Isaiah 45:21 in Assamese 21 ওচৰলৈ আহা আৰু মোৰ আগত এইতো ঘোষনা কৰা, প্রমান আনা! তেওঁলোকক একেলগে মিলিত হবলৈ দিয়া। কোনে আগৰ পৰা এইসকলো দেখুৱাই আহিছে? কোনে ঘোষনা কৰিছে? মই যিহোৱাই নহয়নে? মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, মই ন্যায়ৱান ঈশ্বৰ, আৰু ত্ৰাণকৰ্ত্তা; মোৰ বাহিৰে আন কোনো নাই।
Other Translations King James Version (KJV) Tell ye, and bring them near; yea, let them take counsel together: who hath declared this from ancient time? who hath told it from that time? have not I the LORD? and there is no God else beside me; a just God and a Saviour; there is none beside me.
American Standard Version (ASV) Declare ye, and bring `it' forth; yea, let them take counsel together: who hath showed this from ancient time? who hath declared it of old? have not I, Jehovah? and there is no God else besides me, a just God and a Saviour; there is none besides me.
Bible in Basic English (BBE) Give the word, put forward your cause, let us have a discussion together: who has given news of this in the past? who made it clear in early times? did not I, the Lord? and there is no God but me; a true God and a saviour; there is no other.
Darby English Bible (DBY) Declare and bring [them] near; yea, let them take counsel together: who hath caused this to be heard from ancient time? [who] hath declared it long ago? Is it not I, Jehovah? And there is no God else beside me; a just ùGod and a Saviour, there is none besides me.
World English Bible (WEB) Declare you, and bring [it] forth; yes, let them take counsel together: who has shown this from ancient time? who has declared it of old? Haven't I, Yahweh? and there is no God else besides me, a just God and a Savior; there is no one besides me.
Young's Literal Translation (YLT) Declare ye, and bring near, Yea, they take counsel together, Who hath proclaimed this from of old? From that time hath declared it? Is it not I -- Jehovah? And there is no other god besides Me, A God righteous and saving, there is none save Me.
Cross Reference Psalm 26:7 in Assamese 7 যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰো; তোমাৰ আচৰিত কৰ্ম্মবোৰ প্ৰচাৰ কৰিব পাৰো।
Psalm 71:17 in Assamese 17 হে ঈশ্বৰ, তুমি মোক লৰালি কালৰে পৰা শিক্ষা দি আহিছা; আৰু এতিয়ালৈকে মই তোমাৰ আছৰিত কাৰ্য্যবোৰ প্ৰকাশ কৰি আহিছোঁ।
