Isaiah 66:19 in Assamese 19 মই তেওঁলোকৰ মাজত এক মহৎ চিন স্থাপন কৰিম। তাৰ পাছত মই তেওঁলোকৰ মাজৰ পৰা ৰক্ষা পোৱাসকলক জাতিবিলাকলৈ পঠাম: মোৰ কীৰ্ত্তি নুশুনা, বা মোৰ প্ৰতাপ নেদেখা তৰ্চীচ, পুল, আৰু ধনুৰ্দ্ধৰ লুদ, তুবল, যাবন এই জাতিবিলাকলৈ, আৰু দূৰত থকা দ্বীপনিবাসীসকলৰ ওচৰলৈ পঠাম। তেওঁলোকে জাতিবিলাকৰ মাজত মোৰ প্ৰতাপ প্ৰচাৰ কৰিব।”
Other Translations King James Version (KJV) And I will set a sign among them, and I will send those that escape of them unto the nations, to Tarshish, Pul, and Lud, that draw the bow, to Tubal, and Javan, to the isles afar off, that have not heard my fame, neither have seen my glory; and they shall declare my glory among the Gentiles.
American Standard Version (ASV) And I will set a sign among them, and I will send such as escape of them unto the nations, to Tarshish, Pul, and Lud, that draw the bow, to Tubal and Javan, to the isles afar off, that have not heard my fame, neither have seen my glory; and they shall declare my glory among the nations.
Bible in Basic English (BBE) And I will put a sign among them, and I will send those who are still living to the nations, to Tarshish, Put, and Lud, Meshech and Rosh, Tubal and Javan, to the sea-lands far away, who have not had word of me, or seen my glory; and they will give the knowledge of my glory to the nations.
Darby English Bible (DBY) And I will set a sign among them, and I will send those that escape of them unto the nations, to Tarshish, Pul, and Lud, that draw the bow; to Tubal and Javan, to the isles afar off, that have not heard my fame, neither have seen my glory: and they shall declare my glory among the nations.
World English Bible (WEB) I will set a sign among them, and I will send such as escape of them to the nations, to Tarshish, Pul, and Lud, who draw the bow, to Tubal and Javan, to the isles afar off, who have not heard my fame, neither have seen my glory; and they shall declare my glory among the nations.
Young's Literal Translation (YLT) And I have set among them a sign, And have sent out of them those escaping unto the nations, (Tarshish, Pul, and Lud, drawing bow, Tubal and Javan, the isles that are far off,) Who have not heard My fame, nor seen Mine honour, And they have declared Mine honour among nations.
Cross Reference Genesis 10:2 in Assamese 2 যেফতৰ সন্তানসকলৰ নাম গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক আৰু তীৰচ।
Genesis 10:4 in Assamese 4 যাবনৰ সন্তানসকল হ’ল ইলীচা, তৰ্চীচ, কিত্তীম আৰু দোদানীম।
Genesis 10:13 in Assamese 13 লুদীয়া, অনামীয়া, লহাবীয়া, নপ্তুহীয়া,
1 Chronicles 1:7 in Assamese 7 যাবনৰ পুত্ৰ ইলীচ, তাৰ্চীচ, কত্তীম, আৰু দদানীম।
1 Chronicles 1:11 in Assamese 11 লূদীয়া, অনামিয়, লহাবীয়া, আৰু নপ্তুহীয়াৰ পূৰ্বপুৰুষ আছিল মিচৰীয়া,
1 Chronicles 16:24 in Assamese 24 জাতিসকলৰ মাজত, তেওঁৰ গৌৰৱ প্ৰকাশ কৰা, জাতিসকলৰ মাজত তেওঁৰ আচৰিত কৰ্ম্ম ঘোষণা কৰা।
Psalm 72:10 in Assamese 10 তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।
Isaiah 2:16 in Assamese 16 তৰ্চীচৰ সকলো জাহাজ, আৰু সকলো ধুনীয়া নাওৰ বিৰুদ্ধে,
Isaiah 11:10 in Assamese 10 সেই দিনা লোকসকলৰ বাবে যিচয়ৰ মূল নিচানৰূপে থিয় হ’ব। দেশবাসীয়ে তেওঁক বিচাৰি উলিয়াব আৰু তেওঁৰ বিশ্ৰামস্থান গৌৰৱাম্বিত হ’ব।
Isaiah 18:3 in Assamese 3 হে পৃথিৱী নিবাসী, আৰু হে পৃথিৱীত থকা লোকসকল, যেতিয়া পৰ্ব্বতবোৰৰ ওপৰত নিচান তোলা হ’ব, তেতিয়া চাবা, আৰু যেতিয়া শিঙা বাজিব, তেতিয়া শুনিবা।
Isaiah 18:7 in Assamese 7 সেই সময়ত দীৰ্ঘকায় আৰু নিমজ গাৰে লোকসকল আগৰে পৰা এতিয়ালৈকে ভয়ঙ্কৰ এক জাতি, নদীবোৰে দেশ বিভক্ত কৰা দুগুণ পৰাক্ৰমী আৰু মৰ্দ্দনকাৰী এটা দেশ উপহাৰস্বৰূপে বাহিনীসকলৰ যিহোৱাৰ ওচৰলৈ, বাহিনীসকলৰ যিহোৱাৰ নাম থকা ঠাই চিয়োন পৰ্ব্বতলৈ অনা হ’ব।
Isaiah 24:15 in Assamese 15 এই হেতুকে পূব দিশত যিহোৱা গৌৰন্বিত হৈছে, আৰু সমূদ্ৰৰ দ্বীপবোৰত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম গৌৰৱাম্বিত হৈছে।
Isaiah 29:24 in Assamese 24 ভ্ৰান্ত মনৰ লোকসকলেও বিবেচনা শক্তি পাব, অভিযোগ কৰা সকলে জ্ঞান শিকিব।”
Isaiah 42:4 in Assamese 4 তেওঁ পৃথিবীত ন্যায় বিচাৰ স্থাপন নকৰালৈকে দুৰ্ব্বল কি নিৰুৎসাহ নহ’ব; আৰু দ্বীপবোৰে তেওঁৰ বিধানৰ বাবে অপেক্ষা কৰিব।
Isaiah 43:6 in Assamese 6 মই উত্তৰ দিশক ক’ম, ‘তেওঁলোকক এৰি দিয়া, আৰু দক্ষিণ দিশক ক’ম, ধৰি নাৰাখিবা, মোৰ পুত্রসকলক দূৰৰ পৰা, আৰু মোৰ জীয়েকসকলক পৃথিৱীৰ সীমাৰ পৰা আনি দিয়া।
Isaiah 49:1 in Assamese 1 হে দ্বীপবাসী, মোৰ বাক্য শুনা! আৰু দূৰত থকা লোকসকল, মনোযোগ দিয়া। যিহোৱাই মোক জন্ম হোৱা দিনৰ পৰা, যেতিয়া মোৰ মাতৃয়ে মোক পৃথিবীলৈ আনিলে তেতিয়াৰ পৰা মাতিলে।
Isaiah 49:12 in Assamese 12 চোৱা, এইবোৰ দূৰৰ পৰা আহিব, কিছুমান উত্তৰৰ পৰা আৰু কিছুমান পশ্চিম দিশৰ পৰা; আৰু আনবোৰ চিনীম দেশৰ পৰা আহিব।
Isaiah 49:22 in Assamese 22 প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, মই দেশ নিবাসী সকললৈ মোৰ হাত দাঙিম, লোকসকললৈ মোৰ চিহ্ন ধ্বজা তুলিম। তেওঁলোকে তোমালোকৰ পুত্ৰসকলক বাহুত আনিব, আৰু তোমাৰ জীয়াৰীসকলক কান্ধত তুলি অনিব।
Isaiah 51:5 in Assamese 5 মোৰ ধাৰ্ম্মিকতা ওচৰ হ’য়, মোৰ পৰিত্ৰাণ উলায় যাব , আৰু মোৰ বাহুৱে জাতিবোৰৰ বিচাৰ কৰিব; উপকূলভূমিয়ে মোলৈ বাট চাব, আৰু মোৰ বাহুবলৰ কাৰণ আগ্রহেৰে বাট চাব।
Isaiah 52:15 in Assamese 15 সেয়ে তেওঁ অনেক দেশবাসীক সচকিত কৰিব; তেওঁৰ কাৰণে ৰজাসকলে তেওঁলোকৰ মুখ বন্ধ ৰখিব। যি কথা তেওঁলোকক কোৱা হোৱা নাছিল, তেওঁলোকে দেখিবলৈ পাব, আৰু যি শুনা নাছিল, তেওঁলোকে বুজিব পাৰিব ।
Isaiah 55:5 in Assamese 5 চোৱা, যি জাতিক তোমালোকে নাজানা, এনে জাতিক তোমালোকে আহ্বান কৰিবা, আৰু যি জাতিয়ে তোমালোকক নাজানে, এনে জাতি তোমালোকৰ ওচৰলৈ দৌৰি আহিব; তোমালোকৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা, যি জনে তোমালোকক গৌৰৱাম্বিত কৰিলে, তেওঁৰ বাবে এনে ঘটিব।
Isaiah 60:9 in Assamese 9 নিশ্চয়ে দ্বীপবোৰে মোলৈ অপেক্ষা কৰিব; তোমাৰ পুত্রসকলক তেওঁলোকৰ ৰূপৰ আৰু সোণৰ সৈতে দূৰৰ পৰা আনিবলৈ, ঈশ্বৰ যিহোৱাই, ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক গৌৰৱান্বিত কৰাৰ কাৰণে, তৰ্চীচৰ জাহাজ আগ হ’ব।
Isaiah 62:10 in Assamese 10 আহাঁ, দুৱাৰৰ মাজেদি আহাঁ! লোকসকলৰ বাবে পথ যুগুত কৰা! নিৰ্মাণ কৰা, ৰাজআলি নিৰ্মাণ কৰা! শিলবোৰ গুটাই পেলাই দিয়া, দেশবাসীসকলৰ বাবে নিচান পতাকা তোলা।
Isaiah 65:1 in Assamese 1 যি সকলে মোক নুশুধিলে, মই তেওঁলোকৰ দ্বাৰাই অম্বেষিত কৰাবলৈ প্রস্তুত আছিলোঁ; আৰু যি সকলে মোক নিবিচাৰিলে, তেওঁলোকৰ দ্বাৰাই মোক বিচৰাবলৈ মই প্রস্তুত আছিলোঁ; মোৰ নামেৰে প্ৰখ্যাত নোহোৱা দেশবাসীসকলক “এইয়া চোৱা, মই আছোঁ, মই আছোঁ, এই বুলি মই কলোঁ।
Ezekiel 27:10 in Assamese 10 পাৰস্য, লূদ আৰু পূটদেশীয় লোক তোমাৰ সৈন্য-সামন্ত আছিল, তেওঁলোক তোমাৰ ৰণুৱা! তেওঁলোকে তোমাৰ মাজত ঢাল আৰু শিৰোৰক্ষক টুপী আৰি থৈছিল; তেওঁলোকে তোমাক সুশোভিতা কৰিছিল!
Ezekiel 27:13 in Assamese 13 যাবন, তুবল আৰু মেচেক- তেওঁলোক তোমাৰ বেপাৰী আছিল; তেওঁলোকে মানুহ আৰু পিতলৰ পাত্ৰ দি তোমাৰ বাণিজ্য-দ্ৰব্যৰ সৈতে বেপাৰ কৰিছিল।
Ezekiel 30:5 in Assamese 5 কূচ, পূট, লূদ, মিহলি থকা আটাই লোকসমূহ কূব আৰু নিয়মটি পতা দেশৰ লোকসকল তেওঁলোকৰ লগত তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
Ezekiel 38:2 in Assamese 2 “হে মনুষ্য সন্তান, মাগোগদেশীয়, ৰোচ, মেচেক আৰু তূবলৰ অধিপতি গোগৰ ফাললৈ মুখ কৰা; তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা!
Ezekiel 39:1 in Assamese 1 “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোগৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু যিহোৱাই এই দৰে কৈছে: ৰোচ, মেচেক, আৰু তূবলৰ অধিপতি হে গোগ চোৱা! মই তোমাৰ বিপক্ষ।
Zephaniah 2:11 in Assamese 11 যিহোৱা তেওঁলোকৰ ওচৰত ভীষণৰূপে ভয়ানক হ’ব; তেওঁ পৃথিৱীৰ সকলো দেৱ-দেৱীক শক্তিহীন কৰিব; তেতিয়া সকলো জাতিৰ লোকে যিহোৱাৰ আৰাধনা কৰিব; নিজ নিজ দেশৰ পৰা, সমুদ্রৰ উপকূলসমূহৰ পৰা তেওঁৰ ওচৰত প্রণিপাত কৰিব।
Malachi 1:11 in Assamese 11 কিয়নো সূৰ্য্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,
Matthew 7:11 in Assamese 11 তোমালোক দুষ্ট হৈয়ো যদি নিজৰ সন্তানক উত্তম বস্তু দিব জানা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত যি সকলে বিচাৰে, সেই লোক সকলক জানো তেওঁ অধিকৰূপে ভাল বস্তু নিদিব?
Matthew 28:19 in Assamese 19 এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তিস্ম দিয়া;
Mark 16:15 in Assamese 15 আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা।
Luke 2:34 in Assamese 34 তাৰ পাছত চিমিয়োনে তেওঁলোকক আশীৰ্বাদ কৰি যীচুৰ মাক মৰিয়মক ক’লে, “মনোযোগেৰে শুনা! এই শিশুটিয়েই ইস্রায়েলৰ মাজত অনেকৰ পতন আৰু উত্থানৰ কাৰণ হ’ব আৰু তেওঁ এনে এক চিন হ’ব, যাৰ বিৰুদ্ধে অনেকেই কথা ক’ব।
Romans 11:1 in Assamese 1 তেনেহলে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলে নে? এনে নহওক; কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামীন ফৈদৰ এজন ইস্ৰায়েলীয়া।
Romans 15:21 in Assamese 21 যেনেকৈ লিখা আছে, বোলে, ‘যি সকলৰ আগত তেওঁৰ বিষয়ে সম্বাদ দিয়া নাই, তেওঁলোকে দেখিব, আৰু যি সকলে শুনা নাই, তেওঁলোকে বুজিব’৷
Ephesians 3:8 in Assamese 8 ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই অনুগ্ৰহ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-ইহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ;