Isaiah 48:6 in Assamese 6 তুমি এই কথাৰ বিষয়ে শুনিলা; তুমি এই সকলো সাক্ষ্য চোৱা; আৰু মই যি কৈছিলো তাক জানো সত্য বুলি স্বীকাৰ নকৰিবা ? এতিয়াৰে পৰা মই তোমাক নতুন বিষয়বোৰ, তুমি আগেয়ে নজনা গুপ্ত বিষয়বোৰ তোমাক দেখুৱাও।
Other Translations King James Version (KJV) Thou hast heard, see all this; and will not ye declare it? I have shewed thee new things from this time, even hidden things, and thou didst not know them.
American Standard Version (ASV) Thou hast heard it; behold all this; and ye, will ye not declare it? I have showed thee new things from this time, even hidden things, which thou hast not known.
Bible in Basic English (BBE) All this has come to your ears and you have seen it; will you not give witness to it? I am now making clear new things, even secret things, of which you had no knowledge.
Darby English Bible (DBY) Thou heardest, see all this; -- and ye, will not ye declare [it]? I have caused thee to hear new things from this time, and things hidden, and that thou knewest not:
World English Bible (WEB) You have heard it; see all this; and you, will you not declare it? I have shown you new things from this time, even hidden things, which you have not known.
Young's Literal Translation (YLT) Thou hast heard, see the whole of it, And ye, do ye not declare? I have caused thee to hear new things from this time, And things reserved that ye knew not.
Cross Reference Psalm 40:9 in Assamese 9 মই মহা-সমাজত তোমাৰ মুক্তিৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰো; হে যিহোৱা, চোৱা, তুমিয়েই জানা মই যে ওঁঠ বন্ধ কৰি ৰখা নাই।
Psalm 71:15 in Assamese 15 মই মুখেৰে তোমাৰ ধাৰ্ম্মিকতাৰ কথা কম, ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম; তথাপিও মই বুজি পোৱা নাই।
Psalm 78:3 in Assamese 3 এই সকলো যি যি কথা আমি শুনিলো আৰু জানিলো, আমাৰ পূর্বপুৰুষসকলে আমাৰ ওচৰত সেইবোৰ কথা বর্ণনা কৰি গৈছে।
Psalm 107:43 in Assamese 43 যি জন জ্ঞানী, তেওঁ এই সকলো কথালৈ মনোযোগ দিয়ক, যিহোৱাৰ বিশ্বস্ত প্রেমৰ বিষয়ে ধ্যান কৰক।
Psalm 119:13 in Assamese 13 তোমাৰ মুখৰ সকলো ধার্মিক শাসন প্ৰণালী, মই নিজ ওঁঠেৰে বর্ণনা কৰিলোঁ;
Psalm 145:4 in Assamese 4 এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত তোমাৰ কাৰ্য্যবোৰৰ শলাগ ল’ব, তোমাৰ মহৎ কাৰ্য্যবোৰ প্ৰকাশ কৰিব।
Isaiah 21:10 in Assamese 10 হে মোৰ মৰণা মৰা আৰু পৰিষ্কাৰ জন, হে মোৰ মৰণা মৰা ঠাইৰ সন্তান, ইস্ৰায়েলৰ ঈশ্বৰ আৰু বাহিনীসকলৰ যিহোৱাৰ পৰা মই যি শুনিলোঁ, সেই কথা মই তোমালোকক ঘোষণা কৰিলোঁ।
Isaiah 42:9 in Assamese 9 চোৱা, আগৰ কথা ফলিয়ালে এতিয়া নতুন বিষয় মই প্ৰকাশ কৰোঁ; সেইবোৰ সিদ্ধ নহওঁতেই সেইবোৰৰ বিষয়ে মই তোমালোকক কওঁ।”
Isaiah 43:8 in Assamese 8 তোমালোকে চকু থকা অন্ধ লোকক, আৰু কাণ থকা কলা লোকক উলিয়াই আনা।
Isaiah 43:19 in Assamese 19 চোৱা, মই এক নতুন কাৰ্য কৰিবলৈ উদ্যত; সেয়ে এতিয়া ঘটিব; তোমালোকে জানো তাক নাজানিবা? মই অৰণ্যৰ মাজত পথ, আৰু মৰুভূমিৰ মাজত নদীবোৰ উৎপন্ন কৰিম।
Jeremiah 2:31 in Assamese 31 তেন্তে হে বৰ্ত্তমান কালৰ লোকসকল, তোমালোকে যিহোৱাৰ বাক্য আলোচনা কৰা। ইস্ৰায়েলৰ পক্ষে মই জানো অৰণ্য বা অন্ধকাৰময় দেশস্বৰূপ? তেন্তে মোৰ প্ৰজাসকলে কিয় কয় যে, আমি মুকলি হ’লোঁ, আমি তোমাৰ ওচৰলৈ আৰু নাযাওঁ?’
Jeremiah 50:2 in Assamese 2 তোমালোকে জাতিবিলাকৰ মাজত প্ৰচাৰ কৰা, ঘোষণা কৰা আৰু ধ্বজা তোলা; গুপুতে নাৰাখিবা; কোৱা, “বাবিল হাত কৰি লোৱা হ’ল, বেলে লাজ পালে, মৰোদক ব্যাকুল হ’ল; তাৰ মুৰ্ত্তিবোৰে লাজ পালে, তাৰ প্ৰতিমাবোৰ ব্যাকুল হ’ল”।
Daniel 12:8 in Assamese 8 মই শুনিলোঁ, কিন্তু বুজিব নোৱাৰিলোঁ; সেয়ে মই সুধিলোঁ, “হে মোৰ প্ৰভু, এইসকলো বিষয়ৰ পৰিনতি কি হ’ব?”
Amos 3:6 in Assamese 6 নগৰত ৰণশিঙা বজালে প্ৰজাসকল জানো নকঁপিব? যিহোৱাই নঘটালে জানো নগৰত বিপর্যয় ঘটে?
Micah 6:9 in Assamese 9 যিহোৱাই নগৰলৈ ঘোষণা কৰি কৈছে, এনে কি, এতিয়া প্রজ্ঞায়ো তোমাৰ নাম স্বীকাৰ কৰিছে: “তোমালোকে দণ্ড ডাললৈ আৰু যিজনে নিৰ্দ্দিষ্ট ঠাইত ইয়াক ৰাখিছে, সেই জনলৈ মনোযোগ দিয়া।
Matthew 10:27 in Assamese 27 মই তোমালোকক আন্ধাৰত যি কওঁ, সেইবোৰ তোমালোকে পোহৰত প্ৰকাশ কৰিবা আৰু তোমালোকে কাণেৰে যি শুনিছা, সেইবোৰ ঘৰৰ ওপৰত উঠি ঘোষণা কৰিবা।
John 15:15 in Assamese 15 এতিয়াৰ পৰা মই তোমালোকক দাস বুলি নকওঁ, কিয়নো প্ৰভুৱে যি কৰে দাসে সেই বিষয়ে নাজানে। মই তোমালোকক বন্ধু বুলি কওঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ; সেই বিষয়বোৰ তোমালোকক জনালোঁ।
Acts 1:8 in Assamese 8 কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হ’বা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হ’বা।”
Romans 16:25 in Assamese 25 এতিয়া যীচু খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্ৰচাৰ কৰিলোঁ, সেই শুভবাৰ্তাত ঈশ্বৰে আপোনালোকক স্থিৰ ৰাখিব৷ অনাদি কালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল, কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে আৰু সেইদৰেই মই প্ৰচাৰো কৰিলোঁ৷
1 Corinthians 2:9 in Assamese 9 কিন্তু এইদৰে লিখা আছে, ‘চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে, সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’,
1 Peter 1:10 in Assamese 10 যি ভাববাদী সকলে আপোনালোকৰ কাৰণে নিৰূপিত অনুগ্ৰহৰ বিষয়ে ভাববাণী কৰিছিল, তেখেত সকলে সেই পৰিত্ৰাণৰ বিষয়ে যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল৷
Revelation 1:19 in Assamese 19 গতিকে তুমি কি দেখিলা, এতিয়া কি আছে আৰু ইয়াৰ পাছত এই ঠাইত কি ঘটিব, এই সকলোবোৰ লিখা।
Revelation 4:1 in Assamese 1 সেই সকলোৰ পাছত মই চাই দেখিলোঁ, স্বৰ্গত এখন দুৱাৰ মেলা আছে আৰু মোৰে সৈতে কথা হোৱা, তুৰীৰ মাতৰ দৰে, যি মাত মই প্ৰথমে শুনিছিলোঁ, তেনে মাতেৰে কোনোবাই ক’লে, “ইয়ালৈ উঠি আহা; ইয়াৰ পাছত যি যি ঘটিব লাগে, সেইবোৰ মই তোমাক দেখুৱাম”।
Revelation 5:1 in Assamese 1 তেতিয়া মই দেখিলোঁ ‘সেই জনৰ সোঁ হাতে সিংহাসনত এজন বহি আছে, এটা পুথিৰ নুৰা আগফালে আৰু পাছফালে লিখা আৰু সাতোটা ছাবেৰে ছাব মৰা আছিল৷
Revelation 6:1 in Assamese 1 পাছত মই সেই মেষ-পোৱালি জনে সাতোটা ছাবৰ এটা মেলা দেখিলোঁ আৰু তেতিয়া সেই চাৰি জীৱিত প্ৰাণীৰ কোনো এটাই মেঘৰ নিচিনা গৰজি উঠা মাতেৰে কোৱা শুনিলোঁ, “আহা”!