Jeremiah 12:12 in Assamese 12 অৰণ্যত থকা গছশূন্য পৰ্ব্বতবোৰৰ ওপৰলৈকে ধ্বংসকাৰীসকল গ’ল; কিয়নো যিহোৱাৰ তৰোৱালে এক সীমাৰ পৰা আন সীমালৈকে সকলোকে গ্ৰাস কৰিছে, কোনো প্ৰাণীৰ শান্তি নাই।
Other Translations King James Version (KJV) The spoilers are come upon all high places through the wilderness: for the sword of the LORD shall devour from the one end of the land even to the other end of the land: no flesh shall have peace.
American Standard Version (ASV) Destroyers are come upon all the bare heights in the wilderness; for the sword of Jehovah devoureth from the one end of the land even to the other end of the land: no flesh hath peace.
Bible in Basic English (BBE) Those who make waste have come on all the open hilltops in the waste land; for the sword of the Lord sends destruction from one end of the land to the other end of the land: no flesh has peace.
Darby English Bible (DBY) Spoilers are come upon all heights in the wilderness; for the sword of Jehovah devoureth from one end of the land even to the [other] end of the land: no flesh hath peace.
World English Bible (WEB) Destroyers are come on all the bare heights in the wilderness; for the sword of Yahweh devours from the one end of the land even to the other end of the land: no flesh has peace.
Young's Literal Translation (YLT) On all high places in the plain have spoilers come in, For the sword of Jehovah is consuming, From the end of the land even unto the end of the land, There is no peace to any flesh.
Cross Reference Leviticus 26:33 in Assamese 33 মই জাতিবোৰৰ মাজত তোমালোকক গোট গোট কৰিম, আৰু মোৰ তৰোৱাল উলিয়াই তোমালোকৰ পাছত খেদি যাম; তাতে তোমালোকৰ দেশ উচ্ছন্ন আৰু নগৰবোৰ ধ্বংশ কৰা হ’ব।
Isaiah 34:6 in Assamese 6 যিহোৱাৰ তৰোৱাল তেজেৰে টোপাটোপে পৰা, আৰু চর্বিৰে আবৃত, ভেৰা আৰু ছাগলীবোৰৰ তেজেৰে টোপাটোপে পৰা, মতা ভেৰা ছাগলীৰ মুত্রাশয়ৰ চর্বিৰে আবৃত। কাৰণ যিহোৱাই বস্ৰাত বলিদান কৰিছে আৰু ইদোম দেশত মহাহত্যা হৈছে।
Isaiah 57:21 in Assamese 21 ঈশ্বেৰ কৈছে, “দুষ্টবোৰৰ তাত কোনো শান্তি নাই।”
Isaiah 66:15 in Assamese 15 কিয়নো চোৱা, যিহোৱা জুইৰ সৈতে আহিছে, আৰু তেওঁৰ ৰথ ধুমুহাৰ দৰে আহিছে, তেওঁৰ ক্ৰোধৰ তাপ আনিছে আৰু অগ্নিশিখাৰ সৈতে তিৰস্কাৰ কৰিব।
Jeremiah 3:2 in Assamese 2 “চকু তুলি গছশূন্য পাহাৰ টিলাবোৰলৈ চোৱা। তুমি আৰাধ্য কৰা প্রতিমাবোৰ প্রত্যেক পাহাৰ টিলাবোৰতেই আছে। তুমি অৰণ্যত থকা আৰবীয়াৰ দৰে মানুবোৰলৈ বাট চাই ৰাজ-আলিত আক্রমণ কৰি লুটপাত কৰিবলৈ বহি থকাৰ দৰে যেন তেওঁলোক সকলোৱে প্রেমিকহে যাৰে সৈতে বেশ্যাকৰ্ম্ম কৰিলা। কিয়নো প্রতিমাবোৰক আৰাধনা কৰি আৰু বেশ্যাকৰ্ম্ম আৰু কুকৰ্ম্মৰ দ্বাৰাই তুমি দেশখন মোলৈ অগ্রহণীয় কৰিলা।
Jeremiah 4:11 in Assamese 11 সেই কালত এই জাতিক আৰু যিৰূচালেমক এই কথা কোৱা যাব, “ঘেঁহুৰ পৰা তুঁহ আঁতৰোৱা কোমল বতাহৰ দৰে নহয়, কিন্তু অৰণ্যত থকা গছ-শূন্য পৰ্ব্বতবোৰৰ পৰা গৰম বতাহৰ দৰে এক বৃহৎ সৈন্যৰ দলে তোমালোকক আক্রমণ কৰিব।
Jeremiah 9:19 in Assamese 19 কিয়নো চিয়োনৰ পৰা হাহাঁকাৰ শব্দ শুনা গৈছে, আমি কেনে বিনষ্ট হ’লোঁ! আমি দেশ ত্যগ কৰা বাবে, তেওঁলোকে আমাৰ নিবাসবোৰ ভাঙি পেলোৱাৰ কাৰণে আমি অতি ব্যাকুল হ’লোঁ।
Jeremiah 15:2 in Assamese 2 আৰু আমি ক’লৈ ওলাই যাম বুলি যেতিয়া তেওঁলোকে ক’ব, তেতিয়া তুমি তেওঁলোকক ক’বা, যিহোৱাই এই কথা কৈছে: মৃত্যুলৈ নিৰূপিত লোক মৃত্যুলৈ; তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ। আকাললৈ নিৰূপিত লোক আকাললৈ, বন্দী-অৱস্থালৈ নিৰূপিত লোক বন্দী-অৱস্থালৈ ওলাই যাওঁক।’
Jeremiah 34:17 in Assamese 17 এই কাৰণে যিহোৱাই এই কথা কৈছে: “তোমালোক প্ৰতিজনে নিজ নিজ ভাইৰ আগত, প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰিবলৈ মোলৈ কাণ নিদিলা; গতিকে চোৱা, মই এতিয়া তোমালোকৰ মুক্তি ঘোষণা কৰিম” - যিহোৱাৰ ঘোষণা এই, মইও তৰোৱাল, মহামাৰী, আৰু আকাললৈ তোমালোকৰ আগত মুক্তি ঘোষণা কৰিছোঁ, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তোমালোকক ত্ৰাসৰ বিষয় কৰিম।
Jeremiah 47:6 in Assamese 6 হে যিহোৱাৰ তৰোৱাল! তুমি কিমান কাল ক্ষান্ত নোহোৱাকৈ থাকিবা? তুমি তোমাৰ ফাকত সোমোৱা; তুমি বিশ্ৰাম কৰা আৰু শান্ত হোৱা।
Jeremiah 48:2 in Assamese 2 মোৱাবৰ গৌৰৱ আৰু নাই। শত্ৰুৱে তাৰ বিৰুদ্ধে হিচবোনত অমঙ্গলৰ মন্ত্ৰণা কৰিছে। তেওঁলোকে কৈছে, ‘আহাঁ, আমি তাক এক জাতি হোৱাৰ পৰা উচ্ছন্ন কৰোঁহঁক”। হে মদমেন, তোমাকো নিস্তাৰ কৰা হ’ব; তৰোৱাল তোমাৰ পাছে পাছে যাব।’
Ezekiel 5:2 in Assamese 2 নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হ’লে, তুমি তাৰ তিনি ভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা; তুমি দ্বিতীয় ভাগ লৈ, নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা; আৰু তুমি তৃতীয়ভাগ বায়ুত উড়ুৱাই দিবা আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।
Ezekiel 14:17 in Assamese 17 বা যদি মই সেই দেশৰ বিৰুদ্ধে এখন তৰোৱাল আনো আৰু কও ‘হে তৰোৱাল, দেশৰ মাজেদি যা আৰু তাৰ পৰা লোকসমূহ আৰু পশু সকলোকে উচ্ছন্ন কৰ’ -
Amos 9:4 in Assamese 4 শত্ৰুবোৰৰ দ্বাৰা তেওঁলোক বন্দী হৈ আন দেশলৈ গলেও, সেই ঠাইতো মই তেওঁলোকক বধ কৰিবলৈ তৰোৱালক আজ্ঞা দিম। মঙ্গলৰ কাৰণে নহয়, কিন্তু অমঙ্গলৰ কাৰণেহে মই তেওঁলোকৰ ওপৰত মোৰ দৃষ্টি ৰাখিম।
Zephaniah 2:12 in Assamese 12 হে কূচীয়াসকল (ইথিওপিয়া), তোমালোকো মোৰ তৰোৱালৰ আঘাটত নিহত হ’বা।
Matthew 24:21 in Assamese 21 কিয়নো সেই কালত মহাক্লেশ হ’ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহবও।
Revelation 6:4 in Assamese 4 তেতিয়া আৰু এটা ঘোঁৰা ওলাল, সি জুইৰ দৰে ৰঙা আৰু মানুহবোৰে পৰস্পৰে যাতে বধ কৰিব সেই কাৰণে তাত উঠা জনক পৃথিৱীৰ পৰা শান্তি দূৰ কৰিবলৈ দিয়া হ’ল; এই অশ্বাৰোহী জনক এখন বৃহৎ আকাৰৰ তৰোৱাল দিয়া হ’ল।
Revelation 19:16 in Assamese 16 তেওঁৰ বস্ত্ৰত আৰু কৰঙণত, এই নাম লিখা আছে, “ৰজা সকলৰো ৰজা আৰু প্ৰভু সকলৰো প্ৰভু৷”