Psalm 96:10 in Assamese 10 বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা, “যিহোৱা ৰজা! জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব। তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।”
Isaiah 41:1 in Assamese 1 হে দ্বীপবোৰ, মোৰ আগত নিজম দি শুনা, দেশবাসীয়ে নতুন বল পাওক; তেওঁলোকক ওচৰত আহি কথা পাতিব দিয়া, আহাঁ আমি একে লগে বিবাদৰ বিচাৰলৈ যাওহঁক।
Isaiah 41:22 in Assamese 22 তেওঁলোকক তেওঁলোকৰ প্রমাণ আমালৈ আনিবলৈ দিয়া হওক, আৰু আগলৈ কি ঘটিব, তাক আমাৰ আগত প্ৰকাশ কৰিবলৈ দিয়া হওক; সেয়ে আমি এই সকলো ভালদৰে বুজিব পাৰিম। আগেয়ে কৰা ভবিষ্যতবাণী আমাক কোৱা হওক, সেয়ে আমি তেওঁলোকৰ ওপৰত প্রতিফলিত কৰিম আৰু তেওঁলোকে কিদৰে সিদ্ধ কৰিব তাক জানিম।
Isaiah 41:26 in Assamese 26 কোনে ইয়াক আদিৰে পৰা প্ৰকাশ কৰিলে? আৰু কোনে আগতে কৰিলে? সেই কথা জানিবৰ বাবে, যাতে আমি ক’ব পাৰো “তেওঁ সত্য” বাস্তৱিকতে তেওঁলোকৰ কোনোৱে এই আজ্ঞা দিয়া নাছিল, তুমি কোৱা কথা কোনো শুনা নাছিল।
Isaiah 43:3 in Assamese 3 কিয়নো মই তোমাৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা, তোমাৰ ত্ৰাণকৰ্ত্তা; মই তোমাৰ মুক্তিস্বৰূপে মিচৰ, তোমাৰ সলনি কূচ আৰু চিবা দিলোঁ
Isaiah 43:9 in Assamese 9 সকলো দেশবাসী গোট খাওক, আৰু লোকসমূহ সমবেত হওক; তেওঁলোকৰ মাজৰ কোনে ইয়াক প্ৰকাশ কৰিব পাৰে? আৰু আগৰ কালৰ কথা কোনে আমাক শুনাব পাৰে? তেওঁলোকৰ নিজৰ কথা প্ৰমাণ কৰিবলৈ নিজৰ সাক্ষী আনক; তেওঁলোকক শুনা হওক আৰু “সেয়ে সচাঁ” বুলি নিশ্চিত কৰা হওক।
Isaiah 43:11 in Assamese 11 মই, ময়েই যিহোৱা, মোৰ বাহিৰে আন কোনো ত্ৰাণকৰ্ত্তা নাই।
Isaiah 44:7 in Assamese 7 মোৰ দৰে কোন হ’য়? তেওঁক এই বিষয়ে বর্ণনা কৰি মোক ক’ব দিয়া মোৰ প্রাচীন কালৰ লোকসকলক মই প্রতিষ্ঠা কৰাৰে পৰা, সেই বিষয়বোৰ ঘটি আহিছে, আৰু আহিবলগীয়া ঘটনাৰ কথা তেওঁলোকক ঘোষনা কৰিব দিয়া।
Isaiah 45:5 in Assamese 5 ময়েই যিহোৱা, সেইস্হানত আন কোনো নাই; মোৰ বাহিৰে কোনো ঈশ্বৰ নাই।
Isaiah 45:14 in Assamese 14 যিহোৱাই এইদৰে কৈছে, “মিচৰৰ পৰিশ্ৰম ফল আৰু কূচ দেশৰ বাণিজ্যদ্ৰব্য আৰু দীৰ্ঘকায়ী চবায়ীয়া লোকক তোমাৰ ওচৰলৈ অনা হ’ব। তেওঁলোক তোমাৰেই হ’ব।তেওঁলোক তোমাৰ পাছত চলোঁতা হ’ব; তেওঁলোক শাৰী পাতি আহিব। তেওঁলোকে তোমাৰ আগত প্ৰণিপাত কৰি এই বুলি প্ৰৰ্থনা কৰিব, ‘ নিশ্চয়ে তোমাৰ লগত ঈশ্বৰ আছে; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।’”
Isaiah 45:18 in Assamese 18 কোনে পৃথিবী সৃষ্টি কৰিলে আৰু গঠন কৰিলে কোনে তাক স্থাপন কৰিলে। তেওঁ অনৰ্থকৰূপে সৃষ্টি কৰা নাই, কিন্তু বাসস্থানৰ বাবেহে তাক নিৰ্মাণ কৰিলে, আকাশ মণ্ডল সৃষ্টি কৰা সেই সত্য ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ময়েই যিহোৱা, মোৰ কোনো সমকক্ষ নাই।
Isaiah 45:25 in Assamese 25 যিহোৱাতেই ইস্ৰায়েলৰ আটাই বংশ ধাৰ্মিক বুলি গণিত হ’ব, আৰু তেওঁত গৌৰৱ কৰিব।
Isaiah 46:9 in Assamese 9 সময়ৰ সৈতে পাৰ হৈ যোৱা আগৰ কথাবোৰ সোঁৱৰণ কৰা; কাৰণ ময়েই ঈশ্বৰ,আৰু আন কোনো নাই; ময়েই ঈশ্বৰ, মোৰ তুল্য কোনো নাই।
Isaiah 48:3 in Assamese 3 মই বহু দিনৰ আগৰে পৰা কথাবোৰ ঘোষনা কৰিলো; এনে কি, সেইবোৰ মোৰ মূখৰ পৰা ওলাল, আৰু মই সেইবোৰ জানিবলৈ দিলো; অকস্মাৎ মই সেইবোৰ সিদ্ধ কৰিলোঁ, আৰু সেইবোৰ ঘটি উঠিল।
Isaiah 48:14 in Assamese 14 তোমালোক সকলোৱে নিজকে সমবেত কৰা, আৰু শুনা; তোমালোকৰ মাজৰ কোনে এইবোৰ কথা প্ৰকাশ কৰিলে ? বাবিলৰ বিৰুদ্ধে যিহোৱা আৰু তেওঁৰ মিত্রই তেওঁৰ উদ্দেশ্য পূৰ্ণ কৰিব। তেওঁ কলদীয়াসকলৰ বিৰুদ্ধে যিহোৱাৰ ইচ্ছা পূর্ন কৰিব।
Isaiah 63:1 in Assamese 1 ইদোমৰ পৰা, বজ্রাৰ ৰঙা বস্ত্রেৰে সৌজন কোন আহিছে? ৰাজকীয় বস্ত্রেৰে, নিজৰ শক্তিৰ বাহুল্যত দৃঢ়তাৰে খোজ কাঢ়ি অহা জন কোন? “ধাৰ্ম্মিকতাৰে কথা কোৱা জন, আৰু পৰাক্রমেৰে পৰিত্ৰাণ কৰিবলৈ সমৰ্থ থকা জন মই।”
Jeremiah 23:5 in Assamese 5 যিহোৱাই কৈছে, “চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্ম্মিক গজালি উৎপন্ন কৰিম এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব।
Jeremiah 50:2 in Assamese 2 তোমালোকে জাতিবিলাকৰ মাজত প্ৰচাৰ কৰা, ঘোষণা কৰা আৰু ধ্বজা তোলা; গুপুতে নাৰাখিবা; কোৱা, “বাবিল হাত কৰি লোৱা হ’ল, বেলে লাজ পালে, মৰোদক ব্যাকুল হ’ল; তাৰ মুৰ্ত্তিবোৰে লাজ পালে, তাৰ প্ৰতিমাবোৰ ব্যাকুল হ’ল”।
Joel 3:9 in Assamese 9 তোমালোকে জাতিসকলৰ মাজত এই কথা ঘোষণা কৰা: ‘যুদ্ধ কৰিবলৈ সাজু হোৱা, বীৰ লোকসকলক জাগ্ৰত কৰা, তেওঁলোকক ওচৰলৈ আনা, আৰু আটাই ৰণুৱা উপস্থিত হওঁক।
Zephaniah 3:5 in Assamese 5 তাইৰ মাজত থকা যিহোৱা ধাৰ্ম্মিক; তেওঁ কোনো অন্যায় নকৰে; প্ৰতি-ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায়বিচাৰ কৰে। তেওঁৰ ন্যায়বিচাৰ পোহৰৰ পৰা লুকাই নাথাকিব, তথাপিও অপৰাধীৰ লজ্জাবোধ নাই।
Zephaniah 3:17 in Assamese 17 তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে; সেই পৰাক্রমীজনে তোমাক ৰক্ষা কৰিব; তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব; তেওঁ তেওঁৰ গভীৰ প্রেমেৰে সৈতে তোমাৰ বিষয়ে নীৰব হ’ব। তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব।
Zechariah 9:9 in Assamese 9 হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।
Romans 3:25 in Assamese 25 কাৰণ ঈশ্বৰে যীচু খ্ৰীষ্টক তেওঁৰ তেজৰ দ্ৱাৰাই বিশ্ৱাসৰ প্ৰতিকাৰ স্ৱৰূপে, তেওঁৰ স্বৰ্গীয় ধৈৰ্য গুণত, পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে, নিজ ধাৰ্মিকতা দেখুৱাবলৈ, তেওঁ যীচু খ্ৰীষ্টক দান কৰিলে৷
Titus 2:13 in Assamese 13 এতিয়া আমি যেন পৰমধন্য আশা সিদ্ধিৰ অৰ্থে মহান ঈশ্বৰ আৰু ত্ৰাণকর্তা যীচু খ্ৰীষ্টৰ প্ৰতাপৰ আবির্ভাৱৰ বাবে অপেক্ষা কৰি থাকো৷