Isaiah 65:23 in Assamese 23 তেওঁলোকে বৃথা পৰিশ্ৰম নকৰিব, আৰু আপদৰ বাবে সন্তান প্ৰসৱ নকৰিব; কিয়নো তেওঁলোক আৰু তেওঁলোকৰ সন্তান যিহোৱাৰ পৰা আশীৰ্ব্বাদ পোৱাসকলৰ বংশ।
Other Translations King James Version (KJV) They shall not labour in vain, nor bring forth for trouble; for they are the seed of the blessed of the LORD, and their offspring with them.
American Standard Version (ASV) They shall not labor in vain, nor bring forth for calamity; for they are the seed of the blessed of Jehovah, and their offspring with them.
Bible in Basic English (BBE) Their work will not be for nothing, and they will not give birth to children for destruction; for they are a seed to whom the Lord has given his blessing, and their offspring will be with them.
Darby English Bible (DBY) They shall not labour in vain, nor bring forth for terror; for they are the seed of the blessed of Jehovah, and their offspring with them.
World English Bible (WEB) They shall not labor in vain, nor bring forth for calamity; for they are the seed of the blessed of Yahweh, and their offspring with them.
Young's Literal Translation (YLT) They labour not for a vain thing, Nor do they bring forth for trouble, For the seed of the blessed of Jehovah `are' they, And their offspring with them.
Cross Reference Genesis 12:2 in Assamese 2 মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা।
Genesis 17:7 in Assamese 7 এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ মাজত পুৰুষানুক্রমে স্থাপন কৰিলোঁ; ই এক চিৰকালৰ বিধি হ’ব। মই তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ লোকসকলৰ ঈশ্বৰ হ’বলৈ মোৰ বিধি স্থাপন কৰিলোঁ।
Leviticus 26:3 in Assamese 3 যদি তোমালোকে মোৰ বিধানতে চলা আৰু মোৰ আজ্ঞা পালন কৰি সেই অনুসাৰে কাৰ্য্য কৰা,
Leviticus 26:20 in Assamese 20 তাতে তোমালোকৰ পৰিশ্ৰম বিফল হ’ব; কিয়নো তোমালোকৰ ভুমিয়ে শস্য উৎপন্ন নকৰিব; আৰু দেশৰ গছবোৰত গুটি নালাগিব।
Leviticus 26:22 in Assamese 22 তোমালোকৰ মাজলৈ বনৰীয়া জন্তুবোৰ পঠিয়াম; সেইবোৰে তোমলোকৰ সন্তান নাইকীয়া কৰিব, তোমালোকৰ পশু নষ্ট কৰিব, আৰু তোমালোকৰ সংখ্যা কম কৰিব; আৰু তোমালোকৰ ৰাজ-আলিবোৰ নিজান হৈ পৰিব।
Leviticus 26:29 in Assamese 29 তোমালোকে নিজ নিজ পো-জীহঁতৰ মঙহ খাবা।
Deuteronomy 28:3 in Assamese 3 আপোনালোকৰ নগৰ আৰু খেতি পথাৰ সকলোতে আপোনালোকে আশীৰ্ব্বাদ পাব।
Deuteronomy 28:38 in Assamese 38 আপোনালোকে খেতিলৈ অধিক বীজ লৈ যাব, কিন্তু গোটাব অলপহে ; কিয়নো কাকতি ফৰিঙে তাক বিনষ্ট কৰিব।
Psalm 115:14 in Assamese 14 যিহোৱাই তোমালোকক বৃদ্ধি কৰক; তোমালোকক আৰু তোমালোকৰ সন্তানসকলক বৃদ্ধি কৰক।
Isaiah 49:4 in Assamese 4 যদিও মই ভাবো, মই মিছাকৈয়ে শ্ৰম কৰিলোঁ,মই অনৰ্থক ৰূপে মোৰ শক্তি নষ্ট কৰিলোঁ; তথাপিও মোৰ ন্যায় যিহোৱাৰ লগত আছে, আৰু মোৰ পুৰস্কাৰ ঈশ্বৰৰ সৈতে আছে।
