation 16:16 in Assamese 16 পাছত সিহঁতে ইব্ৰী ভাষাত ‘হৰমাগিদ্দোন’ বোলা এখন ঠাইত ৰজা সকলক গোট খোৱালে।
Revelation 18:20 in Assamese 20 “হে স্বৰ্গ, পবিত্ৰ লোক, পাঁচনি আৰু ভাৱবাদী সকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সোধ-বিচাৰ তাইৰ ওপৰত কৰিলে!”
Revelation 19:19 in Assamese 19 পাছত সেই পশু আৰু পৃথিৱীৰ ৰজা সকল আৰু তেওঁলোকৰ সৈন্যবোৰকো গোট খোৱা দেখিলোঁ। তেওঁলোকে সেই ঘোঁৰাত উঠা জনৰ লগত তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল৷
Revelation 20:8 in Assamese 8 তেতিয়া সি ওলাই আহি, পৃথিৱীৰ চাৰি চুকত থকা (গোগ আৰু মাগোগ) জাতি সকলক ভুলাই, সৈন্যৰ দল যোগাৰ কৰি, ৰণলৈ গোট খুৱাব। তেওঁলোকৰ সংখ্যা সাগৰৰ বালিৰ সমান হ’ব৷