Isaiah 55:2 in Assamese 2 যি আহাৰ নহয় তাৰ বাবে ৰূপ কিয় জোখা? আৰু যি হে সন্তুষ্ট নিদিয়ে তাৰ বাবে কিয় পৰিশ্ৰম কৰা? সাৱধানেৰে মোৰ কথা শুনা, আৰু যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই জীৱন আনন্দিত কৰা।
Isaiah 61:9 in Assamese 9 তেওঁলোকৰ বংশৰ লোকসকল দেশৰ মাজত, আৰু তেওঁলোকৰ সন্তানসকল লোকসকলৰ মাজত প্ৰখ্যাত হব; তেওঁলোকক যি সকলে দেখিব, তেওঁলোকে তেওঁলোকক যিহোৱাৰ আশীৰ্ব্বাদপ্ৰাপ্ত বংশ বুলি স্বীকাৰ কৰিব।
Jeremiah 32:38 in Assamese 38 তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হম।
Hosea 9:11 in Assamese 11 ইফ্ৰয়িমৰ বিষয়ে হ’লে, চৰাইৰ নিচিনাকৈ তেওঁলোকৰ গৌৰৱ দূৰলৈ উড়ি যাব; তেতিয়া সন্তানৰ জন্ম নহ’ব, কোনো গর্ভৱতী নহ’ব আৰু কোনেও গৰ্ভধাৰণো নকৰিব।
Haggai 1:6 in Assamese 6 তোমালোকে অধিক গুটি সিঁচিছিলা, কিন্তু অলপহে চপালা; তোমালোকে খোৱা, কিন্তু তোমালোকৰ যথেষ্ট পৰিমাণে নাথাকে; তোমালোকে পান কৰা, কিন্তু মতলীয়া নোহোৱা; তোমালোকে বস্ত্র পিন্ধা, কিন্তু তোমালোকে উম নোপোৱা; উপাৰ্জকে উপাৰ্জন কৰা ধন কেৱল বিন্ধা থকা মোনাত থ’বলৈ উপাৰ্জন কৰে!’
Haggai 2:19 in Assamese 19 ভঁৰালত এতিয়ালৈকে শস্য আছে নে? দ্ৰাক্ষালতা, ডিমৰু গছ, ডালিম, আৰু জলফাই গছে ফল দিয়া নাছিল; কিন্তু আজিৰ পৰা মই তোমাক আশীৰ্ব্বাদ কৰিম’।”
Zechariah 10:8 in Assamese 8 মই তেওঁলোকক সুহুৰিয়াই মাতি একগোট কৰিম, কিয়নো মই তেওঁলোকক উদ্ধাৰ কৰিম আৰু তেওঁলোক পুনৰায় বৃদ্ধি পোৱাৰ দৰে বৃদ্ধি পাব!
Malachi 3:10 in Assamese 10 তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ’বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে।
Acts 2:39 in Assamese 39 কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তান সকললৈ আৰু দূৰৈত থকা লোক সকলৰ কাৰণেও এই প্ৰতিজ্ঞা আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।”
Acts 3:25 in Assamese 25 আপোনালোক সেই ভাববাদী সকলৰ সন্তান আৰু আপোনালোকৰ পূর্বপুৰুষ সকলৰ সৈতে ঈশ্বৰে কৰা সেই বিধানৰ উত্তৰাধিকাৰী; তেওঁ অব্রাহামক কৈছিল ‘তোমাৰ বংশত জগতৰ সকলো জাতিয়ে আশীৰ্বাদ পাব’।
Romans 4:16 in Assamese 16 এই কাৰণে বংশবোৰৰ সেই প্ৰতিজ্ঞাৰ নিশ্চিত উত্তৰাধিকাৰী হ’বলৈ তেওঁলোকৰ উত্তৰাধীকাৰ বিশ্ৱাসৰ দ্ৱাৰাই অনুগ্ৰহেৰেহে হ’ব লাগিব; আৰু কেৱল বংশবোৰৰ বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱা সকলেই নহয় কিন্তু অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক হোৱা সকলেও সেই প্ৰতিজ্ঞাৰ অন্তর্ভুক্ত হ’ব; (যি অব্ৰাহাম আমাৰ সকলোৰে পিতৃ
Romans 9:7 in Assamese 7 তেওঁলোক অব্ৰাহামৰ বংশ হোৱাত, সকলো যে তেওঁৰ সন্তান, সেয়াও নহয়; কিন্তু, “ইচহাকৰ পৰাহে তোমাৰ বংশৰ নাম বিখ্যাত হ’ব৷”
1 Corinthians 15:58 in Assamese 58 এতেকে, হে মোৰ প্ৰিয় ভাইসকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।
Galatians 3:29 in Assamese 29 আপোনালোক যদি খ্ৰীষ্টৰ হয়, তেনেহলে আপোনালোক অব্ৰাহামৰ বংশধৰও হৈছে আৰু অব্রাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে।